মাংকি পক্স :বিশ্বৰ ২৭ খন দেশৰ ৭৮০ গৰাকী লোক আক্ৰান্ত

বিশ্বত শেহতীয়াকৈ ত্ৰাসৰ সৃষ্টি কৰা মাংকি পক্স এতিয়া বিশ্বৰ ২৭ খন দেশলৈ বিয়পি পৰিছে।

আজি  বিশ্ব স্বাস্থ্য সংস্থাই কয় যে ২৭ খন দেশৰ পৰা ৭৮০ টা পৰীক্ষাগাৰত মাঙ্কিপক্সৰ ঘটনা নিশ্চিত হোৱাৰ খবৰ পোৱা গৈছে।
অৱশ্যে এতিয়ালৈকে মাঙ্কিপক্সত আক্ৰান্ত হৈ কোনো লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা হোৱা নাই।

বিশ্বৰ ২৭ খন দেশত দুই শতাধিক লোক মাংকিপক্সত আক্ৰান্ত হৈছে। এই ৰোগ বিধে মহামাৰীৰো ৰূপ লোৱাৰ আশংকা আছে। এনে আশংকাই ব্যক্ত কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই।

বিশ্ব স্বাস্থ্য সংস্থাই কয় যে মাংকিপক্সৰ ঘটনা বিশ্বব্যাপী ৭৮০ লৈ বৃদ্ধি পাইছে। বিশ্ব ২৭ খন দেশত এই ৰোগ সংক্ৰমণৰ অধিক ঘটনা ঘটিছে। স্বাস্থ্য সংস্থাটোৱে মাংকিপক্স ৰোধ কৰিবলৈ কিছুদিন পূৰ্বে ভেকছিন আৰু ঔষধৰ ভাণ্ডাৰ সৃষ্টি কৰিবলৈ দেশ সমূহক পৰামৰ্শ দিছিল।

মাংকিপক্সৰ প্ৰাদুৰ্ভাৱৰ বিষয়ে এতিয়াও বহু কথা জানিবলগীয়া আছে বুলি মন্তব্য কৰি স্বাস্থ্য সংস্থাটোৱে ৰোগ বিধ সন্দৰ্ভত সকলোকে সতৰ্ক হৈ থকাৰ আহ্বান জনাইছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মহামাৰী আৰু মহামাৰী ৰোগৰ সঞ্চালক ডাঃ চিলভি ব্ৰিয়াণ্ডে কয় যে ভাইৰাছবিধৰ প্ৰকৃতি ভালদৰে অনুধাৱন কৰিব লাগিব।মাংকিপক্সৰ সংক্ৰমণৰ ইতিমধ্যে ইউৰোপৰ ইংলেণ্ড, জাৰ্মানী, ফ্ৰান্স, বেলজিয়াম, চুইডেন, ইটালীলৈ বিয়পি পৰিছে। এই ৰোগটো আমেৰিকা যুক্তৰাজ্য, কানাডা আৰু অষ্ট্ৰেলিয়াতো পোৱা গৈছে। ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে মাংকিপক্সৰ বিষয়ে দেশবাসীক সতৰ্ক কৰি দিছে।

বিদেশৰ পৰা অহা বহু লোকক ভাৰত পোৱাৰ পিছতে স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে।

অনাগত দিনত এই ৰোগৰ সংক্ৰমণ আৰু বৃদ্ধি পাব পাৰে বুলি বিশ্ব স্বাস্থ্য সংস্থাই সতৰ্কবাণী শুনাইছে।

মাংকিপক্স হৈছে এক বিৰল ৰোগ। এই ৰোগ বিধ এটা সময়ত আফ্ৰিকাৰ কিছুমান দেশত চিনাক্ত কৰা হৈছিল।
বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, কিছুমান লোকৰ ক্ষেত্ৰত ৰোগ বিয়পাৰ হাৰ তুলনামূলকভাৱে অধিক। এইটোও সন্দেহ কৰা হয় যে ৰোগটো যৌন কাৰ্যৰ দ্বাৰা বিয়পে, বিশেষকৈ সমকামী পুৰুষৰ মাজত মাংকিপক্সৰ সংক্ৰমণৰ আশংকা বেছি।