বিশ্বৰ কুৰি খন দেশত দুই শতাধিক লোক মাংকিপক্সত আক্ৰান্ত হৈছে। এই ৰোগ বিধে মহামাৰীৰো ৰূপ লোৱাৰ আশংকা আছে। এনে আশংকাই ব্যক্ত কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই।
বিশ্ব স্বাস্থ্য সংস্থাই শুকুৰবাৰে কয় যে মাংকিপক্সৰ ঘটনা বিশ্বব্যাপী ২০০ লৈ বৃদ্ধি পাইছে। বিশ্ব ২০ খন দেশত এই ৰোগ সংক্ৰমণৰ অধিক ঘটনা ঘটিছে। স্বাস্থ্য সংস্থাটোৱে মাংকিপক্স ৰোধ কৰিবলৈ কিছুদিন পূৰ্বে ভেকছিন আৰু ঔষধৰ ভাণ্ডাৰ সৃষ্টি কৰিবলৈ দেশ সমূহক পৰামৰ্শ দিছিল।
মাংকিপক্সৰ প্ৰাদুৰ্ভাৱৰ বিষয়ে এতিয়াও বহু কথা জানিবলগীয়া আছে বুলি মন্তব্য কৰি স্বাস্থ্য সংস্থাটোৱে ৰোগ বিধ সন্দৰ্ভত সকলোকে সতৰ্ক হৈ থকাৰ আহ্বান জনাইছে।
বিশ্ব স্বাস্থ্য সংস্থাৰ মহামাৰী আৰু মহামাৰী ৰোগৰ সঞ্চালক ডাঃ চিলভি ব্ৰিয়াণ্ডে কয় যে ভাইৰাছবিধৰ প্ৰকৃতি ভালদৰে অনুধাৱন কৰিব লাগিব।মাংকিপক্সৰ সংক্ৰমণৰ ইতিমধ্যে ইউৰোপৰ ইংলেণ্ড, জাৰ্মানী, ফ্ৰান্স, বেলজিয়াম, চুইডেন, ইটালীলৈ বিয়পি পৰিছে। এই ৰোগটো আমেৰিকা যুক্তৰাজ্য, কানাডা আৰু অষ্ট্ৰেলিয়াতো পোৱা গৈছে। ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে মাংকিপক্সৰ বিষয়ে দেশবাসীক সতৰ্ক কৰি দিছে।
বিদেশৰ পৰা অহা বহু লোকক ভাৰত পোৱাৰ পিছতে স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে।
অনাগত দিনত এই ৰোগৰ সংক্ৰমণ আৰু বৃদ্ধি পাব পাৰে বুলি বিশ্ব স্বাস্থ্য সংস্থাই সতৰ্কবাণী শুনাইছে।
মাংকিপক্স হৈছে এক বিৰল ৰোগ। এই ৰোগ বিধ এটা সময়ত আফ্ৰিকাৰ কিছুমান দেশত চিনাক্ত কৰা হৈছিল।
সেইসময়ত ভুক্তভোগীসকলৰ বেছিভাগেই ৫ বছৰৰ তলৰ শিশু আছিল। কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে এই ৰোগ প্ৰাপ্তবয়স্ক লোকসকলৰ মাজতো বিয়পি পৰিছে। যিমান দূৰ জনা যায় এই ৰোগৰ তীব্ৰতা স্মলপক্সতকৈ কম।
কিন্তু চিকেনপক্সতকৈ অধিক। জ্বৰ, হাত আৰু ভৰিৰ বিষ, গোটেই শৰীৰত জলা বন্ধা আদি লক্ষণ সমূহে দেখা দিয়ে।
এই লক্ষণবোৰ ২ সপ্তাহৰ পৰা ৪ সপ্তাহলৈকে থাকে। তাৰ পিছত, ৰোগটো নিজেই প্ৰশমিত হয়। মাংকিপক্সৰ এতিয়ালৈকে কোনো ঔষধ বা ভেকছিন ওলোৱা নাই। অৱশ্যে, যিসকলে পক্স ভেকছিন গ্ৰহণ কৰিছে, তেওঁলোকৰ বাবে এই ৰোগৰ তীব্ৰতা কম হয় বুলি ধাৰণা কৰা হৈছে।
বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, কিছুমান লোকৰ ক্ষেত্ৰত ৰোগ বিয়পাৰ হাৰ তুলনামূলকভাৱে অধিক। এইটোও সন্দেহ কৰা হয় যে ৰোগটো যৌন কাৰ্যৰ দ্বাৰা বিয়পে, বিশেষকৈ সমকামী পুৰুষৰ মাজত মাংকিপক্সৰ সংক্ৰমণৰ আশংকা বেছি।
বিপৰীত লিংগৰ যৌন মিলনৰ দ্বাৰাও এই ৰোগ বিয়পিব পাৰে, যদিহে কোনোৱা এগৰাকীৰ দেহত এই ভাইৰাছ থাকে।মাংকিপক্সত আক্ৰান্ত লোকৰ ৰোগ বিধত মৃত্যু হোৱাৰ আশংকা কম কিন্তু ব্যক্তিভেদে ৰোগ বিধে বিষম পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে।
যিসকল লোকৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা কম তেনে লোক এই ৰোগ বিধত আক্ৰান্ত হ’লে জটিলতা বৃদ্ধি পাব পাৰে।