• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বৰ কুৰি খন দেশলৈ বিয়পিছে মাংকিপক্স, উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
May 27, 2022 8:42 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বৰ কুৰি খন দেশত দুই শতাধিক লোক মাংকিপক্সত আক্ৰান্ত হৈছে। এই ৰোগ বিধে মহামাৰীৰো ৰূপ লোৱাৰ আশংকা আছে। এনে আশংকাই ব্যক্ত কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই।

বিশ্ব স্বাস্থ্য সংস্থাই শুকুৰবাৰে কয় যে মাংকিপক্সৰ ঘটনা বিশ্বব্যাপী ২০০ লৈ বৃদ্ধি পাইছে। বিশ্ব ২০ খন দেশত এই ৰোগ সংক্ৰমণৰ অধিক ঘটনা ঘটিছে। স্বাস্থ্য সংস্থাটোৱে মাংকিপক্স ৰোধ কৰিবলৈ কিছুদিন পূৰ্বে ভেকছিন আৰু ঔষধৰ ভাণ্ডাৰ সৃষ্টি কৰিবলৈ দেশ সমূহক পৰামৰ্শ দিছিল।

Apply Now

মাংকিপক্সৰ প্ৰাদুৰ্ভাৱৰ বিষয়ে এতিয়াও বহু কথা জানিবলগীয়া আছে বুলি মন্তব্য কৰি স্বাস্থ্য সংস্থাটোৱে ৰোগ বিধ সন্দৰ্ভত সকলোকে সতৰ্ক হৈ থকাৰ আহ্বান জনাইছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মহামাৰী আৰু মহামাৰী ৰোগৰ সঞ্চালক ডাঃ চিলভি ব্ৰিয়াণ্ডে কয় যে ভাইৰাছবিধৰ প্ৰকৃতি ভালদৰে অনুধাৱন কৰিব লাগিব।মাংকিপক্সৰ সংক্ৰমণৰ ইতিমধ্যে ইউৰোপৰ ইংলেণ্ড, জাৰ্মানী, ফ্ৰান্স, বেলজিয়াম, চুইডেন, ইটালীলৈ বিয়পি পৰিছে। এই ৰোগটো আমেৰিকা যুক্তৰাজ্য, কানাডা আৰু অষ্ট্ৰেলিয়াতো পোৱা গৈছে। ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে মাংকিপক্সৰ বিষয়ে দেশবাসীক সতৰ্ক কৰি দিছে।

বিদেশৰ পৰা অহা বহু লোকক ভাৰত পোৱাৰ পিছতে স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে।

অনাগত দিনত এই ৰোগৰ সংক্ৰমণ আৰু বৃদ্ধি পাব পাৰে বুলি বিশ্ব স্বাস্থ্য সংস্থাই সতৰ্কবাণী শুনাইছে।

মাংকিপক্স হৈছে এক বিৰল ৰোগ। এই ৰোগ বিধ এটা সময়ত আফ্ৰিকাৰ কিছুমান দেশত চিনাক্ত কৰা হৈছিল।

সেইসময়ত ভুক্তভোগীসকলৰ বেছিভাগেই ৫ বছৰৰ তলৰ শিশু আছিল। কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে এই ৰোগ প্ৰাপ্তবয়স্ক লোকসকলৰ মাজতো বিয়পি পৰিছে। যিমান দূৰ জনা যায় এই ৰোগৰ তীব্ৰতা স্মলপক্সতকৈ কম।

কিন্তু চিকেনপক্সতকৈ অধিক। জ্বৰ, হাত আৰু ভৰিৰ বিষ, গোটেই শৰীৰত জলা বন্ধা আদি লক্ষণ সমূহে দেখা দিয়ে।

এই লক্ষণবোৰ ২ সপ্তাহৰ পৰা ৪ সপ্তাহলৈকে থাকে। তাৰ পিছত, ৰোগটো নিজেই প্ৰশমিত হয়। মাংকিপক্সৰ এতিয়ালৈকে কোনো ঔষধ বা ভেকছিন ওলোৱা নাই। অৱশ্যে, যিসকলে পক্স ভেকছিন গ্ৰহণ কৰিছে, তেওঁলোকৰ বাবে এই ৰোগৰ তীব্ৰতা কম হয় বুলি ধাৰণা কৰা হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, কিছুমান লোকৰ ক্ষেত্ৰত ৰোগ বিয়পাৰ হাৰ তুলনামূলকভাৱে অধিক। এইটোও সন্দেহ কৰা হয় যে ৰোগটো যৌন কাৰ্যৰ দ্বাৰা বিয়পে, বিশেষকৈ সমকামী পুৰুষৰ মাজত মাংকিপক্সৰ সংক্ৰমণৰ আশংকা বেছি।

বিপৰীত লিংগৰ যৌন মিলনৰ দ্বাৰাও এই ৰোগ বিয়পিব পাৰে, যদিহে কোনোৱা এগৰাকীৰ দেহত এই ভাইৰাছ থাকে।মাংকিপক্সত আক্ৰান্ত লোকৰ ৰোগ বিধত মৃত্যু হোৱাৰ আশংকা কম কিন্তু ব্যক্তিভেদে ৰোগ বিধে বিষম পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে।

যিসকল লোকৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা কম তেনে লোক এই ৰোগ বিধত আক্ৰান্ত হ’লে জটিলতা বৃদ্ধি পাব পাৰে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

July 5, 2026 12:13 pm
অৱনমিত ভাৰতৰ পাছপ’ৰ্ট ৰেংকিং, ১০০-ৰ তালিকাতো নাই; শীৰ্ষ ১০-ত কোনবোৰ দেশ?

অৱনমিত ভাৰতৰ পাছপ’ৰ্ট ৰেংকিং, ১০০-ৰ তালিকাতো নাই; শীৰ্ষ ১০-ত কোনবোৰ দেশ?

July 5, 2026 11:20 am
ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

July 5, 2026 9:58 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

July 5, 2026 12:13 pm
অৱনমিত ভাৰতৰ পাছপ’ৰ্ট ৰেংকিং, ১০০-ৰ তালিকাতো নাই; শীৰ্ষ ১০-ত কোনবোৰ দেশ?

অৱনমিত ভাৰতৰ পাছপ’ৰ্ট ৰেংকিং, ১০০-ৰ তালিকাতো নাই; শীৰ্ষ ১০-ত কোনবোৰ দেশ?

July 5, 2026 11:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd