পেগাছাছৰ ফোন টেপিঙৰ তালিকাত NSCN-IM ৰ সদস্যৰো ফোন নম্বৰ

nscn

ইজৰাইলৰ স্পাইৱেৰ পেগাছাছৰ নজৰত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বহু লোক পৰিছে। শেহতীয়াকৈ পেগাছাছৰ ফোন টেপিঙৰ তালিকাত থকা ৩০০ ভাৰতীয়ক চিনাক্ত কৰা হৈছে।

তেওঁলোকৰ ভিতৰত বহু সাংবাদিক, ছাত্ৰ নেতা, ৰাজনীতিক আদি বিভিন্ন ক্ষেত্ৰৰ লোক আছে। পেগাছাছৰ ফোন টেপিঙৰ তালিকাত আনকি NSCN-IM ৰো সদস্যৰ ফোন নম্বৰ অন্তৰ্ভূক্ত হৈছিল।

The Wire ৰ বিশ্লেষণত এই কথা স্পষ্ট হৈ পৰিছে যে নাগালেণ্ডৰ বিদ্ৰোহী সংগঠন NSCN-IM ৰ চাৰি জন সদস্যৰো ফোন টেপিং হৈছিল।

একেদৰে দিল্লীত থকা মণিপুৰৰ এগৰাকী লেখকৰো নম্বৰ টেপ হৈছিল।পোহৰলৈ অহা তথ্য অনুসৰি NCSN-IM ৰ নেতা এটেম ভাছুম,আপাম মুইভা,এন্থনী ছিমৰে আৰু ফুংথিং ছিমৰাঙৰ ফোন নম্বৰ পেগাছাছে টেপ কৰিছিল।

একেদৰে মণিপুৰৰ লেখক মালেম নিংথৌজাৰ ফোনো টেপ কৰা হৈছিল।নগা শান্তি প্ৰক্ৰিয়া বিঘ্নিত কৰাৰ বাবেই এনেদৰে তেওঁলোকৰ ফোন টেপ কৰা হৈছিল বুলি সন্দেহ কৰা হৈছে।

পেগাছাছৰ ফোন টেপিঙৰ তালিকাত মনছাণ্টো বায়’টেক ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰো বহু কেইজন বিষয়াৰ নাম ওলাইছে। এই কোম্পানীটোৱে বিটি কটন অৰ্থাৎ জেনেটিক কপাহৰ বিপননৰ সৈতে জৰিত। মহাৰাষ্ট্ৰ চৰকাৰে এই কোম্পানীটোৰ বিৰুদ্ধে অনিয়মৰ তদন্ত কৰিবলৈ ২০১৮ চনতে বিশেষ তদন্তকাৰী গোট গঠন কৰিছিল।

কোম্পানীটোৱে অকৰ্তৃত্বশীল ভাবে বিটি কটন চীড উৎপাদন তথা বিপনন কৰাৰ অভিযোগ উঠিছিল।

আনকি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়েও কোম্পানীটোৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিছিল।মনছাণ্টো বায়’টেক ইণ্ডিয়া প্ৰাইভেট লিমিটেড কোম্পানীটোৰ ৬ জন বিষয়াৰ ফোন টেপ কৰা হৈছিল বুলি The Wire ৰ বিশ্লেষণত প্ৰকাশ পাইছে।

অসমৰো আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়াৰ ফোন পেগাছাছে টেপ কৰাৰ কথা প্ৰমাণ হৈছে।