NORTHEAST NOW (Assamese)

গোলাঘাটত নতুনকৈ দুজন লোকৰ দেহত কোভিডৰ সংক্ৰমণ; আক্ৰান্তৰ সংখ্যা ১৩ লৈ বৃদ্ধি

April 8, 2021 7:03 am · মীনাক্ষী ফুকন
প্ৰতিনিধিত্বমূলক ফটো।

বুধবাৰে গোলাঘাট জিলাত নতুনকৈ দুজন লোকৰ দেহত কোৱিড-19ৰ সংক্ৰমণ ধৰা পৰিছে।

ইয়াকে লৈ জিলাখনত বৰ্তমান সক্ৰিয় কোৱিড ৰোগীৰ সংখ্যা ১৩ লৈ বৃদ্ধি পাইছে।

ইয়াৰে ১০জন ঘৰতে আছুতীয়াকৈ থকাৰ বিপৰীতে দুজন লোক যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটেল আৰু এজন গুৱাহাটীত চিকিৎসাধীন হৈ আছে।

বুধবাৰে ৭৭৪জন লোকৰ ৰেপিড এন্টিজেন টেষ্ট আৰু ১২ জনৰ আৰটিপিচিআৰ পৰীক্ষা কৰা হয়।

নতুনকৈ কোভিডৰ সংক্ৰমণ ধৰা পৰা এজন লোক তিনিচুকীয়াৰ পৰা গোলাঘাটলৈ আহিছিল আৰু আনজন এই ৰোগত আক্ৰান্ত লোকৰ সংস্পৰ্শলৈ অহাৰ ফলত সংক্ৰমিত হৈছে।

উল্লেখযোগ্য যে কালি জিলাখনৰ তেলগৰমত সংক্ৰমণ ধৰা পৰা এজন লোক ওড়িশাৰ পৰা আহিছিল।

জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে এই ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱালৈ চাই সকলো লোককে ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাৰ লগতে কোৱিড-19ৰ স্বাস্থ্যবিধিসমূহ কঠোৰভাৱে মানি চলিবলৈ আহ্বান জনাইছে।

Related News