গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত পাইকানত বুধবাৰে দুপৰীয়া এটা সুগৰী পহুৰ মৃত্যু ঘটে৷
জানিব পৰা মতে, বুধবাৰে দুপৰীয়া খাদ্যৰ সন্ধানত কাষৰীয়া বনাঞ্চলৰ পৰা পাইকানৰ জনাঞ্চললৈ নামি আহে দুটা সুগৰী পহু৷
আকস্মিকভাৱে দুটা পহু একেলগে দেখা পাই স্থানীয় কিছু সংখ্যক লোকে জন্তু দুটা কৰায়ত্ত কৰাৰ চেষ্টা কৰে৷
এনে পৰস্থিতিত এটা সুগৰী পহু পলাই সাৰে যদিও আনটো পহু আতংকিত হৈ মৃত্যু মুখত পৰে৷
ঘটনা সন্দৰ্ভত কৃষ্ণাই মধ্যাঞ্চলিক বন বিভাগ জ্ঞাত হোৱাত আৰক্ষী বিষয়াসহ বনৰক্ষীৰ দল এটা ঘটনাস্থলীত গৈ উপস্থিত হয় আৰু মৃত সুগৰী পহুটো বন কাৰ্যালয়লৈ লৈ আহে৷
বন বিভাগে জনোৱা অনুসৰি সুগৰী পহুটোক কোনোবাই হত্যা কৰিলে নে খাদ্যত বিষক্ৰিয়া হৈ মৃত্যু মুখত পৰিলে সেয়া পৰীক্ষা কৰিলেহে স্পষ্ট হ’ব৷
ইফালে এনেদৰে সুগৰী পহুৰ মৃত্যু ঘটাৰ বাতৰিয়ে প্ৰকৃতিপ্ৰেমী সকলৰ মাজত বিষাদৰ সৃষ্টি কৰিছে।