DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৃষ্ণাইত একেখন গাঁৱৰে ৩০ গৰাকী লোক কৰোনাত আক্ৰান্ত : হস্তিনাপুৰক কন্টেইনমেন্ট জ’ন ঘোষণা

দণ্ডাধীশৰ উপস্থিতিত ছীল কৰি দিয়া হ’ল অঞ্চলটোৰ সমগ্ৰ বাট পথ

নীলমণি শৰ্মা by নীলমণি শৰ্মা
May 20, 2021 7:27 am
Krishnai
265
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাত পুনঃ বৃদ্ধি পাইছে কনটেইনমেন্ট জ’নৰ সংখ্যা৷ জিলাখনত ইতিমধ্যে নাৰেংগাবাৰী, বৰবৰী, ডুবাপাৰা আৰু পাখিৰীগুৰি, লালাৰড়ী অঞ্চলটোক কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰাৰ পিছত পুনৰ আন এক অঞ্চলক কন্টেইনমেন্ট জ’ন ৰূপে ঘোষণা কৰিলে জিলা প্ৰশাসনে৷

জিলাখনত নতুনকৈ ঘোষিত কন্টেইনমেন্ট জ’নটো হৈছে কৃষ্ণাইৰ হস্তিনাপুৰ৷

কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম দায়ৰঙৰ হস্তিনাপুৰ গাঁওখনক কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰি বুধবাৰে দণ্ডাধীশৰ উপস্থিতিত গাঁওঁখনত প্ৰৱেশ কৰা সকলো বাট পথ ছীল কৰি দিয়ে প্ৰশাসনে৷

উল্লেখ্য যে হস্তিনাপুৰ গাঁওখনৰ ৭০ টা পৰিয়ালৰ মুঠ ৩০ গৰাকী লোকৰ দেহত কৰোনা পজিটিভ ধৰা পৰাত জিলা প্ৰশাসনে ১২ মে’ তাৰিখে কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰে এলেকাটোক৷

ইফালে গাঁওখনত কৰোনা ৰোগীৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ কাৰণ গাঁওখনৰ চুবুৰী এটাত এতিয়াও বহু লোক কৰোনা পৰীক্ষা কৰোৱা নাই বুলি স্থানীয় সূত্ৰত প্ৰকাশ৷

পৰিতাপৰ কথা এয়ে যে কৰোনা মহামাৰীৰ দ্বিতীয় লহৰত গ্ৰাম্যাঞ্চলৰ লোক অধিক হাৰত আক্ৰান্ত হৈছে যদিও গোৱালপাৰা জিলাৰ বহু সংখ্যক গাৱঁৰ লোক এই ক্ষেত্ৰত এতিয়াও সচেতন নহয়৷

যাৰ ফলত জিলাখনত দ্ৰুত গতিত বৃদ্ধি পাইছে কৰোনা পজিটিভ ৰোগীৰ সংখ্যা৷ জিলাখনত বৰ্তমানলৈ কৰোনা ৰোগীৰ সংখ্যা ৯২৩ গৰাকী৷ আনহাতে, ইতিমধ্যে জিলাখনত ১৮ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে কৰোনা মহামাৰীত৷

Tags: COVID-19

Recent News

শিলসাঁকোৰ উচ্ছেদৰ নামত বিভাজন! নলা আৱদ্ধ কৰি বাসগৃহ নিৰ্মাণ কৰা নাই বুলি দাবী!

sweating

Sweating: গৰমৰ দিনত ঘাম ওলোৱাতো স্বাভাৱিক, কিন্তু অত্যাধিক ঘাম ওলোৱা কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি জানেনে?

Assam flood Manipur Landslide Hiren Gohain

বানপানী, জলবায়ু সংকট, জীৱন সংকট

Boris Johnson

শীঘ্ৰেই প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব বৰিছ জনছনে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd