• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

“১ কোটিতকৈ অধিক বাংলাদেশী মুছলমানৰ নাম NRC-ত সোমাল”

হাজেলাক মুছলমানে ফোন কৰি দম দিছিল নাম সুমুৱাবলৈ : শিলাদিত্য

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , August 31, 2019 8:23 pm

2 min read

3.5k
VIEWS
Share on FacebookShare on Twitter

বিজেপি বিধায়ক শিলাদিত্যৰ মতে, ১ কোটিতকৈ অধিক বাংলাদেশী মুছলমানৰ নাম আজি প্ৰকাশ হোৱা এন আৰ চিত সোমাল।

আজি উন্নীতকৃত চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ পিছতে এই অদ্ভুত দাবীৰেই প্ৰথম প্ৰতিক্ৰিয়া বিধায়কজনৰ। শিলাদিত্যই তেওঁৰ বিধায়ক আৱাসত এখন সংবাদমেল দি এই প্ৰতিক্ৰিয়া কৰিছে।

সততে বিতৰ্কিত মন্তব্য কৰি অহা বিধায়কজনক ৩০ আগষ্টত সংবাদমেল দিয়াৰ পৰা তেওঁৰ দলেই বাৰণ কৰিছিল।

উল্লেখ কৰিব পাৰি, ২০১১ চনৰ লোকপিয়ল মতে, অসমত মুছলমান লোকৰ সংখ্যাটো হ’ল ১,০৬,৭৯,৩৪৫গৰাকী (এক কোটি ছয় লাখ ঊনাশী হাজাৰ তিনিশ পঞ্চলিচ)।

হোজাইৰ বিধায়কজনে বাদ পৰা ১৯ লাখৰ বেছি সংখ্যকেই হিন্দু লোক বুলি কৈ বিধায়কজনে হিন্দু শৰণাৰ্থীৰ নাম এন আৰ চিৰ পৰা বাদ পৰা বুলিও ক্ষোভ ব্যক্ত কৰে।

“বহু ভাৰতীয় হিন্দু লোক ১৯৭১-ৰ পূৰ্বে অহা সত্ত্বেও তেওঁলোকৰ হাতত নথি-পত্ৰ নথকা বাবে বিদেশী হ’ব লগীয়া হ’ল”, সংবাদমেলত বিধায়কজনৰ মন্তব্য।

হিন্দুসকলৰ এই দুৰ্দশাৰ বিপৰীতে ১৯৭১ চনৰ পাছত অসমলৈ অহা মুছলমান বাংলাদেশীৰ নাম অহাৰ কাৰণ “নথি-পত্ৰৰ জালিয়াতি আৰু টকাৰ খেল” বুলি দাবী বিধায়ক দেবৰ।

“মুছলমানে হাজেলাক ফোন কৰি দম দিয়া বাবেই ভয়তে বাংলাদেশী মুছলমানৰ নাম অন্তৰ্ভুক্ত কৰি দিলে”, হাজেলাৰ ফোন কল ডিটেইল উলিয়াই তদন্ত কৰিলেই কথাটো পোহৰলৈ আহিব বুলি কৈ অদ্ভুত দাবী বিধায়কজনৰ।

তেওঁ নিজেও বাংলাদেশী মুছলমানৰ বিৰুদ্ধে মাত মাতি ফোনত দিনে ৪০০-অতকৈও অধিক বাংলাদেশী মুছলমানৰ দম সহিব লগীয়া হৈছিল বুলি জানিবলৈ দিয়ে।

“টকাৰ বাবেও হয়তো হাজেলাই বাংলাদেশী মুছলমানৰ নাম সুমুৱাইছে” বুলিও সন্দেহ প্ৰকাশ কৰে বিধায়কজনে।

এন আৰ চি অসমীয়াৰ ৰক্ষাকৱচ আৰু জাতীয় দলিল নহৈ হ’লগৈ বাংলাদেশী মুছলমানক ৰক্ষণাবেক্ষণৰ আহিলা, বিধায়কজনৰ মন্তব্য।

আছু নেতৃত্বক কটাক্ষ কৰি বিধায়কজনে কয়, “আছু নেতৃত্বই খচৰা প্ৰকাশৰ সময়ত মিঠাই খাই আনন্দ কৰিছিল। কিন্তু আজি কিয় দুখ কৰি কান্দি আছে? তেওঁলোকে স্বীকাৰ কৰিব লাগিব তেওঁলোকে যে মিঠাই খাই ভুল কৰিছিল।”

তেওঁৰ মতে, অসম আন্দোলন কাটা তাঁৰেৰে পাৰ হৈ অহা বাংলাদেশী মূলৰ মুছলমানৰ বিৰুদ্ধেহে হৈছিল, হিন্দু শৰণাৰ্থীৰ বিৰুদ্ধে হোৱা নাছিল।

Recent News

Paresh-Baruah-1-750x375

প্ৰধান মন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণৰ পূৰ্বে ডিগবৈৰ সেনা শিবিৰত আলফা(স্বা)ৰ বোমা বিস্ফোৰণ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ শুকানজূলী ফায়াৰিং ৰেঞ্জত পৰিত্যক্ত অৱস্থাত ড্ৰোন উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ শুকানজূলী ফায়াৰিং ৰেঞ্জত পৰিত্যক্ত অৱস্থাত ড্ৰোন উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

জখলাবন্ধাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী

জখলাবন্ধাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd