জনতাৰ প্ৰতিবাদৰ কথা বাদেই! গুৱাহাটী মহানগৰীৰ পৰিৱেশলৈ অহা ভাবুকিলৈও চিন্তা নকৰে এইখন চৰকাৰে। উৰণসেতু নিৰ্মাণৰ বাবে ভৰলুত নিশাৰ ভিতৰতে কাটি শেষ কৰিল প্ৰায় ১০ জোপাতকৈ অধিক গছ।
উৰণসেতু নিৰ্মাণৰ বাবে দীঘলীপুখুৰীৰ পাছত ভৰলুমুখত গছ কটাৰ প্ৰস্তুতি চলাইছিল অসম চৰকাৰে। ভৰলুমুখৰ আৰ কে চি পথত ৭০ জোপা গছ কাটিবলৈ চলাইছিল যো-জা। ৭০ জোপা গছৰ গাৰ ছাল কাটি নাম্বাৰিং কৰি ৰাখিছে লোক নিৰ্মাণ বিভাগে।
লোক নিৰ্মাণ বিভাৰ কাৰ্যক লৈ জাঙুৰ খাই উঠিছিল প্ৰকৃতিপ্ৰেমী। উন্নয়ন নিবিচাৰে কোনে? পিছে উন্নয়নৰ নামত অসম চৰকাৰে এফালৰ পৰা নষ্ট কৰিছে প্ৰাকৃতিক পৰিৱেশ। কিছু দিন পূৰ্বে উৰণ সেঁতু নিৰ্মাণৰ বাবে দীঘলী পুখুৰীৰ পাৰৰ গছ কটাৰ বিৰুদ্ধে ওলাই আহিছিল হাজাৰ হাজাৰ লোক। প্ৰতিবাদ চলিছিল দিনে নিশাই। তাৰ পিছতেই গছ কটাৰ সিদ্ধান্ত সলনি কৰিছিল অসম চৰকাৰে।
কিন্তু তাৰ পিছতেই একেটা মাহতেই পুনৰ ভৰলুমুখত উৰণ সেঁতু নিৰ্মাণৰ বাবে ৭০ জোপা গছ দিয়াৰ কাটিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল লোক নিৰ্মাণ বিভাগে। যাৰ বাবে পুনৰবাৰ ৰাজপথলৈ ওলাই আহিছিল শ শ লোক। গছ কটাৰ বিৰুদ্ধে ভৰলুমুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল ছাত্ৰ সমাজে। কিন্তু প্ৰতিবাদৰ পিছতো লোক নিৰ্মাণ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেন নিজৰ স্থিতেই বৰ্তি থাকিল। নিশাই আহি ভৰলুত কাটিলে প্ৰায় ১০ জোপাৰো অধিক গছ।
ইমান প্ৰতিবাদৰ পিছতো গছ কাটিবলৈ চৰকাৰে লোৱা এই সিদ্ধান্তহে আচৰিত হৈছে সাধাৰণ জনতা।