চাইবাৰ অপৰাধ! ইউটিউব লাইক কৰি ৭০০ কোটিৰো অধিক টকা হেৰুৱালে ১৫ হাজাৰৰো অধিক ভাৰতীয়ই

আন্তঃৰাষ্ট্ৰীয় প্ৰৱঞ্চনাৰ জালত পৰি দেশৰ জনসাধাৰণে লাখ লাখ টকা হেৰুৱাইছে। ইয়াৰ ভিতৰত কেইবাজনো অভিযন্তাও আছে বুলি জানিব পৰা গৈছে। চাকৰিৰ নামত চলি আছে অভিনৱ জালিয়াতি। গুগল, ইউটিউবত মেলি দিয়া হৈছে ‘ৰিভিউ’ টোপ। আজিকালি কিবা এটা জানিব খুজিলেই গুগল, ইউটিউবত সন্ধান কৰাটো আমাৰ ডাঙৰ অভ্যাস।

যদি আপুনি কিবা এটা কিনিব বিচাৰিলে, ক’ৰবালৈ যাব বিচাৰিলে, অৰ্থাৎ সেই বস্তুটো কিনিলে, ব্যৱহাৰ কৰিলে বা গ’লে কেনেকুৱা লাগে, কেনে অনুভৱ হয় তাৰো ৰিভিউ দিব পাৰে। বহুতে ৰিভিউ ভিডিঅ’ও বনায়। আমাৰ বহুতেই কিবা এটা কিনাৰ আগতে বা ক’ৰবালৈ যোৱাৰ আগতে সেই ৰিভিউ চাওঁ। আৰু এই ঠাইতে দেশত চলি আছে মানুহক প্ৰতাৰণা কৰাৰ আটাইতকৈ ডাঙৰ ব্যৱসায়। দেশ-বিদেশৰ প্ৰৱঞ্চকে জাল বিয়পাইছে প্ৰৱঞ্চনাৰ।

লগতে পঢ়ক: ‘প্ৰধানমন্ত্ৰী শুই আছে, এই দলত থাকিব নোৱাৰি’, মণিপুৰক লৈ ক্ষোভিত বিজেপিৰ শীৰ্ষ নেতাৰ পদত্যাগ

কেতিয়াবা ইউটিউবত ভিডিঅ’, বা গুগলত ৰিভিউ লিখাৰ দৰে, তেওঁলোকে সকলো আড়ম্বৰপূৰ্ণ টোপ দেখুৱাই চিকাৰ উলিয়াই আনে। ইতিমধ্যে হায়দৰাবাদ আৰক্ষীয়ে চাইবাৰ জালিয়াতিৰ বৃহৎ আন্তৰ্জাতিক চক্ৰৰ সন্ধান উলিয়াইছে।

হায়দৰাবাদ আৰক্ষী আয়ুক্ত চি ভি আনন্দই কয় যে যোৱা এবছৰত গুগল আৰু ইউটিউবক হাতিয়াৰ কৰি লৈ ৭১২ কোটি টকাৰ প্ৰতাৰণা কৰা হৈছে। অনলাইন প্ৰৱঞ্চকে এইদৰে লুণ্ঠন কৰিছে। এই পৰ্যন্ত এই চক্ৰটোৰ সৈতে জড়িত মুঠ ৯ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। চক্ৰটোৰ বাকী সদস্যসকলৰ সন্ধান অব্যাহত আছে।

লগতে পঢ়ক: ভাৰতৰ ছবিত ধ্বংসাত্মক দৃশ্যৰ সমালোচনা ইহুদী মানৱাধিকাৰ গোটৰ; ‘বাৱাল’ক লৈ অসন্তুষ্টি!

এনে বৃহৎ পৰিসৰৰ চাইবাৰ জালিয়াতিৰ চক্ৰ দেশত কাৰ্যতঃ অভূতপূৰ্ব বুলি ধাৰণা কৰা হৈছে। সূত্ৰ অনুসৰি যোৱা এপ্ৰিল মাহত হায়দৰাবাদৰ এজন যুৱকৰ পৰা চাইবাৰ ক্ৰাইম ব্ৰাঞ্চৰ আৰক্ষীয়ে এজাহাৰ লাভ কৰিছিল। যুৱকজনে অনলাইন পাৰ্ট টাইম চাকৰিৰ বাবে আবেদন কৰি থকা অৱস্থাত ২৮ লাখ টকা লোকচানৰ অভিযোগ উত্থাপন কৰে।

তদন্তত আৰক্ষীয়ে গম পায় যে প্ৰৱঞ্চকসকলে প্ৰথমে অংশকালীন কামৰ লোভনীয় টোপ ব্যৱহাৰ কৰিছিল। একাধিক ক্ষেত্ৰত বিনিয়োগ কৰাৰ পিছত বিপুল ৰিটাৰ্ণ নিশ্চিত হয়। প্ৰৱঞ্চকে প্ৰথমে প্ৰাথমিক ধন দিয়াৰ পিছত দুগুণ ধন ঘূৰাই দি আস্থা লাভ কৰে। তাৰপিছত অধিক বিনিয়োগ কৰি লাখ লাখ টকা হেৰুৱায়।

লগতে পঢ়ক: মাজভাগতে শিক্ষা এৰিছে IIT, কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ২৫ হাজাৰ ৫৯৩ জন SC, ST, OBC ছাত্ৰ-ছাত্ৰীয়ে

দুমাহমানৰ তদন্তৰ অন্তত আৰক্ষীয়ে গম পালে যে ভাৰতত ৫২৮ কোটি টকাৰ জালিয়াতি হৈছে। পিছত তদন্তকাৰীয়ে বুজিব পাৰে যে এই সংখ্যাই ৭০০ কোটি অতিক্ৰম কৰিছে। তদন্তকাৰীৰ মতে, এই চক্ৰৰ ফান্দত ভৰি দি ১৫ হাজাৰ ভাৰতীয়ই গড়ে ৬ লাখ টকা হেৰুৱাইছে।