NORTHEAST NOW (Assamese)

ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পানীয়ে প্লাৱিত কৰিছে লখিমপুৰ জিলাৰ ২০ খনতকৈ অধিক গাঁও

July 9, 2019 5:25 pm · এন ই নাও নিউজ
লখিমপুৰত জলমগ্ন গাঁওৰ দৃশ্য। উৎস-ইণ্টাৰনেট

ৰাজ্যত কেইদিনমানৰ পৰা হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত জমা হোৱা অতিৰিক্ত পানী ৰঙানদী জলবিদ্যুৎ প্ৰকল্পই সোমবাৰৰ পৰা ধাৰাবাহিকভাৱে ৪ নং গেটেৰে এৰি দিয়াৰ ফলত লখিমপুৰ জিলাৰ ২০ খনৰো অধিক গাঁও জলমগ্ন হৈ পৰিছে।

লখিমপুৰ জিলাৰ নাওবৈচা ৰাজহ চক্ৰৰ অন্তৰ্গত ৯ খন গাঁও ক্ৰমে ১নং আৰু ২ নং ডিজুপথাৰ, ডিজুচাপৰি, ১ নং আৰু ২ নং পাঁচনৈ, কুলাবিল ব্লক আদি গাঁৱৰ ভালেসংখ্যক লোক বানপানীৰ কৱলত পৰিছে।

ৰঙানদী জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিয়াৰ ফলত জিলাখনৰ শিঙৰা আৰু ৰঙানদী ফেনেফোঁতোকাৰে ওফণ্ডি পৰিছে। ৰঙানদীৰ পানীয়ে ৯ খনতকৈও অধিক গাঁও প্লাৱিত কৰাৰ উপৰিও শিঙৰা নদীৰ বাঢ়নী পানীয়ে নাওবৈচাৰ দহখনতকৈও অধিক গাঁও প্লাৱিত কৰিছে।

উল্লেখযোগ্য যে, ৰঙানদী আৰু শিঙৰা নদীয়ে জিলাখনত কৰা বানপানীৰ ফলত অঞ্চলটোৰ খেতিপথাৰ, মীন পালন পুখুৰী পানীত ডুব যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। ঘৰৰ চোতাল আৰু ভিতৰ পৰ্য্যন্ত পানী উঠাৰ বাবে জনসাধাৰণে পৰিস্কাৰ খোৱা পানীৰ অভাৱত ভূগিব লগা হৈছে।

 

Related News