• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

World Diabetes Day 2024: বিশ্বত ৮০ কোটিতকৈ অধিক লোক ডায়েবেটিছত আক্ৰান্ত; গৱেষণাৰ তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 14, 2024 1:36 pm
প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ১৪ নৱেম্বৰ বিশ্ব ডায়েবেটিছ দিৱস। সমগ্ৰ বিশ্বতে আজি এই দিৱসটো এই মাৰাত্মক ৰোগৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যে পালন কৰা হয়। তাৰ মাজতে বিশ্বত ডায়েবেটিছৰ ভয়াবহতাৰ ইংগিত দাঙি ধৰি প্ৰকাশ পাইছে এক গৱেষণাৰ প্ৰতিবেদনৰ তথ্য।

বিশ্বৰ ৮ কোটিতকৈ অধিক প্ৰাপ্তবয়স্ক লোক ডায়েবেটিছ ৰোগত আক্ৰান্ত। যিটো পূৰ্বৰ অনুমানৰ তুলনাত প্ৰায় দুগুণ। ৩০ বছৰ বয়সীয়া ডায়েবেটিছ ৰোগীৰ আধাতকৈও অধিক ৰোগীয়ে চিকিৎসা গ্ৰহণ কৰা নাই। এই তথ্য এক নতুন গৱেষণা প্ৰতিবেদনৰ পৰা জানিব পৰা গৈছে।

লেন্সেট জাৰ্নেলত প্ৰকাশিত গৱেষণা প্ৰতিবেদন অনুসৰি ২০২২ চনত সমগ্ৰ বিশ্বতে ১৮ বছৰ বা তাতকৈ অধিক বয়সৰ লোকৰ মাজত প্ৰায় ৮২.৮ কোটি ডায়েবেটিছ ৰোগী ধৰা পৰিছিল। তেওঁলোক টাইপ-১ বা টাইপ-২ ডায়েবেটিছত আক্ৰান্ত। ভাৰতত এই ৰোগীৰ সংখ্যা ২১.২ কোটি। 

Apply Now

লগতে পঢ়কঃ বিশ্বক দেখুৱাব পথ! কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ বাবে ভূটানৰ নেতৃত্বত গঠন নতুন মঞ্চ ‘জি-জিৰ’

ডায়েবেটিছ হৈছে তেজৰ শৰ্কৰাৰ লগত জড়িত দীৰ্ঘদিনীয়া বিপাকীয় ৰোগ। এই ৰোগৰ চিকিৎসা নকৰিলে হৃদযন্ত্ৰ, ৰক্তবাহী নলী, স্নায়ু আৰু অন্যান্য অংগৰ ক্ষতি কৰিব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ পূৰ্বৰ এক হিচাপ অনুসৰি বিশ্বত ডায়েবেটিছ ৰোগীৰ সংখ্যা আছিল প্ৰায় ৪২.২ কোটি।

গৱেষণাৰ পৰা দেখা গৈছে যে ১৯৯০ চনৰ পৰা বিশ্বত ডায়েবেটিছৰ হাৰ ৭ শতাংশৰ পৰা ১৪ শতাংশলৈ বৃদ্ধি পাইছে। নিম্ন আৰু মধ্যম আয়ৰ দেশসমূহত সংক্ৰমণৰ হাৰ অধিক হোৱা দেখা গৈছে।

গৱেষণাৰ প্ৰতিবেদন অনুসৰি যদিও সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছে, তথাপিও সেই অঞ্চলসমূহত চিকিৎসাৰ হাৰ বিশেষ বৃদ্ধি হোৱা নাই। কিন্তু কিছুমান উচ্চ আয়ৰ দেশৰ পৰিস্থিতিৰ উন্নতি ঘটিছে।

লগতে পঢ়কঃ Children’s Day 2024: আজি ১৪ নৱেম্বৰ শিশু দিৱস; ইয়াৰ ইতিহাস, তাৎপৰ্য্য আৰু উদযাপন

এনচিডি ৰিস্ক ফেক্টৰ কল’বেৰেশ্যন আৰু বিশ্ব স্বাস্থ্য সংস্থাই যৌথভাৱে এই অধ্যয়ন চলাইছে। সকলো দেশৰ প্ৰাদুৰ্ভাৱৰ হাৰ আৰু চিকিৎসাৰ কাৰকসমূহ অন্তৰ্ভুক্ত কৰা এইটোৱেই হৈছে প্ৰথম বিশ্বব্যাপী বিশ্লেষণ। ১০০০ৰো অধিক অধ্যয়নৰ ভিত্তিত এই নতুন অধ্যয়নটো কৰা হৈছে। সেই ১০০০ৰো অধিক অধ্যয়নত ১৪ কোটিতকৈ অধিক লোক কোনোবা নহয় কোনোবা প্ৰকাৰে জড়িত আছিল।

সাধাৰণতে হাই ফাষ্টিং প্লাজমা গ্লুকজৰ মাত্ৰা আৰু গ্লাইকেটেড হিম’গ্লবিন –এই দুটা পৰীক্ষাৰ জৰিয়তে ডায়েবেটিছ ধৰা পৰে। ডায়েবেটিছ ৰোগীৰ বাবে প্ৰয়োজনীয় ঔষধো নিৰ্ণয় কৰিবলৈ এই পৰীক্ষাসমূহ কৰা হয়।

বিশ্বৰ কিছুমান অঞ্চলত বিশেষকৈ দক্ষিণ এছিয়াত য’ত কেৱল ফাষ্টিং প্লাজমা গ্লুক’জ ব্যৱহাৰ কৰা হয়, তাত বহুসময়ত ৰোগ নিৰ্ণয় নহয় বুলি গৱেষকসকলে কয়। এই ক্ষেত্ৰত গৱেষকসকলে উল্লেখ কৰে যে এই পৰীক্ষা দুটা ৰোগৰ সঠিক নিদানৰ বাবে অতি প্ৰয়োজনীয়।

লগতে পঢ়কঃ গুৱাহাটীৰ ২৮টা অঞ্চলত ব্যাহত হ’ব পানী যোগান; আপোনাৰ অঞ্চলৰ নাম আছে নেকি তালিকাত? সবিশেষ

কিন্তু গৱেষণা প্ৰতিবেদনত টাইপ-১ আৰু টাইপ-২ প্ৰকাৰৰ পাৰ্থক্যৰ কথা উল্লেখ কৰা হোৱা নাই। পূৰ্বৰ গৱেষণাৰ পৰা দেখা গৈছে যে বেছিভাগ প্ৰাপ্তবয়স্ক লোক টাইপ ২ ডায়েবেটিছ আক্ৰান্ত। ইয়াৰ লগত মেদবহুলতা আৰু অস্বাস্থ্যকৰ খাদ্য গ্ৰহণৰ সম্পৰ্ক আছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান! কেৱল খাদ্যই নহয়, এইসমূহ কাৰণতো বৃদ্ধি পায় কলেষ্টেৰল; প্ৰতি ১০ জনৰ ৯ জনেই আক্ৰান্ত

সাৱধান! কেৱল খাদ্যই নহয়, এইসমূহ কাৰণতো বৃদ্ধি পায় কলেষ্টেৰল; প্ৰতি ১০ জনৰ ৯ জনেই আক্ৰান্ত

July 23, 2026 7:09 am
যন্তৰ-মন্তৰত পুনৰ সংঘৰ্ষ: আৰক্ষীক লক্ষ্য কৰি শিল নিক্ষেপৰ অভিযোগ, আহত পাঁচ আৰক্ষী; সাময়িকভাৱে বন্ধ ইণ্টাৰনেট সেৱা

যন্তৰ-মন্তৰত পুনৰ সংঘৰ্ষ: আৰক্ষীক লক্ষ্য কৰি শিল নিক্ষেপৰ অভিযোগ, আহত পাঁচ আৰক্ষী; সাময়িকভাৱে বন্ধ ইণ্টাৰনেট সেৱা

July 23, 2026 7:07 am
‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান! কেৱল খাদ্যই নহয়, এইসমূহ কাৰণতো বৃদ্ধি পায় কলেষ্টেৰল; প্ৰতি ১০ জনৰ ৯ জনেই আক্ৰান্ত

সাৱধান! কেৱল খাদ্যই নহয়, এইসমূহ কাৰণতো বৃদ্ধি পায় কলেষ্টেৰল; প্ৰতি ১০ জনৰ ৯ জনেই আক্ৰান্ত

July 23, 2026 7:09 am
যন্তৰ-মন্তৰত পুনৰ সংঘৰ্ষ: আৰক্ষীক লক্ষ্য কৰি শিল নিক্ষেপৰ অভিযোগ, আহত পাঁচ আৰক্ষী; সাময়িকভাৱে বন্ধ ইণ্টাৰনেট সেৱা

যন্তৰ-মন্তৰত পুনৰ সংঘৰ্ষ: আৰক্ষীক লক্ষ্য কৰি শিল নিক্ষেপৰ অভিযোগ, আহত পাঁচ আৰক্ষী; সাময়িকভাৱে বন্ধ ইণ্টাৰনেট সেৱা

July 23, 2026 7:07 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd