DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home অভিমত

‘নোটা’ ভোটৰ বাবে বিজেপিয়ে হেৰুৱালে নেকি নগাঁও! ; সমগ্ৰ ৰাজ্যত ১,৭৭,৯০১ টা নোটা ভোট  

মোডী ঢৌৰ সময়ত ইতিমধ্যে দখলত থকা আসন হেৰুৱাব লগা হোৱাতো বিজেপিৰ বাবে অশুভ সময়ৰ আগজাননী নেকি!

ভাস্কৰ কলিতা by ভাস্কৰ কলিতা
May 24, 2019 3:13 pm
rupak

ৰূপক শৰ্মা। ফাইল ফটো।

4.9k
VIEWS
Share on FacebookShare on Twitter

২৩ মে’ত ঘোষণা কৰা হ’ল দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ ফলাফল। লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ নেতৃত্বত বৃহৎ সফলতা লাভ কৰি দ্বিতীয় বাৰৰ বাবে দিল্লীৰ শাসনৰ বাঘজৰী হাতত লয়।

ভাৰতৰ লগতে অসমতো ১৪ টা সমষ্টিৰ ভিতৰত ৯ টা বিজেপিয়ে, ৩ টা কংগ্ৰেছে আৰু এটাকৈ সমষ্টি ক্ৰমে এ আই য়ু ডি এফ আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে দখল কৰিবলৈ সক্ষম হয়।

উল্লেখনীয় কথাটো হ’ল চলিত নিৰ্বাচনত অসমৰ ১৪ টা সমষ্টিত মুঠ ১,৭৭,৯০১ জন ভোটাৰে কোনো ৰাজনৈতিক দলৰ প্ৰাৰ্থী অথবা নিৰ্দলীয় প্ৰাৰ্থীৰ প্ৰতি সমৰ্থন নেদেখুৱাই নোটা (None of Above)ত ভোট দান কৰে।

নোটাৰ বৰ্দ্ধিত সংখ্যাই অসমৰ জনসাধাৰণৰ ক্ৰমে ৰাজনৈতিক দলসমূহৰ প্ৰতি বাঢ়ি অহা অনিহাক প্ৰকাশ কৰিছে। ইয়াৰ ভিতৰত নাগৰিকত্ব সংশোধনী বিধেয়কো এটা কাৰণ যাৰ বাবে বিজেপিৰ পৰিবৰ্তে কোনো ৰাজনৈতিক বিকল্প বিচাৰি নাপায় অসমৰ এটা বৃহৎ শ্ৰেণীৰ শিক্ষিত জনসাধাৰণে নোটাৰ আশ্ৰয় ল’ব লগা হ’ল।

সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত বিভিন্ন সমষ্টিত নোটাৰ সংখ্যা এনেধৰণৰ-

সমষ্টিনোটাৰ সংখ্যা
কলিয়াবৰ১৫,৮৪৫
বৰপেটা৯৭১২
স্বায়ত্ত শাসিত পৰিষদ৮১৯৪
ধুবুৰী১৯৭৮
ডিব্ৰুগড়২১,২৮৮
গুৱাহাটী১০,৪৩৭
যোৰহাট১২,৫৯৬
কৰিমগঞ্জ৬,৫৫৫
কোকৰাঝাৰ১৫,৯৯১
লখিমপুৰ১৫,১৪৭
মঙলদৈ১৮,২৫৮
নগাঁও১০,৭৫৪
তেজপুৰ১৫,৬২৬
শিলচৰ৮৫৪৭
মুঠ১,৭৭,৯০১

নোটাৰ পৰিসংখ্যা বিশ্লেষণ কৰিলে দেখা যায় ডিব্ৰুগড়ত সৰ্বাধিক ২১,২৮৮ টা আৰু ধুবুৰীত সৰ্বনিম্ন ১৯৭৮ টা ভোট নোটাত পৰিছে। কৰিমগঞ্জত ৬,৫৫৫ টা ভোট নোটাত পৰিছে।

দুয়োটা সমষ্টিৰ জনগাঠনি মন কৰিলে দেখা যায় ডিব্ৰুগড়ৰ ভোটাৰ সকল হয়তো মূলত অসমীয়া ভাষী আৰু জনজাতি অথবা জনগোষ্ঠীয় আনহাতে কৰিমগঞ্জৰ ভোটাৰসকল মূলত বাংলা ভাষী। সেইফালৰ পৰা লক্ষ্যকৰিলে এটা কথা স্পষ্ট যে ব্ৰহ্মপুত্ৰত বহুতো নাগৰিকত্ব বিৰোধী ভোট বিজেপিৰ পৰিবৰ্তে নোটাত পৰিছে কিন্তু বৰাক উপত্যকাত বিধেয়ক বিৰোধী ভোটৰ সংখ্যা কম।

আনহাতে, বেছিভাগ সমষ্টিত প্ৰাৰ্থীসকল জয়ী হোৱাৰ ক্ষেত্ৰত নোটাৰ ভোটে বিশেষ প্ৰভাৱ পেলোৱা নাই যদিও নগাঁও সমষ্টিৰ ৰূপক শৰ্মা আৰু প্ৰদ্যুত বৰদলৈৰ কঠিন যুজখনত নোটাই বহু পৰিমানে প্ৰভাৱ পেলোৱা যেন অনুমান হয়, য’ত ৰূপক শৰ্মা মাত্ৰ ১৬,৭৫২ টা ভোটত পৰাস্ত হয়। ইয়াৰ সৈতে বিজেপিৰ বিধেয়ক সম্পৰ্কে থকা স্থিতিৰ বাবে বহু খিলঞ্জীয়া নাগৰিকে ৰাজনৈতিক বিকল্প হেৰুৱাই ভোটদান কৰাৰ পৰা বিৰত থাকে। সেই সংখ্যা হিচাপ কৰিব গ’লে লাখৰ ঘৰ চুব।

সকলো দিশ চালি জাৰি চালে এটা কথা স্পষ্ট যে বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কে লৈ থকা স্থিতিৰ বাবে নগাঁও আসনখন হেৰুৱাব লগা হ’ল যাৰ ফলত লাভবান হ’ল কংগ্ৰেছ দল। মোডী ঢৌৰ সময়ত বিজেপিৰ দখলত থকা আসন হেৰুৱাব লগা হোৱাতো অসম বিজেপিৰ বাবে হয়তো অশুভ সময়ৰ আগজাননী।

Recent News

Qutub Minar row

মন্দিৰ ভাঙি নিৰ্মাণ কৰা হৈছিল নেকি কুতুব মিনাৰ! আদালতত কি ক’লে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে

Irfan Habib

“ঔৰংজেৱৰ ভুল পথকেই অনুসৰণ কৰিব নেকি?”- চৰকাৰলৈ প্ৰশ্ন তুলিলে ইতিহাসবিদ ইৰফান হাবিবে

Putin Russia-Ukraine war

ইউক্ৰেইন যুদ্ধৰ পাছত শাস্তিৰ সন্মুখীন হ’ব নেকি পুটিন! ৰুছ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে যুদ্ধ অপৰাধৰ অভিযোগ

batadrava case

বটদ্ৰৱাৰ ঘটনা আৰু অসম চৰকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd