NORTHEAST NOW (Assamese)

ন অসমীয়াৰ সংগ ল’বলৈ প্ৰদ্যুৎ বৰদলৈ নগাঁও গৈছে : বিধায়ক ভাস্কৰ শৰ্মা

March 27, 2019 7:09 pm · মানস প্ৰতিম গগৈ
Updated: March 27, 2019 7:35 pm

‘ন অসমীয়াৰ সংগ ল’বলৈ প্ৰদ্যুৎ বৰদলৈ নগাঁও গৈছে৷খিলঞ্জীয়া ৰাইজে বৰদলৈক মাৰ্ঘেৰিটাৰ পৰা বিদায় দিলে।’ এই কটাক্ষ মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ।

লোকসভা নিৰ্বাচনক লৈ মাৰ্ঘেৰিটা সমষ্টিত ৰণকৌশল প্ৰস্ততৰ উদ্দেশ্যে আজি মাৰ্ঘেৰিটাৰ ইণ্ডিয়া ক্লাবত অনুষ্ঠিত বিজেপিৰ এখন কৰ্মী সভাত অংশগ্ৰহণ কৰি বিধায়ক ভাস্কৰ শৰ্মাই এইদৰে তীৰ্ষক মন্তব্যৰে কংগ্ৰেছৰ নেতা প্ৰদ্যুৎ বৰদলৈক কটাক্ষ কৰে। লগতে বিধায়কগৰাকীয়ে মাৰ্ঘেৰিটা সম্প্ৰতি কংগ্ৰেছ অভিভাৱক শূন্য হ’ল।

নগাঁও লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ জয় নিশ্চিত বুলি মন্তব্য কৰি বিধায়ক ভাস্কৰ শৰ্মাই অসম বিজেপিয়ে অভূতপূৰ্ব সফলতা লাভ কৰিব বুলিও উল্লেখ কৰে৷

আনহাতে লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাৱত অনুষ্ঠিত বিজেপিৰ সভাত আজি তিনিশতাধিক কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰে।

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত এইদৰে কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰা কাৰ্যই নিশ্চিত ভাৱে চিন্তিত কৰি তুলিছে মাৰ্ঘেৰিটাৰ কংগ্ৰেছ মহলত৷

Related News