গহপুৰ বৰঙাবাৰীত অনুষ্ঠিত হৈ থকা শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ অধিৱেশনত অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই অসমৰ ৰাইজে ছাত্ৰ সন্থাৰ হাইকামাণ্ড বুলি মন্তব্য কৰে। অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষিত ভবিষ্যতৰ বাবে কাম কৰি যোৱাৰ ক্ষেত্ৰত আছুই অসমৰ জনসাধাৰণৰ অভিভাৱকত্ব সদায় বিচাৰি আহিছে আৰু ভবিষ্যতেও বিচাৰি যাব বুলি উপদেষ্টাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত স্পষ্টভাবে প্ৰকাশ কৰে।
আনহাতে, সাংবাদিকে লোকসভা নিৰ্বাচনত অসমৰ ৰাইজে কাক ভোট দিয়া উচিত বুলি সোধা এটা প্ৰশ্নৰ উত্তৰত ভট্টাচাৰ্য্যই গণতন্ত্ৰত ৰাইজেই ৰজা এইক্ষেত্ৰত ৰাইজেই বিচাৰ বিবেচনা কৰি সিদ্ধান্ত লোৱা উচিত বুলি কয়।
বিগত লোকসভা নিৰ্বাচনত অসমৰ জনসাধাৰণে পৰিবৰ্তনৰ হকে ভোট দান কৰিছিল কিন্তু বিগত পাঁচ বছৰত অসম কি পালে কি নাপালে তাৰ হিচাপ অসমৰ ৰাইজে কৰিব বুলি উল্লেখ কৰি আছুৰ উপদেষ্টা গৰাকীয়ে পাঁচটা বছৰত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম চুক্তি ৰূপায়নৰ বিষয়ত আলোচনা কৰিবলৈ এবাৰো সময় উলিয়াব নোৱাৰা কথাটোৱে আছুক যথেষ্ট দুখ দিছে বুলি মন্তব্য কৰে।
লখিমপুৰত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে বিজেপি ক্ষমতালৈ আহিলে নাগৰিকত্ব সংশোধনী বিধেয়ক পুনৰ আনিব বুলি কৰা মন্তব্যৰ বিষয়ে সোধা আন এটা প্ৰশ্নৰ উত্তৰত সমুজ্জ্বল ভট্টাচাৰ্য্যই অসমৰ জনসাধাৰণে কোনোদিনে আন্দোলন নকৰাকৈ একো পোৱা নাই বুলি মন্তব্য কৰি উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ সংঘবদ্ধ আন্দোলনৰ ফলত ৰাজ্যসভাত বিলখন গৃহীত নহ’ল বুলি কয়।
সদৌ অসম ছাত্ৰ সন্থাই অসম আৰু উত্তৰ-পূৱৰ খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষিত ভবিষ্যতৰ বাবে সদায় নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি যাব বুলি ভট্টাচাৰ্য্যই সংবাদ মাধ্যমৰ আগত কয়।