NORTHEAST NOW (Assamese)

দিল্লী সীমান্তৰ কৃষক বিদ্ৰোহ : দেশৰ তাৰকা নিশ্চুপ; আন্তৰাষ্ট্ৰীয় তাৰকাৰ সমৰ্থন, আৰ্থিক সাহায্যও প্ৰদান

February 5, 2021 11:08 am · এন ই নাও নিউজ
Updated: February 5, 2021 11:11 am

দেশৰ তাৰকাসমূহ নিশ্চুপ হৈ থাকিলেও প’প ষ্টাৰ ৰিহানা আৰু পৰিৱেশ কৰ্মী গ্ৰেটা থুনবাৰ্গৰ পিছত ইজনৰ পিছত সিজন আন্তৰাষ্ট্ৰীয় তাৰকাই ভাৰতৰ দিল্লী সীমান্তৰ কৃষক বিদ্ৰোহলৈ সমৰ্থনত আগবঢ়াইছে। ইয়াৰ মাজত বাচকেটবল আৰু ৰাগবি ফুটবলৰ আন্তৰাষ্ট্ৰীয় তাৰকাও আছে।

আমেৰিকাৰ তাৰকা ৰাগবি তাৰকা জন শ্বেৰমানে দিল্লীৰ কৃষক বিদ্ৰোহলৈ সমৰ্থন আগবঢ়ায়ে ক্ষান্ত থকা নাই তেওঁ কৃষক বিদ্ৰোহলৈ আগবঢ়াইছে ১০,০০০ মাৰ্কিন ড’লাৰ অৰ্থ সাহায্য।

জন শ্বেৰমেন তথা জুজু স্মিথ-শ্বুষ্টাৰে টুইট কৰিছে, “এই সময়ত ভাৰতীয় কৃষকসকলৰ জীৱন ৰক্ষা আৰু চিকিৎসা সেৱাৰ বাবে ১০,০০০ ডলাৰ দান কৰিবলৈ পায় মই সুখী হৈছো।”

টুইটাৰত ১.১ মিলিয়ন ফ্ল’ৱাৰ্ছ থকা তাৰকাগৰাকীৰ টুইটোত ৫৫ হাজাৰো অধিক লোকে লাইক আৰু ২৬ হাজাৰৰো অধিক ৰিটুইট কৰিছে অনুৰাগীসকলে।

“মই আশা কৰো, যিকোনো প্ৰকাৰে যাতে আৰু অধিক জীৱন হেৰুওৱাতো প্ৰতিহত কৰিব পাৰিম।” তাৰকাগৰাকীয়ে লগতে কয়।

ইফালে টুইটাৰত ১ মিলিয়ন ফ্ল’ৱাৰ্ছ থকা আমেৰিকান বাচকেটবল খেলুৱৈ কেইল কুজ্মাও দিল্লী সীমান্ত কৃষক বিদ্ৰোহলৈ সমৰ্থন আগবঢ়াইছে।

দিল্লী সীমান্তৰ কৃষক বিদ্ৰোহৰ সম্পৰ্কীয় চিএনএনৰ এটা বাতৰিক ৰিহানা আৰু গ্ৰেটা থুনবাৰ্গৰ দৰে হেজটেগেৰে কাজ্মাই টুইটাৰত শ্বেয়াৰ কৰি লিখিছে, “এই বিষয়ে আলোচনা কৰা উচিত।”

আমেৰিকাৰ প্ৰাক্তন তাৰকা বাচকেটবল খেলুৱৈ বাৰ’ন ডেভিছেও আন্দোলনকাৰী ভাৰতীয় কৃষকৰ সমৰ্থনত টুইট কৰিছে।

১ মিলিয়ন ফ্ল’ৱাৰ্ছ থকা প্ৰাক্তন তাৰকাগৰাকীয়ে লিখিছে, “ভাৰতত কি ঘটি আছে আমি তাৰ বিষয়ে ক’ম নেকি? মোৰ সৰল মানুহসকলক মুক্ত কৰি দিয়া। সংগ্ৰাম কৰা, আমাক জীয়াই ৰখা কৃষকসকলৰো জী থকাৰ অধিকাৰ আছে। মোৰ সৈতে যোগ দিয়ক আৰু সজাগতা আনো আহক। আমি সকলেৱো একেলগে এইটো কৰো।”

এওঁলোকৰ লগতে ভাৰতীয় আন্দোনলকাৰী কৃষকক সমৰ্থন কৰিছে আন বহু আন্তৰাষ্ট্ৰীয় তাৰকাই। ভাৰতীয় বংশোদ্ভূত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ উপ ৰাষ্ট্ৰপতি কমলা হাৰিছৰ আত্মীয় আইনজীৱী মীনা হাৰিছেও কৃষক বিদ্ৰোহলৈ সমৰ্থন আগবঢ়াইছে।

হলিউদৰ তাৰকা জন কুছাক, কমেডিয়ান হাছান মীনহাজ আদিয়েও দিল্লী সীমান্ত কৃষক বিদ্ৰোহলৈ সমৰ্থন আগবঢ়াইছে।

Related News