NORTHEAST NOW (Assamese)

ষট পূজা আৰু ৰাসৰ সময়ত কোভিড প্ৰ’টকল মানি চলাৰ আহ্বান মৰিগাঁও জিলা প্ৰশাসনৰ

November 18, 2020 4:09 pm · এন ই নাও নিউজ

ষট পূজা আৰু ৰাস উপলক্ষ্যে মৰিগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে কেইবাটাও   গুৰুত্বপূৰ্ণ নিৰ্দেশনা।এনে উৎসৱ উদযাপনৰ সময়ত কোভিড প্ৰট’কল  মানি চলাটো বাধ্যতামূলক । ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি সম্প্ৰতি চলি থকা কৰোনা সৃষ্ট পৰিৱেশ পৰিস্থিতিৰ বাবে কোভিড-১৯ সংক্ৰমণ ৰোধ কৰা আৰু জনসাধাৰণক অধিক সজাগ তথা সচেতন কৰাৰ উদ্দেশ্যেৰে আজিও ৰাজ্য খনত কোভিড প্ৰট’কলৰ নিৰ্দেশাৱলী বলবৎ হৈ আছে।

সতৰ্কতামূলক ব্যৱস্থাৰ কথা মনত ৰাখি আগন্তুক ষট পূজা আৰু শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ উদযাপনৰ সময়তো বলবৎ হৈ থকা কোভিড প্ৰট’কল তথা নিৰ্দেশাৱলী চলি থাকিব ।

মৰিগাঁও জিলা প্ৰশাসনেও উক্ত দিশত  চৰকাৰী নিৰ্দেশ মানি কোভিড প্ৰট’কল ভঙ্গ নকৰাকৈ শান্তি সম্প্ৰীতি অটুত ৰখাই উৎসৱ সমূহ অনুষ্ঠিত কৰিবলৈ সংশ্লিষ্ট আটাইলৈ আহ্বান জনাইছে ।

জিলা তথ্য আৰু জনসংযোগ বিষয়া সুনীতি নাৰ্জাৰীয়ে এক প্ৰেছ বিবৃতিৰ জড়িয়তে এই কথা জনাইছে ।

Related News