• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

দীৰ্ঘ দিন ধৰি প্ৰতিৱেশী দুই ককাকৰ যৌন কামনাৰ বলি এগৰাকী কিশোৰী : অভিযুক্তদ্বয়ক গ্ৰেপ্তাৰ আৰক্ষীৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 18, 2020 4:29 pm

2 min read

dc-Cover-ctk67ljrk3mu7n55sde6u3bvt7-20170209022827.Medi
682
VIEWS
Share on FacebookShare on Twitter

লানি নিছিগাকৈ দেশত এইটোৰ পিছত সিটো নাৰীৰ ওপৰত যৌন নিৰ্যাতন, ধৰ্ষণ আদিৰ ঘটনা সংঘটিত হৈয়ে আছে।

দেশ কঁপোৱা হাথৰাছ গণধৰ্ষণৰ কাণ্ডই দেশৰ জনতাৰ স্মৃতিপটৰ পৰা মচ নৌখাওঁতেই উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ আদিত সংঘটিত ধৰ্ষণৰ খবৰে সংবাদ শিৰোণাম দখল কৰি আহিছে।

এইবাৰ এগৰাকী কিশোৰীক প্ৰতিৱেশী দুই ককাকে দীৰ্ঘদিন চলাই অহা যৌন নিৰ্যাতনৰ খবৰ আহিছে।

ঘটনাটো সংঘটিত হৈছে পশ্চিমবংগৰ ৰাজধানী চহৰ কলকতাৰ হৰিদেৱপুৰত।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা ঘটনাৰ খবৰ অনুসৰি হৰিদেৱপুৰ এলেকাৰ এগৰাকী ১৩ বছৰীয়া কিশোৰীক দুই প্ৰতিৱেশী ককাকে দীৰ্ঘদিন ধৰি যৌন নিৰ্যাতন চলাই আহিছিল।

ইতিমধ্যে অভিযুক্ত দুই বৃদ্ধ আৰু পৌঢ় ক্ৰমে মুকেশ মণ্ডল আৰু অজিত মণ্ডলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে প্ৰকাশ কৰা ঘটনাৰ বিৱৰণীৰ মতে দুই প্ৰতিৱেশীক কিশোৰী গৰাকীয়ে ককা বুলি সম্বোধন কৰে। ইয়াৰ সুযোগ লৈ দুই প্ৰতিৱেশী ককাকে কিশোৰী গৰাকীক ঘৰত কোনো নথকাৰ সুযোগত মাতি নি দীৰ্ঘদিন ধৰি যৌন নিৰ্যাতন চলাই আহিছিল।

কিশোৰী গৰাকীক এই কথা পৰিয়ালৰ লোকক অৱগত কৰিলে দুই প্ৰতিৱেশী ককাকে হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছিল। কিশোৰী গৰাকীয়ে প্ৰাণৰ ভয় আৰু লজ্জাৰ বাবে ঘটনাৰ বিষয়ে ক’ব পৰা নাছিল।

ইফালে উপৰ্যপুৰি যৌন নিৰ্যাতনৰ ফলত কিশোৰী গৰাকী স্বাস্থ্যৰ অৱনতি ঘটাৰ লগতে প্ৰায় কান্দি থকা হ’ল। ইয়াৰ পিছতে মাতৃয়ে কিশোৰী গৰাকীক প্ৰশ্ন কৰাত তাই সকলোবোৰ কথা অৱগত কৰে মাতৃক।

এই নাৰকীয় ঘটনাৰ বিষয়ে মাতৃয়ে অৱগত হোৱাৰ পিছতে দুই অভিযুক্তই নিজ বোৱাৰীয়েকহঁতক কিশোৰী গৰাকীৰ মাতৃৰ ওচৰলৈ বুজাবুজিৰে ঘটনাটো মীমাংসা কৰিবলৈ প্ৰেৰণ কৰে ।

কিন্তু নিৰ্যাতিতা কিশোৰী গৰাকীৰ মাতৃয়ে সন্মত নোহোৱাত দুই অভিযুক্তই কিশোৰী গৰাকীক হত্যা কৰাৰ ভাবুকিও প্ৰদান কৰে বুলি প্ৰকাশ কৰিছে নিৰ্যাতিতা পৰিয়ালে।

অভিযুক্তদ্বয়ৰ পৰা কেবাদিনো ভয়-ভাবুকি লাভ কৰাৰ পিছত নিৰ্যাতিতা কিশোৰী গৰাকীৰ মাতৃয়ে হৰিদেৱপুৰ আৰক্ষীৰ থানাৰ দাৰস্থ হয়।

নিৰ্যাতিতা কিশোৰী গৰাকীৰ মাতৃৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে দুই অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

ইফালে স্থানীয় লোকে দুই অভিযুক্তৰ কঠোৰ শাস্তিৰ দাবী কৰিছে।

Recent News

lurrriiinnnn

২০১৬-২০২১ লৈকে অত্যাৱশ্যকীয়-নিৰ্মাণ সামগ্ৰীৰ দাম কিমান বৃদ্ধি পালে? হিচাপ দিলে লুৰীণজ্যোতিয়ে

a nirab

নীৰৱ মোদীক ভাৰতলৈ প্ৰত্যৰ্পনত অনুমোদন ব্ৰিটেইনৰ আদালতৰ

Represntative

OMG! অস্ত্রোপচাৰত গৰুৰ পেটৰ পৰা ওলাল ৭১ কিলোগ্ৰাম প্লাষ্টিকৰ লগতে আন ধাতৱ সামগ্ৰী

a face

ছ’চিয়েল মিডিয়াক নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম, ২৪ ঘণ্টাৰ ভিতৰত আঁতৰাব লাগিব অশ্লীল ছবি, আৰু কি আছে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd