DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বঙাইগাঁও জিলা প্ৰশাসনৰ ‘মৰম’ প্ৰকল্পৰ শুভাৰম্ভণি

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
October 31, 2021 2:01 pm
135
VIEWS
Share on FacebookShare on Twitter

বঙাইগাঁৱৰ উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়াৰ একক পদক্ষেপ ‘মৰম’ প্ৰকল্পৰ আজি বঙাইগাঁও চহৰৰ মাজমজিয়াত থকা চিলাৰায় ইন্দোৰ ষ্টেডিয়ামত শুভাৰম্ভনি কৰা হয় ৷

উল্লেখ্য যে৷কিছুমান লোকে এজোৰ নতুন কাপোৰ কিনিব নোৱাৰি কাপোৰৰ অভাৱত থাকে, আন কোনোবাই নিজৰ ল’ৰা-ছোৱালীকো এজোৰ নতুন কাপোৰ দিব নোৱাৰে।

সেয়ে সেইসকল লোকৰ হাতত পাৰিলে এজোৰ নতুন কাপোৰ তুলি দিয়াৰ উদ্দেশ্যে বা নতুন কাপোৰ দিব নোৱাৰিলেও নিজৰ ব্যৱহাৰ কৰা কাপোৰ এজোৰ ভালদৰে ধুই-পখালি, ইষ্ট্ৰি কৰি ভালদৰে পেকেটত ভৰাই দিয়াৰ উদ্দেশ্যে আজিৰ এই ‘মৰম’ প্ৰকল্পৰ শুভাৰম্ভণি কৰা হয়।

যিসকল লোকে দিব বিচাৰে তেওঁলোকে ব্যৱহাৰযোগ্য কাপোৰ,পুতলা,কিতাপ আদি চিলাৰায় ইন্দোৰ ষ্টেডিয়ামত জমা দিব পাৰিব ৷

এই সন্দৰ্ভত উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়াই কয় যে ‘মৰম’ প্ৰকল্পৰ জৰিয়তে আৰ্থিকভাৱে দুৰ্বল লোকৰ প্ৰতি মৰম প্ৰদৰ্শন কৰাটোৱে ইয়াৰ উদ্দেশ্য।

এয়া বঙাইগাঁও জিলা প্ৰশাসনৰ মানৱীয়তা। হয়তো এই প্ৰকল্পৰ জৰিয়তে আন দহজন লোক আগবাঢ়ি আহিব সহায় কৰিবলৈ। শুভাৰম্ভণিৰ দিনটোতে জিলা উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়াই নিজৰ ফালৰ পৰা কাপোৰৰ টোপোলা এটি আগবঢ়ায় ‘মৰম’ প্ৰকল্পলৈ।

ইয়াৰ উপৰি বঙাইগাঁও হিন্দু মিলন মন্দিৰ, মাৰোৱাৰী যুৱ মঞ্চ, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বঙাইগাঁও গোট, হিমাঞ্জন চৌধুৰী,ৰবিন সৰকাৰ,এইচ ডি এফ চি বেংক, মনোজ কুমাৰ ৰায়, বীৰেন্দ্ৰ ৰায় আদি ব্যক্তি আৰু অনুষ্ঠান-প্ৰতিষ্ঠানৰ তৰফৰ পৰা নতুন-পুৰণি কাপোৰৰ টোপোলা জিলা উপায়ুক্তৰ হাতত প্ৰদান কৰে।

উপায়ুক্তগৰাকীয়ে ‘মৰম’ প্ৰকল্পৰ বাবে এটি ফোন নম্বৰো মুকলি কৰে। কোনো সদাশয় লোকে ‘মৰম’ প্ৰকল্পলৈ কাপোৰ, পুতলা,কিতাপ আদি আগবঢ়াব বিচাৰিলে ৭০৮৬৭৯৩৫০৭ ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব ৷

‘মৰম’ প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত নৱজ্যোতি ওজা, পংকজ চমুৱা, বঙাইগাঁও পৌৰসভাৰ কাৰ্যবাহী বিষয়া পুৰুষোত্তম দাস আদিকৰি ব্যক্তিসকল উপস্থিত থাকে। অনুষ্ঠানত জিলা পৰিষদৰ অধ্যক্ষ বিজয় সিংহ, সাংবাদিক প্ৰশান্ত ৰায় আদিকে কৰি কেইবাগৰাকী ব্যক্তিয়ে বক্তব্য আগবঢ়ায়।

তেওঁলোকে নিজৰ বক্তব্যত জিলা প্ৰশাসনৰ এই পদক্ষেপক প্ৰশংসা কৰে।সেইদৰে সমগ্ৰ শিক্ষা ,বঙাইগাঁও, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছন,ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা মিছন আদি বিভাগসমূহে অনুষ্ঠানত সহযোগিতা আগবঢ়ায়।

Recent News

মাতৃভূমিৰ পৰা বহু নিলগৰ চেন্নাইত পঞ্চভূতত বিলীন হ’ল অভিনেতা কিশোৰ দাসৰ নশ্বৰ দেহ

মাতৃভূমিৰ পৰা বহু নিলগৰ চেন্নাইত পঞ্চভূতত বিলীন হ’ল অভিনেতা কিশোৰ দাসৰ নশ্বৰ দেহ

Assam Career

Assam Career : ভাৰতীয় ক্ৰান্তীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানত বিভিন্ন পদ খালী, কিদৰে কৰিূব আবেদন?

Assam Career

Assam Career : ভট্টদেৱ বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপকৰ কুৰিটা খালী পদ পূৰণৰ বাবে আবেদন আহ্বান

KLO কে এল অ’ত যোগদান কৰিবলৈ গৈ গ্ৰেপ্তাৰ হোৱা ছয় যুৱকক অনা হ’ল কোকৰাঝাৰলৈ

KLO কে এল অ’ত যোগদান কৰিবলৈ গৈ গ্ৰেপ্তাৰ হোৱা ছয় যুৱকক অনা হ’ল কোকৰাঝাৰলৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd