NORTHEAST NOW (Assamese)

কাইলৈ ভাৰতত উপস্থিত হ’ব ইউক্ৰেইনত নিহত ভাৰতীয় ছাত্ৰৰ মৃতদেহ

March 20, 2022 9:11 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 20, 2022 9:12 pm

ৰাছিয়াৰ আক্ৰমণৰ মাজতে ইউক্ৰেইনত নিহত হোৱা ভাৰতীয় ছাত্ৰ নবীন শেকাৰাপ্পা জ্ঞানগৌদাৰ্মৰ নশ্বৰ দেহ সোমবাৰে পুৱা প্ৰায় ৩ বজাত কৰ্ণাটকৰ বেংগালুৰুত উপস্থিত হ’ব।

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই মৃতদেহ গ্ৰহণৰ বাবে বিমানবন্দৰত উপস্থিত থাকিব।

বিমানবন্দৰৰ পৰা মৃতদেহটো নবীনৰ গৃহ জিলা হাভেৰীলৈ লৈ যোৱা হ’ব আৰু নবীনৰ পৰিয়ালক হস্তান্তৰ কৰা হ’ব।

উল্লেখ্য যে খাৰকিভ চিকিৎসা বিশ্ববিদ্যালয়ৰ অন্তিম বৰ্ষৰ চিকিৎসা বিদ্যাৰ্থী নবীন শেকাৰাপ্পা জ্ঞানগৌদাৰ্মৰ ১ মাৰ্চত ইউক্ৰেইনত হোৱা ৰাছিয়ান সেনাৰ গুলীবৰ্ষণ আক্ৰমণত মৃত্যু হৈছিল।

খাদ্য আৰু পানী সংগ্ৰহৰ বাবে বাংকাৰৰ পৰা ওলাই অহাৰ সময়তে নবীন নামৰ এই ছাত্ৰজন নিহত হৈছিল।

Related News