ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন বীৰ জোৱান দিলীপ কুমাৰ দাসৰ অন্ত্যেষ্টিক্ৰিয়া

Martyr-Dilip-Kumar-Das-750x430

ছত্তিশগড়ত মাওবাদীৰ ভয়ংকৰ আক্ৰমণৰ ঘটনাত শ্বহীদ হোৱা অসমৰ বীৰ জোৱান বজালীৰ সৰুপেটাৰ ভাৰেগাঁৱৰ CRPFৰ পৰিদৰ্শক দিলীপ কুমাৰ দাসৰ নশ্বৰ দেহ আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ আহি পায়।

ইয়াৰ পিছতে বীৰ শ্বহীদ গৰাকীৰ নশ্বৰ দেহ ধাৰাপুৰত থকা ১৭৫ চিআৰপিএফৰ শিবিৰলৈ নিয়া হয় আৰু তাতইে বীৰ শ্বহীদ গৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে চিআৰপিএফৰ লগতে অসম আৰক্ষীৰ বিষয়া-কৰ্মচাৰী আৰু জোৱানসকলে।

শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ পিছত ভীৰ শ্বহীদদগৰাকীৰ নশ্বৰ দেহ তেওঁৰ সৰুপেটাৰ ঘৰলৈ নিয়াৰ ব্যৱস্থা কৰা হয় আৰু অগণন লোকৰ উপস্থিতিত ৰাষ্ট্ৰীয় মৰ্যাদাৰে বীৰ জোৱান গৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।

গাঁওখনৰ অতি সৰবৰাহী যুৱক দিলীপ কুমাৰ দাসৰ মৃত্যুৰ খৱৰে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

শ্বহীদ দিলীপ কুমাৰ দাসে মৃত্যুৰ সময়ত তেওঁৰ পত্নী আৰু দুগৰাকী কন্যা সন্তানক এৰি গৈছে।

দাসে ২০০১ চনৰ পৰাই এগৰাকী জোৱান হিচাপে সেৱা আগবঢ়াই আহিছিল।

মাওবাদীৰ এই ভয়ংকৰ আক্ৰমণটোত অসমৰ আন এগৰাকী বীৰ জোৱান দুধনৈৰ বাবলু ৰাভাও শ্বহীদ হয়।

শ্বহীদ বাবলু ৰাভাৰ ঘৰ গোৱালপাৰা জিলাৰ দুধনৈৰ নিকটৱৰ্তী দামৰা পাটপাৰাত।

শনিবাৰে ছত্তিশগড়ৰ বিজাপুৰ আৰু চুকমা জিলাৰ সীমান্তৰ মাওবাদী অধ্যুষিত পাহাৰীয়া অৰণ্যাঞ্চলত মাওবাদীৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা নিৰাপত্তা বাহিনীৰ ওপৰত মাওবাদীয়ে অতৰ্কিতে ভয়ংকৰভাৱে আক্ৰমণ সংঘটিত কৰিছিল।

এই আক্ৰমণত মুঠতে ২৪ গৰাকী বীৰ জোৱান শ্বহীদ হয়।