• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সোণাপুৰত আৰ্চাৰৰূপে ধনুত টংকাৰ কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰী কিৰেন ৰিজিজুৰ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , December 30, 2018 9:45 pm

2 min read

Kiren Rijiju

কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰী কিৰেন ৰিজিজু ফটো : নৰ্থ-ইষ্ট নাও

279
VIEWS
Share on FacebookShare on Twitter

অখিল ভাৰতীয় বনবাসী কল্যান আশ্ৰম, অসমৰ উদ্যোগত সোণাপুৰৰ টেপেচিয়া লক্ষ্মীবাঈ ৰাষ্ট্ৰীয় শাৰিৰীক শিক্ষানুষ্ঠানত যোৱা ২৭ ডিচেম্বৰৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা ২১ তম ৰাষ্ট্ৰীয় জনজাতি ক্ৰীড়া সমাৰোহৰ অন্তিম দিনা মুখ্য অতিথি ৰূপে উপস্থিত থকা কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰী কিৰেন ৰিজিজুক দেখা গ’ল এক অনন্য ৰূপত।

খেলা-ধূলা আৰু শৰীৰ চৰ্চাৰ প্ৰতি প্ৰবল আগ্ৰহী কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সমাৰোহৰ সামৰণি কাৰ্যসূচীত এইবাৰ হাতত ধনু আৰু কাড় লৈ আৰ্চাৰী খেলুৱৈৰ ৰূপত দেখিবলৈ পোৱা গ’ল। মন্ত্ৰীগৰাকীৰ এই নতুন ৰূপ দেখি ক্ৰীড়া সমাৰোহত উপস্থিত থকা ক্ৰীড়া অনুৰাগী তথা সাধাৰণ লোকসকল যথেষ্ট পৰিমানে উৎসাহী হোৱা পৰিলক্ষিত হয়।

আনহাতে অনুষ্ঠানত ৰিজিজুৱে কয় যে ক্ৰীড়া জীৱনৰ বাবে এক অভিন্ন অংগ তথা ভাৰতত প্ৰচলিত বিভিন্ন ক্ৰীড়া ভাৰতীয় সভ্যতাৰ পৰিচয়। তেওঁৰ মতে ‘বহুতো জনজাতীয় খেলুৱৈ জন্মগত প্ৰতিভাৰ অধিকাৰী। এনেধৰণৰ ক্ৰীড়া সমাৰোহৰ আয়োজনে জনজাতীয় খেলুৱৈসকলৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ’ব’।

তেওঁ বক্তব্যৰ মাজতে ক্ৰীড়া সমাৰোহত অংশ লোৱা খেলুৱৈসকলক উৎসাহিত কৰিবৰ বাবে কয় ‘প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত জনজাতীয় খেলুৱৈসকলৰ প্ৰশিক্ষণৰ বাবে বিভিন্ন আঁচনিৰে অলিম্পিয়ান কডিয়ান গঠন কৰি খেলুৱৈসকলক প্ৰশিক্ষণৰ ব্যৱস্থা হাতত লৈছে। ইয়াৰ জৰিয়তে ট’কিঅত অনুষ্ঠিত হ’বলগীয়া অলিম্পিকত অধিকসংখ্যক পদক লাভ কৰিবলৈ সক্ষম হ’ব।‘

মন কৰিবলগীয়া যে ভিন্ন সময়ত মন্ত্ৰীগৰাকীয়ে ছ’চিয়েল মেডিয়াৰ যোগেদি চাইকেল চলোৱা, শৰীৰ চৰ্চা আদিৰ বিশেষ ভিডিঅ’ আপল’ড কৰি সকলোকে শৰীৰ সুস্থ ৰাখিবৰ বাবে আহ্বানো জনায়।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, উক্ত ক্ৰীড়া সমাৰোহৰ শেষৰ দিনা পুৱা ৬:৩০ বজাৰ পৰা ক্ষেত্ৰী বিবেকানন্দ ছায়েন্স একাডেমিৰ পৰা লক্ষ্মীবাঈ শাৰিৰীক শিক্ষণ কেন্দ্ৰলৈ এক মাৰাথান দৌৰ অনুষ্ঠিত কৰাৰ লগতে মুকলি সভাৰ লগত সংগতি ৰাখি সাংস্কৃতিক কাৰ্য্যসূচীও অনুষ্ঠিত কৰা হয়।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd