পুনৰ মস্কো-গোৱা বিমানত বোমাতংক; উজবেকিস্তানত কৰা হ’ল জৰুৰী অৱতৰণ

Moscow-Goa flight diverted to Uzbekistan মস্কোৰ পৰা গোৱালৈ অহা বিমানত পুনৰ বোমাতংকৰ ঘটনা ঘটিছে। ইয়াৰ পিছতে উজবেকিস্তানৰ এখন বিমানবন্দৰত জৰুৰী অৱতৰণ কৰা হয় বিমানখনৰ।

ঘটনা অনুসৰি, ৰাছিয়াৰ মস্কোৰ পৰা প্ৰায় ২৪০ জন যাত্ৰীৰ সৈতে আজুৰ এয়াৰ সংস্থাৰ এখন চাৰ্টাৰ্ড বিমান গোৱালৈ আহি আছিল। বিমানখন শনিবাৰে পুৱা ৪.১৫ বজাত গোৱাৰ ডাবলিম বিমানবন্দৰত অৱতৰণ কৰাৰ কথা আছিল।

লগতে পঢ়ক: গাড়ীত ছিটবেল্ট নমৰাৰ বাবে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকক জৰিমনা; ভুলৰ বাবে বিচাৰিলে ক্ষমা

ভাৰতৰ আকাশসীমাত প্ৰৱেশ কৰাৰ পূৰ্বে নিশা প্ৰায় ১২.৩০ বজাত গোৱাৰ ডাবলিম বিমানবন্দৰলৈ এটা অজ্ঞাত মেইল আহিছিল। তাত কোৱা হয় যে বিমানখনত এটা বোমা আছে। বিমানখনৰ গতিপথ তেতিয়া দ্ৰুততাৰে উজবেকিস্তানলৈ পৰিৱৰ্তন কৰা হয়। তাত এটা বিমানবন্দৰত বিমানখনৰ জৰুৰী অৱতৰণ কৰোৱা হয়।

জানিব পৰা গৈছে যে ভুৱা মেইলটো গোৱা বিমানবন্দৰ কৰ্তৃপক্ষলৈ আহিছিল। মেইল প্ৰেৰকৰ নাম জনা নাযায়। এই মাহত একেধৰণৰ তিনিটা ঘটনা সংঘটিত হৈছে।

যোৱা ৯ জানুৱাৰীত গোৱা অভিমুখী আন এখন বিমানত বোমাতংক বিয়পি পৰিছিল। ততাতৈয়াকৈ বিমানখন গুজৰাটৰ জামনগৰ বিমানবন্দৰলৈ লৈ যোৱা হৈছিল। কিন্তু কোনো বোমা বা বিস্ফোৰক পোৱা নগ’ল।

লগতে পঢ়ক: ডিজিটেল ইণ্ডিয়া সম্পূৰ্ণ! ম’বাইলত মগ্ন বান্দৰৰ দলৰ ভিডিঅ’ পোষ্ট কৰি মন্তব্য কিৰেন ৰিজিজুৰ

উক্ত ঘটনাৰ পিছতে দিল্লীৰ পৰা পুনেলৈ যোৱা স্পাইচজেটৰ এখন বিমানতো বোমাতংক বিয়পি পৰিছিল। সেইটোও ভুৱা আছিল।