• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৪ লাখ কৰ্মচাৰীক কাপোৰ দিব লগীয়া বিভাগটোত ৮৭০টা পদৰ ৫৪৬টাই খালী; হিমন্তই চমক সৃষ্টিৰ প্ৰৱণতাৰে লাজত পেলালে বিভাগটোক?

এন ই নাও নিউজ by এন ই নাও নিউজ
October 1, 2018 10:13 pm
Khadi

খাদি আৰু গ্ৰামোদ্যোগ বিভাগৰ তদানীন্তন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত বছৰৰ ২ অক্তোবৰত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী বহাগ বিহুৰ সময়তে ৰাজ্যৰ কৰ্মচাৰীসকলৰ প্ৰত্যেককে দুপদকৈ খাদি বস্ত্ৰ দিয়াৰ ঘোষণা কৰিছিল। এয়া কেৱল এটা চমক আছিল নেকি বিভাগটোৰ তদানীন্তন মন্ত্ৰীজনৰ? কোনো বাস্তৱিক আৰু তথ্যভিত্তিক অধ্যয়ন নকৰাকৈয়ে আৰু বিভাগটোৰ অৱস্থাৰ বুজ নোলোৱাকৈয়ে মন্ত্ৰীজনে এই ঘোষণাটো কৰিছিল নেকি?

খাদি আৰু গ্ৰামোদ্যোগ বিভাগ এই বোজা ল’ব পৰাকৈ সক্ষম হয় নে নহয় বা এনে বৃহৎ পৰিমাণৰ কাপোৰ উৎপাদনৰ বাবে অসমত সমল আছে নে নাই সেয়া বুজ নোলোৱাকৈ খৰখেদাকৈ ৰাজনৈতিক চমক দিয়াৰ উদ্দেশ্যেহে যে ঘোষণাটো কৰা হৈছিল সেয়া এতিয়া ওলাই পৰিছে।

Apply Now

বোধহয় নিজকে পৰিৱৰ্তন আনিব জনা মন্ত্ৰী হিচাপে প্ৰমাণ দিয়াৰ প্ৰৱণতাই তেওঁৰ এই ঘোষণাৰ আঁৰত কাম কৰিছিল। মন্ত্ৰীজন বৰ্তমান বিভাগটোত নাই। কিন্তু মন্ত্ৰীজনে এই আগপিছ নভবা ঘোষণাৰে প্ৰায় অসহায় অৱস্থাত পেলাই থৈ গ’ল বিভাগটোক। লগতে লাজতো পেলালে।

উল্লেখযোগ্য যে উক্ত ঘোষণাৰ সময়তে মন্ত্ৰীজনে খাদিক জনপ্ৰিয় কৰিব লাগে আৰু তাৰ বাবেই চৰকাৰে সকলো কৰ্মচাৰীকে দুটাকৈ খাদি চোলা দিব বুলি ঘোষণা কৰিছিল। আৰু লগতে এইবোৰ খাদি আৰু গ্ৰামোদ্যোগ বিভাগে ৰাজ্যখনতে থলুৱা শিপিনীৰ জৰিয়তে উৎপাদন কৰা হ’ব বুলি কৈছিল।

কিন্তু আছিল নে ৰাজ্যৰ খাদি আৰু গ্ৰামোদ্যোগ বিভাগৰ এই সক্ষমতা? মন্ত্ৰীজনে বা চৰকাৰখনে বিভাগটোক শক্তিশালী কৰি তুলিবলৈ একো নকৰাকৈয়ে কেৱল ঘোষণা কৰিয়েই দায়িত্ব সামৰিলে। ফলত ব্যৰ্থতাৰ লাজ গাত ল’ব লগীয়া হ’ল বিভাগটোৱে। কাপোৰ দিয়াৰ নিৰ্ধাৰিত সময় বহাগ কেতিয়াবাই পাৰ হৈ গ’ল। তাৰ পিছতো বিভাগটোৱে উৎপাদন কৰিব নোৱাৰিলে প্ৰয়োজনীয় সংখ্যক কাপোৰ। কাইলৈ এবছৰ পূৰ হ’ল এই ঘোষণাটোৰ। কাইলৈ মাত্ৰ ১০০জন কৰ্মচাৰীক এই কাপোৰ দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। তাৰ পিছত বাকীসকলক অহা ৩-৪ মাহৰ ভিতৰত দিয়া হ’ব। আজি সংবাদমেল দি বিভাগটোৰ অধ্যক্ষ ডাঃ কমলা কলিতাই এই ঘোষণা কৰিছে। কিন্তু সেয়াও কিমান দূৰ বিশ্বাসযোগ্য ৰাইজে অনুমান কৰিব পাৰিছেই।

ৰাজ্য চৰকাৰৰ অধীনত প্ৰায় ৪ লাখ কৰ্মচাৰী আছে। দুপদকৈ বস্ত্ৰৰ প্ৰতিপদত দুই মিটাৰকৈ হ’লেও প্ৰায় ১৬ লাখ মিটাৰ কাপোৰ লাগিব।

আনহাতে জানিব পৰা মতে, খাদি আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ মুঠ ৮৭০টা মঞ্জুৰীকৃত পদৰ ৫৪৬টাই খালী হৈ আছে। অৰ্থাৎ বৰ্তমান সময়ত ব’ৰ্ডত মাত্ৰ ৩২৪জনহে কৰ্মচাৰী আছে। ইফালে খাদি ব’ৰ্ডৰ অধীনত কাপোৰ বোৱা ঠিকা ভিত্তিক শিপিনী ৬৫৪গৰাকী। এওঁলোকে গাইপতি প্ৰায় ২৫০০ মিটাৰকৈ কাপোৰ ব’ব লাগিব।

গতিকে এই মুষ্টিমেয় কৰ্মচাৰী আৰু শিপিনীয়ে ইমান বৃহৎ পৰিমাণৰ কাপোৰ উৎপাদন কৰা সম্ভৱ নে?

মন কৰিব লগীয়া যে ৰাজ্যৰ শিপিনীয়ে খাদি ব’ৰ্ডে দিয়া কম হাৰত কাপোৰ নবওঁ বুলি কেতিয়াবাই স্পষ্ট কৰি দিছে।

এই বাস্তৱ পৰিস্থিতিবোৰ অধ্যয়ন নকৰাকৈ ৰাজনৈতিক চমক দিবলৈ গৈ বিভাগীয় মন্ত্ৰীজনে (তদানীন্তন) বিভাগটোকে চৌঠেঙীয়া নকৰিলে নে?

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd