NORTHEAST NOW (Assamese)

সন্ধান পোৱা গৈছে সোণেৰে পৰিপূৰ্ণ পাহাৰৰ, হাতত কোৰলৈ উবুৰি খাই পৰিছে মানুহ, ক’ত? চাওঁক ভিডিঅ’

March 8, 2021 5:01 pm · এন ই নাও নিউজ
Updated: March 10, 2021 4:43 pm

চম্পাৱতী তোমাৰ ঘাটত চপালো মোৰ নাও,  ৰূপৰ পাহাৰ সোণৰ খনি কিজানিবা পাওঁ…

সোণৰ পাহাৰৰ সন্ধান পোৱাৰ পিছতে উবুৰি খাই পৰিছে হাজাৰ হাজাৰ মানুহ।

অৱশ্যে চম্পাৱতীৰ পাৰত সন্ধান ওলোৱা নাই সোণৰ পাহাৰৰ। সোণেৰে ঠাহ খাই থকা পাহাৰৰ সন্ধান পোৱা গৈছে আফ্ৰিকা মহাদেশৰ কংগোত।

বহু প্ৰাকৃতিক সম্পদেৰে ঠাহ খাই থকা কংগোৰ দক্ষিণ কিভু প্ৰদেশৰ লুহিহি নামৰ অঞ্চলটোত থকা পাহাৰ খন সোণেৰে ঠাহ খাই থকা বুলি খবৰ ওলোৱাৰ পিছতে হাজাৰ  হাজাৰ লোকে পাহাৰখনত খনন চলাবলৈ আৰম্ভ কৰিছে।

 

কোনোৱাই কোৰ-বেলচা ব্যৱহাৰ কৰি, কোনোৱাই বা সুদা হাতেৰেই পাহাৰৰ মাটি, শিল আদি খান্দি ঘৰলৈ নিছে।

বহুতে সেই মাটি ধুই তাৰ পৰা সোণ পোৱাৰ ভিডিঅ’ও এতিয়া ভাইৰেল হৈ পৰিছে।

পাহাৰ খনত সোণৰ ভাণ্ডাৰ আৱিষ্কাৰ হোৱাৰ কথা প্ৰচাৰ হোৱাৰ পিছতে কংগোৰ চৰকাৰৰ বিষয়া-বৰ্গ সেই স্থানত উপস্থিত হৈছে।

স্থানীয় একাংশ লোকৰ মতে পাহাৰ খনৰ মাটি, শিল আদিত ৬০ৰ পৰা ৯০ শতাংশলৈ সোণ আছে।

উল্লেখ্য প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ কংগোৰ সম্পদ আহৰণৰ ক্ষেত্ৰত দেশ খনৰ চৰকাৰে অৰ্থৰ অভাৱতে উদাসীনতা প্ৰদৰ্শন কৰি আহিছে।

সেই বাবেই দেশখনৰ প্ৰাকৃতিক সম্পদৰ অবৈধ খনন নিতৌ চলি আহিছে।

কংগোত বহু সোণৰ খনি আছে। সেই বোৰত মূলতঃ বিদেশৰ কোম্পানী সমূহেই খনন চলাই গৈছে।

আফ্ৰিকাৰ ছিয়েৰালিঅ’নতে আছে বিশ্বৰ বৃহত্তম সোণৰ খনি।

Related News