• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ পৰা বিজেপি-মিত্ৰজোঁটক ওফৰাবলৈ সাংসদ অজিত কুমাৰ ভূঞাৰ আহ্বান

কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিত আঞ্চলিক গণমৰ্চাৰ ৰণশিঙা

উত্তম শইকীয়া by উত্তম শইকীয়া
July 30, 2020 9:16 pm
Image_1596121184810~2

বোকাখাতত আঞ্চলিক গণ মৰ্চাৰ সভাত সাংসদ অজিত ভূঞা। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আঞ্চলিকতাবাদৰ নেতৃত্ব দি অগপক বিজেপিৰ নেগুৰলৈ পৰিণত কৰা অসম গণ পৰিষদৰ সভাপতি তথা বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰাই শাসনৰ গাদী দখল কৰি কেৱল লুণ্ঠনৰাজহে চলাইছে ৷

বোকাখাতৰ জনগণৰ কোনো সমস্যাৰ সমাধান নকৰি কেৱল নিজে টনকিয়াল হোৱা আৰু ভোটৰ ৰাজনীতিত মত্ত হৈ থকা অতুল বৰাক জনগণৰ সৈতে কৰা বিশ্বাসঘাতকতাৰ উচিত প্ৰত্যুত্তৰ  দিবৰ বাবে চিন্তা কৰা হৈছে।

Apply Now

আজি বোকাখাতত এই দৰে কয় আঞ্চলিক গণ মৰ্চাৰ আহ্বায়ক তথা সাংসদ অজিত কুমাৰ ভূঞাই ৷

বিজেপি আৰু মিত্ৰজোঁটক ওফৰাই ৰাজ্যত আঞ্চলিকতাবাদ প্ৰতিষ্ঠা কৰাৰ সংকল্পৰে আজি বোকাখাতত আগন্তুক ২০২১ ৰ বিধান সভা নিৰ্বাচনৰ ৰণশিঙা বজায় আঞ্চলিক গণ মৰ্চাই ৷

আঞ্চলিক গণ মৰ্চাৰ আহ্বায়ক তথা সাংসদ অজিত কুমাৰ ভূঞাৰ নেতৃত্বত অহা এটা দলে আজি বোকাখাত নাট্য মন্দিৰত বোকাখাতৰ বিভিন্ন জাতীয়-ৰাজনৈতিক দল, সংগঠন আৰু সচেতন ৰাইজৰ স’তে আলোচনাত মিলিত হয় ৷

অসমৰ অন্যতম সংস্কৃতিৱান স্থান বোকাখাতৰ পৰা অতুল বৰাক পুলিয়ে পোখাই উভালি সুস্থ আঞ্চলিকতাবাদ গঢ়াৰ বাবেই বোকাখাতত আজিৰ আলোচনা বুলি  অজিত কুমাৰ ভূঞাই মন্তব্য কৰে ৷

এই আলোচনাত সাংসদ অজিত ভূঞাই কয় যে জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে দিছপুৰৰ গাদী দখল কৰা বিজেপি নেতৃত্বতাধীন চৰকাৰখনে অসমৰ জনতাক প্ৰতি মুহূৰ্ততে প্ৰতাৰণা কৰি আহিছে ৷ যাৰ বাবে ৰাইজৰ স’তে বিশ্বাসঘাতকতা কৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বৰ এই চৰকাৰখনক ওফৰাবলৈ ৰাজ্যৰ জনসাধাৰণক তেওঁ আহ্বান জনায়।

তেওঁৰ মতে বদৰুদ্দিন আজমলে নহয় বৰং ভৰতীয় জনতা পাৰ্টীয়েহে অসম শেষ কৰিছে ৷ আঞ্চলিকতাবাদৰ স্বাৰ্থত, জাতি-মাটি-ভেটি ৰক্ষাৰ স্বাৰ্থত কাম কৰা নিষ্ঠাবান অগপ-বিজেপিৰ কৰ্মীসকলক আঞ্চলিক গণ মৰ্চাত যোগদান কৰিবলৈয়ো আহ্বান জনায় অজিত ভুঞাই ৷

আনহাতে, বিজেপিয়ে কৰ’নাৰ নামত ৰাজনীতি কৰি সকলোকে ঘৰত আবদ্ধ কৰি ৰখাৰ যি পৰিকল্পনা কৰিছিল, সেয়া ইতিমধ্যেই ফাদিল হৈছে বুলি উল্লেখ কৰি সাংসদ অজিত ভূঞাই দুৰ্নীতিগ্ৰস্ত বিজেপিৰ বিৰুদ্ধে সকলোকে মাৰ বান্ধি থিয় দিবলৈ আহ্বান জনায় ৷

কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতত আঞ্চলিক গণ মৰ্চাৰ আজিৰ আলোচনা অত্যন্ত তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে ৷ কৃষক নেতা সোণেশ্বৰ নৰহে উদ্দেশ্য ব্যাখ্যা কৰা আজিৰ অনুষ্ঠানত সাংসদ অজিত কুমাৰ ভূঞাৰ উপৰিও সাংবাদিক মনজিৎ মহন্ত, বিশিষ্ট অধিবক্তা শান্তনু বৰঠাকুৰ, হলিৰাম টেৰাঙ উপস্থিত থাকে ৷

আজিৰ আলোচনাত অংশ লৈ সাংবাদিক মনজিত মহন্তই অসমত আঞ্চলিকতাবাদক পুনৰ উদ্ধাৰ আৰু শক্তিশালী কৰাৰ স্বাৰ্থতেই আঞ্চলিক গণ মৰ্চা গঠন কৰা হৈছে বুলি মন্তব্য কৰাৰ লগতে অনাগত নিৰ্বাচনৰ বাবে ৰাজ্যৰ বহুকেইটা সংগঠন আৰু ৰাজনৈতিক দলে আঞ্চলিক গণ মৰ্চাক সমৰ্থন জনাইছে বুলিও মন্তব্য কৰে ৷

উল্লেখযোগ্য যে, কা বিৰোধী ঐক্য মঞ্চয়েও আঞ্চলিক গণ মৰ্চাক নিৰ্বাচনী যুঁজত সমৰ্থন দিয়া বুলিও আঞ্চলিক গণ মৰ্চাৰ প্ৰতিনিধি দলে জানিবলৈ দিয়ে ।

আলোচনাত বোকাখাতৰ প্ৰবীণ সাংবাদিক ভবেশ শইকীয়াই আঞ্চলিক গণ মৰ্চালৈ প্ৰেৰণ কৰা শুভেচ্ছামূলক বাৰ্তা কৃষক নেতা সোনেশ্বৰ নৰহে পাঠ কৰে। মত বিনিময় অনুষ্ঠানটোত ব্ৰহ্মপুত্ৰ সংগ্ৰামী মঞ্চ, জীপাল কৃষক-শ্ৰমিক সংঘ, আম আদমী পাৰ্টি, অনুসূচিত জাতি ছাত্ৰ সংস্থা, ভাৰতীয় কমিউনিষ্ট পাৰ্টি, বোকাখাত সাংবাদিক সংন্থাৰ লগতে ভালে কেইটা দল সংগঠনে অংশ গ্ৰহণ কৰে ৷

মত বিনিময়ত অংশ লৈ জীপাল কৃষক শ্ৰমিক সংঘৰ  প্ৰণৱ দলেই বোকাখাতৰ ৰাজনীতিৰ পৰা কৃষি মন্ত্ৰী অতুল বৰাক ওফৰোৱাৰ স্বাৰ্থত সকলো পক্ষকে একত্ৰিত হ’বৰ বাবে আহ্বান জনায় ৷ বোকাখাত নাট্য মন্দিৰত অনুষ্ঠিত আজিৰ আলোচনা  অসমৰ জাতীয় সংগীতেৰে সামৰা হয় ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm
মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

July 8, 2026 8:05 pm
কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd