NORTHEAST NOW (Assamese)

ৰাজ্যসভাৰ পৰা এসপ্তাহলৈ নিলম্বিত হ’ল সাংসদ অজিত কুমাৰ ভূঞা

July 28, 2022 7:13 pm · জাহ্নৱী বৰুৱা,গুৱাহাটী

ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাক আজি এসপ্তাহৰ বাবে ৰাজ্যসভাৰ পৰা নিলম্বন কৰা হৈছে। হাতত প্লে’কাৰ্ড লৈ প্ৰতিবাদ কৰাৰ বাবেই নিলম্বন কৰা হয় সাংসদগৰাকীক।

বান সমস্যা আৰু ৬নং দফাৰ কমিটীৰ প্ৰতিবেদন দাবী কৰি সংসদৰ ভিতৰত প্ৰতিবাদ কৰিছিল সাংসদগৰাকীয়ে।

সাংসদ ভূঞাই বানপানীৰ সমস্যাক লৈ অসমবাসীক কেন্দ্ৰই ললিপপ দিয়াৰ অভিযোগ তুলি এনে আচৰণ বন্ধ কৰিবলৈ সকীয়াই দিয়ে।

এই সন্দৰ্ভত এক টুইট যোগে ভূঞাই কয় যে আজি এখন প্লে’কাৰ্ড লৈ প্ৰধানমন্ত্ৰীক অসমত বান সাহায্যৰ নামত ললিপপ নিদিবলৈ দাবী জনোৱাৰ লগতে অসমবাসীৰ বাবে সাংবিধানিক সুৰক্ষা ক’ত আছে বুলি প্ৰশ্ন কৰাৰ বাবে সংসদৰ পৰা নিলম্বন কৰা হৈছে।

অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত সমিতিৰ প্ৰতিবেদন কাৰ্যকৰী কৰিবলৈও সাংসদ অজিত কুমাৰ ভূঞাই লগতে সংসদত দাবী জনায়।

 

ইফালে নিলম্বনৰ পাছতে নৰ্থইষ্ট নাওৰ সাংবাদিকৰ সৈতে এক টেলিফোনিক বাৰ্তালাপত ভূঞাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে চৰকাৰে জনসাধাৰণক ভুৱা প্ৰতিশ্ৰুতিৰে কেৱল ঠগি আহিছে।

অসমৰ বানপানী সন্দৰ্ভত মিছাৰ আশ্ৰয় লোৱাৰ অভিযোগ তুলি ভূঞাই লগতে কয় যে যোৱা চাৰি বছৰত অসমে ৯০০০ কোটি টকা বানপানীৰ বাবে কেন্দ্ৰৰ পৰা বিচৰাৰ পাছতো কেন্দ্ৰই মাত্ৰ ৪৪ কোটি টকা মুকলি কৰিছে।

বানৰ নামত দেশৰ আন ৰাজ্যক কিমান অনুদান আগবঢ়োৱা হৈছে, তাৰ হিচাপ ল’লেই অসমক কিদৰে বঞ্চনা তথা প্ৰতাৰণা কৰা হৈছে সেয়া ওলাই পৰিব বুলি ভূঞাই লগতে কয়।

আনহাতে কেন্দ্ৰীয় চৰকাৰে প্ৰতিবাদৰ সকলো পথ বন্ধ কৰাৰ বাবে সকীয়নিৰ পিছতো ৰাজ্যৰ স্বাৰ্থত এইদৰে হাতত প্লে’কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে বুলি সাংসদগৰাকীয়ে মন্তব্য কৰে।

Related News