উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিছে তাক লৈ ক্ষুৰধাৰ সমালোচনা সাংসদ গৌৰৱ গগৈয়ে । কলিয়াবৰত উপস্থিত হৈ সাংসদগৰাকীয়ে এনেদৰে মন্তব্য কৰে।
চৰকাৰে সদিচ্ছা প্ৰকাশ কৰা হ’লে নিৰ্বাচনৰ আগতে পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিলেহেঁতেন।
কিছুমান ৰাজ্যত বিধানসভা নিৰ্বাচন হোৱাৰ পিছতো পৰীক্ষা সময়মতেই অনুষ্ঠিত কৰিব পাৰিলে বুলিও তেওঁ মন্তব্য কৰে।
কিন্তু অসমত কিয় নোৱাৰিলে?ফেব্ৰুৱাৰী মাহতে কিয় নোৱাৰিলে? ছাত্ৰ-ছাত্ৰী সকলক চৰকাৰে যিদৰে আস্থা দিব লাগিছিল দিব পৰা নাই।
অসমৰ বাহিৰত পৰীক্ষাৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি গৈছে কিন্তু অসমত বৰ্তমানে চৰকাৰে গুৰুত্ব নিদিয়াৰ বাবে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ যথেষ্ট প্ৰশ্ন উঠিছে।
আনহাতেদি অখিল গগৈ জে’লৰ পৰা ওলাই অহাতো সন্তোষ প্ৰকাশ কৰে সাংসদ গৰাকীয়ে।
মৰিয়নী সমষ্টিৰ উপ নিৰ্বাচনৰ ক্ষেত্ৰতো মন্তৱ্য আগবঢ়াই কয় তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মতক গুৰুত্ব প্ৰদান কৰাৰ কথা উল্লেখ কৰে।
বৰ্তমানৰ ক’ভিড পৰিস্থিতিৰ সময়ত সন্মুখৰ পৰা যুঁজ দি অহা চিকিৎসক আৰু চিকিৎসা কৰ্মীসকলৰ মনোবল বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে কলিয়াবৰত চিকিৎসা কৰ্মী সকলৰ কাষত আহি উপস্থিত হয় কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ।
চিকিৎসক ও চিকিৎসাকৰ্মী সকলক সম্বৰ্ধনা জনাই উৎসাহিত কৰাৰ লগতে চিকিৎসা কৰ্মীসকলক চিকিৎসাৰ লগত জড়িত বিভিন্ন সা-সামগ্ৰীও বিতৰণ কৰে সাংসদ গৰাকীয়ে।
ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰকো ভেকচিন প্ৰদানৰ ক্ষেত্ৰত ব্যৰ্থ হোৱাত সমালোচনা কৰে।