NORTHEAST NOW (Assamese)

প্ৰত্যাহ্বান গ্ৰহণ, সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাক তুলা-ধূনা গৌৰৱ গগৈৰ

September 15, 2023 9:11 pm · এন ই নাও নিউজ, গুৱাহাটী

কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে শুকুৰবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ ভূমি অধিগ্ৰহণ আৰু কেন্দ্ৰৰ পৰা ১০ কোটি টকাৰ সাহাৰ্য্যৰ সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে।

ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যাহ্বান জনাই কৈছিল যে মোৰ পত্নীয়ে কেন্দ্ৰৰ পৰা ১০ কোটি টকা ৰাজসাহাৰ্য্য লাভ কৰাৰ কথা কোনোবাই তথ্য সহকাৰে প্ৰমাণ কৰি দিব পাৰিলে মই ৰাজহুৱা জীৱোন ত্যাগ কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগো কৰিম।

মুখ্যমন্ত্ৰীৰ এই প্ৰত্যাহ্বান গ্ৰহণ কৰি আজি গৌৰৱ গগৈয়ে সংবাদমেলযোগে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে ১০৬ বিঘা মাটি ক্ৰয় কৰি সেই মাটি বক্ৰপথেৰে শ্ৰেণী পৰিৱৰ্তন কৰাৰ কথা তথ্য সহকাৰে প্ৰমাণ কৰি দিয়ে। লগতে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ খাদ্য সংসাধন মন্ত্ৰালয়ৰ পৰা ‘প্ৰধানমন্ত্ৰী কিষাণ সম্পদ যোজনা’ আঁচনিৰ অধীনত উদ্যোগ স্থাপনৰ বাবে লাভ কৰিলে ১০ কোটি টকাৰ ৰাজসাহায্য লাভ কৰা কথাটোও তথ্য-প্ৰমাণ সহকাৰে উদঙাই দি হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ আৰু ৰাজহুৱা জীৱন ত্যাগ কৰিবলৈ আহ্বান জনাই।

সংবাদ মেল সম্বোধন কৰি সাংসদ গৌৰৱ গগৈয়ে কয় যে মই যিকোনো আইনী প্ৰত্যাহ্বানক আদৰণি জনাইছোঁ।

ইয়াৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিষয়ে মিছা তথ্য প্ৰচাৰ কৰি সমাজত তেখেতৰ ভাবমূৰ্ত্তি নষ্ট কৰাৰ অভিযোগত গৌৰৱ গগৈৰ বিৰুদ্ধে ১০ কোটি টকাৰ মানহানিৰ গোচৰ তৰাৰ ভাবুকি প্ৰদান কৰিছিল। ইতিমধ্যে সেই প্ৰত্যাহ্বানক আদৰণি জনাইছে গৌৰৱ গগৈয়ে। লগতে গগৈয়ে দীঘলীয়া সংবাদমেলৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপন হোৱা সকলো অভিযোগ তথ্য সহাকাৰে উপস্থাপন কৰে। 

এই আবণ্টন সন্দৰ্ভত সাংসদ গগৈয়ে কয় যে মুখ্যমন্ত্রীৰ পৰিয়ালৰ মালিকানাধীন এটা মিডিয়া হাউছে যথেষ্ট পৰিমাণৰ কৃষিভূমিৰ অধিগ্ৰহণ আৰু পৰৱৰ্তী সময়ত বিজুলীৰ গতিবেগেৰে কম সময়ৰ ভিতৰতে ঔদ্যোগিক সম্পত্তিলৈ ৰূপান্তৰিত কৰাৰ বিস্তৃত তদন্তৰ দাবী জনাইছে সাংসদ গগৈয়ে।

Related News