নিৰ্বাচনৰ পূৰ্বে দিয়া এটাও প্ৰতিশ্ৰুতি চৰকাৰখনে আজি পৰ্যন্ত কাৰ্যক্ষম নকৰিলে: সাংসদ গৌৰৱ গগৈ

Gaurav Gogoi

ফটো: নৰ্থইষ্ট নাও।

Gaurav Gogoi slams State BJP Govt. অহা ৩০ অক্টোবৰত ৰাজ্যত হ’বলগীয়া উপ নিৰ্বাচনৰ ব্যস্ততাৰ মাজতে কংগ্ৰেছী সাংসদ গৌৰৱ গগৈ সোমবাৰে বিয়লি মৰিয়নী সমষ্টিৰ নিকটৱৰ্ত্তী টীয়কত উপস্থিত হয়।

টীয়কৰ যুৱনেত্ৰী পল্লবী গগৈৰ লগতে কেইবাজনো দলীয় কৰ্মীক লগত লৈ গৌৰৱ গগৈয়ে সমষ্টিৰ কেইবাগৰাকীও প্ৰবীণ তথা জ্যেষ্ঠ কংগ্ৰেছীৰ ঘৰে ঘৰে উপস্থিত হৈ একোখনকৈ গামোচাৰে সেৱা জনাই কংগ্ৰেছৰ প্ৰতি তেওঁলোকৰ মহান ত্যাগক শ্ৰদ্ধাৰে সোঁৱৰে আৰু নামঘৰ,মন্দিৰত সেৱা লয়।

তেওঁ লগতে অনাগত দিনবোৰতো তেওঁলোকৰ দিহা-পৰামৰ্শ কামনা কৰে।

সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাতত তেওঁ কয় যে বৰ্তমান হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ৰাজনীতিত কালিমা সানিছে। ৰাজনীতিৰ নামত বিধায়ক বেচা কিনা কৰি উপ নিৰ্বাচন পাতি লক্ষ্য লক্ষ্য ৰাইজৰ টকা অপচয় কৰিছে যাৰ ফলত দেশত মূল্য বৃদ্ধি হৈছে আৰু ই  খাটিখোৱা জনতাক বাৰুকৈ প্ৰভাৱাম্বিত কৰিছে।

তেওঁ লগতে কয় যে নিৰ্বাচনৰ পূৰ্বে দিয়া এটাও প্ৰতিশ্ৰুতি চৰকাৰখনে আজি পৰ্যন্ত কাৰ্যক্ষম নকৰিলে, কেৱল প্ৰতিশ্ৰুতি প্ৰদান কৰিয়েই সাধাৰণ জনতাক আকৰ্ষণ কৰিবলৈ উঠি পৰি লাগিছে।

কিন্তু ৰাইজে বৰ্তমান সকলো বুজি পাইছে আৰু সেয়ে বিজেপিৰ পৰিবৰ্তে কংগ্ৰেছৰ পক্ষত ভোট প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে সাংসদ গগৈয়ে।

ৰাইজে যদি মূল্যবৃদ্ধিকে ধৰি অনান্য কেৱল প্ৰতিশ্ৰুতিবোৰকে লৈ জীয়াই থাকিবলৈ ইচ্ছা কৰিছে তেন্তে বিজেপি আৰু তাৰ পৰা পৰিত্ৰাণ পাবলৈ যদি ইচ্ছা কৰিছে তেন্তে কংগ্ৰেছক পুনৰ শাসনৰ বাঘজৰী অৰ্পণ কৰিবলৈ সাংসদগৰাকীয়ে আহ্বান জনাইছে।

অসমত কংগ্ৰেছ-বিজেপিৰ বাদে অন্য কোনো দল শাসনৰ গাদীত অধিষ্ঠিত নহয় আৰু অধিষ্ঠিত হ’লে অসমৰ ৰাইজ লোকচানৰ সন্মুখীন হ’বলগীয়া হ’ব বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে।