• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোবৰৰ পৰা কেঞ্চাৰৰ ঔষধ! গৱেষণাৰ নামত ৩.৫ কোটি টকা ব্যয় কৰিলে মধ্যপ্ৰদেশৰ বিশ্ববিদ্যালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 12, 2026 10:16 am
35
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোবৰ আৰু গোমূত্ৰৰ পৰা তৈয়াৰী পঞ্চগব্যই কৰ্কট ৰোগ নিৰাময় কৰিব পাৰেনে? এই সন্দৰ্ভত গৱেষণাৰ বাবে মধ্যপ্ৰদেশৰ নানাজী দেশমুখ পশু চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়ক ৩.৫ কোটি টকা দিছিল ৰাজ্যখনৰ বিজেপি চৰকাৰে। সেই ধন ২০১১ চনত দিয়া হৈছিল। কিন্তু সেই গৱেষণাৰ ফলাফল কি?

শেহতীয়াকৈ এই কথা জানিবলৈ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। আৰু তাতেই পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। গৰুৰ গোবৰ আৰু গোমূত্ৰৰ পৰা কৰ্কট ৰোগৰ ঔষধ তৈয়াৰ কৰাৰ গৱেষণাৰ নামত চৰকাৰী ধনৰ অপচয় হৈছে।

Apply Now

প্ৰায় দুই কোটি টকা খৰচ হৈছে কেৱল গৰুৰ গোবৰ, গোমূত্ৰ, বাচন-বৰ্তন আদি কেঁচামাল কিনিবলৈ! আনকি জবলপুৰৰ সেই পশু বিজ্ঞান বিশ্ববিদ্যালয়ৰ গৱেষকসকলে গোৱা আৰু বাংগালুৰু ভ্ৰমণতো বহু টকা খৰচ কৰিছিল। এখন গাড়ীও কিনি লোৱা হৈছিল।

গৱেষণাৰ ফলাফল জানিবলৈ জিলা দণ্ডাধীশে তদন্তকাৰী দল গঠনৰ নিৰ্দেশ দিয়ে। তদন্তৰ প্ৰতিবেদনত কোৱা হৈছে যে গৱেষণাৰ নামত যি ধৰণে ধন খৰচ কৰা হৈছিল সেয়া আচৰিত। বজাৰৰ মূল্যতকৈ অধিক মূল্যত প্ৰতিটো বস্তু কিনা হৈছিল। প্ৰস্তাৱিত সামগ্ৰীৰ উপৰিও বিভিন্ন ব্যয়বহুল সামগ্ৰী ক্ৰয় কৰা হৈছে।

প্ৰশাসনিক সূত্ৰ অনুসৰি বিশ্ববিদ্যালয়খনে গৱেষণাৰ বাবে ৮ কোটি টকাৰ অনুদানৰ বাবে আবেদন জনাইছিল। প্ৰথম অৱস্থাত মাত্ৰ ৩.৫ কোটি টকাহে আবণ্টন দিয়া হৈছিল। ২০১২ চনৰ পৰা আৰম্ভ হোৱা এই গৱেষণা ২০১৮ চনলৈকে চলিছিল।

তদন্তত দেখা গৈছে যে গৰুৰ গোবৰ আৰু বিভিন্ন মেচিনকে ধৰি ১৫-২০ লাখ টকাত লাভ কৰিব পৰা সামগ্ৰীৰ বাবে প্ৰায় ২ কোটি টকা ব্যয় কৰা হৈছে। গৱেষকসকলে গোৱা, বেংগালুৰুকে ধৰি বিভিন্ন চহৰলৈ ২৩ৰ পৰা ২৪ বাৰ উৰা মাৰিছিল। তদুপৰি ৭.৫ লাখ টকাত এখন গাড়ী ক্ৰয় কৰা হয়। যিটো চৰকাৰক দাখিল কৰা প্ৰাৰম্ভিক তালিকাত নাছিল। গাড়ীখনৰ ইন্ধন আৰু ৰক্ষণাবেক্ষণৰ বাবেও প্ৰায় ৭.৫ লাখ টকা ব্যয় কৰা হয়।

সেইদৰে, বাজেটৰ বাহিৰত ১৫ লাখ টকাৰ টেবুল আৰু ইলেক্ট্ৰনিক সঁজুলি ক্ৰয় কৰা হয়। শ্ৰমিকসকলক ৩.৫ লাখ টকা প্ৰদান কৰা হয়। আৰু আটাইতকৈ ডাঙৰ কথাটো হ’ল এই সকলো ব্যয়ৰ পিছতো গৱেষণাত উল্লেখযোগ্য একো পোৱা নগ’ল।

তদন্তৰ দায়িত্বত থকা অতিৰিক্ত জিলা দণ্ডাধীশ ৰঘুবৰ মাৰাৱীয়ে কয় যে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কৃষকসকলক বিভিন্ন প্ৰশিক্ষণ প্ৰদান কৰা বুলি দাবী কৰিছে। কিন্তু কি প্ৰশিক্ষণৰ কোনো উল্লেখ নাই।

অৱশ্যে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সকলো অভিযোগ অস্বীকাৰ কৰিছে। পঞ্জীয়ক ড° এছ এছ টোমৰে দাবী কৰে যে, “সকলো নিয়ম অনুসৰি কৰা হৈছে। আমি এতিয়াও যুৱক-যুৱতী আৰু কৃষকসকলক প্ৰশিক্ষণ দি আছো।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

September 6, 2026 3:16 pm
‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

September 6, 2026 1:58 pm
উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

September 6, 2026 12:41 pm
হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

September 6, 2026 11:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

September 6, 2026 3:16 pm
‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

September 6, 2026 1:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd