ৰাজ্যপালৰ শাসনৰ পাছতে বি টি চিৰ নৱনিযুক্ত প্ৰশাসক আৰু জিলা উপায়ুক্তক সাক্ষাৎ সাংসদ নৱ শৰণীয়াৰ; বি পি এফক সমালোচনা

naba sarania

সাংসদ নৱ কুমাৰ শৰণীয়াৰ ফাইল ফটো

বি টি আৰত ৰাজ্যপাল শাসনক লৈ বি পি এফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰী, সাংসদ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম, বি টি চিৰ উপ মুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰীকে ধৰি বি পি এফৰ প্ৰায় প্ৰতিগৰাকী নেতাই তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰি অহাৰ সময়তে  আজি বি টি চি সচিৱালয়ত উপস্থিত হৈ বিটিচিৰ নৱনিযুক্ত প্ৰশাসক ৰাজেশ প্ৰসাদক সাক্ষাৎ কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই।

ইয়াৰ পিছতে সাংসদগৰাকীয়ে কোকৰাঝাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত প্ৰৱেশ কৰি জিলা উপায়ুক্তৰ সৈতে কভিড-১৯ আৰু নিৰ্বাচন সম্পৰ্কীয় বৈঠকত অংশগ্ৰহণ কৰে।

জিলা উপায়ুক্তৰ সতে অনুষ্ঠিত হোৱা আলোচনাৰ অন্তত সাংসদ নৱ কুমাৰ শৰণীয়াই সংবাদ মাধ্যমৰ আগত বি টি চিত ৰাজ্যপাল শাসন প্ৰৱৰ্তনক সমৰ্থন কৰি অহা চেপ্টেম্বৰ -অক্টোবৰ মাহত বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত হলে সকলোৰে বাবে মংগলজনক হ’ব বুলি মন্তব্য কৰে ।

ৰাজ্যপালৰ শাসনৰ বিৰোধিতা কৰি বি পি এফৰ জেষ্ঠ নেতাসকলে অসাংবিধানিক শব্দ, মন্তব্য প্ৰয়োগ কৰাটো মুঠেও সমীচীন হোৱা নাই বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে বি পি এফৰ দুৰ্নীতিৰ কথাও সদৰি কৰে ।

ল’কডাউনৰ সময়ত সাহায্য সামগ্ৰী আৰু কৃষকৰ এহেজাৰ টকা অকল বি পি এফৰ সদস্য সকলেহে লাভ কৰাৰ অভিযোগ উত্থাপন কৰি সাংসদ নৱ কুমাৰ শৰণীয়াই বি পি এফৰ একাংশ নেতাই এতিয়া তেওঁলোকক তথ্যৰ যোগান ধৰি আছে বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰে।

বিভীষণৰ বাবে লংকা যেনেকৈ চাৰখাৰ হৈছিল ঠিক তেনেদৰে আমাৰ এতিয়া যথেষ্ঠ সুবিধা হৈছে বুলি তাপপৰ্যপূৰ্ণ মন্তব্য কৰি শৰণীয়াই ৰাজ্যপাল শাসনৰ পিছতে জিলা উপায়ুক্ত কাৰ্যালয়সমুহো সক্ৰিয় হৈছে বুলি মন্তব্য কৰে।

তদুপৰি, ৰাজ্যপাল শাসনৰ বিৰুদ্ধে দাখিল কৰা ৰাজহুৱা স্বাৰ্থজড়িত আৱেদন কাইলৈ হেস্ত-নেস্ত নহয় বুলি মন্তব্য কৰি ন্যায়ালয়ে সঠিকভাৱেই ৰায়দান কৰিব বুলিও নৱ কুমাৰ শৰণীয়াই লগতে কয়।

বিপদৰ সময়ত সকলোৱে চৰকাৰী সাহায্য সামগ্ৰী তথা অনুদান পাব লাগে আৰু এইক্ষেত্ৰত ভিচিডিচি সমুহে খেলিমেলি কৰিছে বুলি অভিযোগেৰে ভিচিডিচি সমূহ ভংগ হৈছে বুলি মন্তব্য কৰি চাপ্লাইৰ নামত বহু দূৰ্নীতি সংঘটিত হোৱা বুলি দাবী উত্থাপন কৰে সাংসদ গৰাকীয়ে।