তেওঁলোক দিছপুৰৰ পৰা দিল্লীলৈ গ’ল! বিধায়ক-মন্ত্ৰীৰ পৰা সাংসদো হ’ল, তথাপি এৰিব নোখোজে দিছপুৰৰ মোহ।
অৰ্থ্যাৎ মন্ত্ৰী ক’লনীৰ মোহ এৰিব নোখোজে একাংশ সাংসদে।
পল্লৱলোচন দাস, তেজপুৰ সমষ্টিৰ সাংসদ আৰু তপন গগৈ, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ। এওঁলোক প্ৰাক্তন মন্ত্ৰী।
সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ দিনত পল্লৱলোচনৰ হাতত আছিল শ্ৰম-কল্যাণ, শক্তিকে ধৰি অন্য বহু কেইটা দপ্তৰ। ঠিক সেইদৰে সাংসদ তপন গগৈৰ হাততো আছিল শক্তি লোকনিৰ্মাণ (ৰাজ্যিক)কে ধৰি অন্য বিভাগ। সেয়া এতিয়া অতীত। বৰ্তমান দুয়োৰে পৰিচয় একোগৰাকী লোকসভাৰ সাংসদ হিচাপে।
২০১৯ চনৰ লোকসভা নিৰ্বাচনত পল্লৱলোচন আৰু তপন গগৈ সাংসদ হিচাপে নিৰ্বাচিত হ’ল। চৰকাৰী নিয়ম অনুসৰি তেতিয়াই দুয়ো খালী কৰিব লাগিছিল মন্ত্ৰী আৱাস।
কিন্তু অতি ৰহস্যজনকভাৱে এতিয়াও মন্ত্ৰী আৱাসৰ এটা কোৱাৰ্টাৰ দখল কৰি আছে সাংসদ পল্লৱলোচন দাসে। নিউ মিনিষ্টাৰ কলনিৰ M-15 ত এতিয়াও পল্লৱলোচনৰ আধিপত্য! ৰাইজৰ ধনেৰে মন্ত্ৰী আৱাসত ৰাজভোগ পল্লৱলোচনৰ!
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কোৱাৰ্টাৰৰ ঠিক নিলগতে সাংসদ পল্লৱলোচনৰ আৱাস। অৱশ্যে, ২০১৯ চনৰ পৰা ২০২১ চনলৈকে সাংসদ তপন গগৈয়ো হৈ আছিল নিউ মিনিষ্টাৰ কলনিৰ আৱাসী। অৰ্থ্যাৎ যেতিয়ালৈকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হৈ আছিল তেতিয়ালৈকে বীৰদৰ্পে মন্ত্ৰী আৱাসত আছিল তপন গগৈ।
কিন্তু ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছতে মন্ত্ৰী আৱাস খালী কৰিলে সাংসদ তপন গগৈয়ে।
সুত্ৰ অনুসৰি নতুন মন্ত্ৰী সভা গঠন হোৱাৰ পাছতে চৰকাৰী নিয়ম অনুসৰি খালী কৰা হ’ল তপন গগৈৰ আৱাস। সাংসদ গগৈৰ দৰে পল্লৱলোচনৰ আৱাসটোও খালী কৰিব বিচাৰিছিল। কিন্তু লেথা লাগিল সেইখিনিতেই…. ‘মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ হোৱাৰ বাবেই পল্লৱলোচনে এৰিবলগীয়া নহ’ব নেকি মন্ত্ৰী আৱাস?
চৰকাৰী নিয়ম অনুসৰি মন্ত্ৰী এগৰাকী সাংসদ হ’লে তেওঁৰ মন্ত্ৰী আৱাস খালী কৰিব লাগে। কিন্তু ‘দাদা বিগ্ৰেডৰ অন্যতম বিশ্বস্ত হোৱাৰ বাবেই আশীৰ্বাদ পুষ্ট নেকি পল্লৱলোচন?’
উল্লেখ্য যে, দিল্লীত সাংসদসকলৰ বাবে থকা সু-সুজ্জিত তথা অত্যাধুনিক ব্যৱস্থাসম্পন্ন আৱাসগৃহ লাভ কৰাৰ পাছতো দিছপুৰৰ মন্ত্ৰী আৱাসগৃহ কিয় এৰিব খোজা নাই পল্লৱলোচনে?
একাংশই ক’ব খোজে যে গুৱাহাটীত সুৰক্ষিত জিৰণিগৃহ হিচাপে পূৰ্বৰ মন্ত্ৰীৰ আৱাসগৃহটো এৰিব খোজা নাই পল্লৱে। তদুপৰি গুৱাহাটীত আহি থকা সময়ছোৱাত নিজৰ লবীৰ মানুহখিনিক সুকলমে লগ পোৱাৰ সুবিধাকণ হেৰুৱাব নিবিচাৰে প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ সাংসদজনে।