তেজপুৰ লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব লাভৰ পৰা বঞ্চিত বিজেপিৰ সাংসদ ৰাম প্ৰসাদ শৰ্মাৰ ক্ষোভ এতিয়াও আঁতৰা নাই। বিজেপিৰ দলীয় কাৰ্যসূচীৰ পৰা নিজকে আঁতৰাই ৰখা সাংসদগৰাকীৰ অসন্তুষ্টিৰ প্ৰতিফলন ঘটিল শনিবাৰে গহপুৰত মোডীৰ সভাত।
টিকট লাভৰ পৰা বঞ্চিত সাংসদ আৰ পি শৰ্মা শনিবাৰে উপস্থিত নাথাকিল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গহপুৰৰ বৃহৎ নিৰ্বাচনী সভাত। দলীয় সূত্ৰই জানিব দিয়া মতে, শনিবাৰৰ নিৰ্বাচনী সভালৈ দলৰ তৰফৰ পৰা সাংসদগৰাকীক আনুষ্ঠানিক নিমন্ত্ৰণ দিয়া হৈছিল যদিও তেওঁ সভাত উপস্থিত নাথাকিল।
ইপিনে, সভালৈ নিমন্ত্ৰণৰ সন্দৰ্ভত সাংসদ আৰ পি শৰ্মাই নিজে এতিয়ালৈকে কোনোধৰণৰ মন্তব্য ৰাজহুৱাভাৱে প্ৰকাশ কৰা নাই।
উল্লেখ্য যে তেজপুৰ লোকসভা সমষ্টিৰ বাবে বিজেপিৰ প্ৰদেশ কমিটিৰ তৰফৰ পৰা প্ৰেৰণ কৰা প্ৰাৰ্থী পেনেলত তেওঁৰ নাম অন্তৰ্ভুক্ত নকৰা বুলি অভিযোগ তুলি সাংসদ আৰ পি শৰ্মাই বিজেপিৰ প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল।
ইয়াৰ পাছতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ পদত্যাগ গ্ৰহণ নকৰা বুলি জানিবলৈ দি শৰ্মাই বিজেপি দল ত্যাগ নকৰে বুলি মন্তব্য কৰিছিল।
আনহাতে, পুৰণি বিজেপি সদস্যসকলক লৈ ২৩ মে’ৰ পাছৰ পৰা বিজেপি দলটো নতুনকৈ গঠন কৰাৰ কথা ঘোষণা কৰিছিল সাংসদগৰাকীয়ে। ইপিনে, শনিবাৰৰ নিৰ্বাচনী সভাত আৰ পি শৰ্মাৰ অনুপস্থতি থকা কথাটোৱে বিভিন্ন মহলত চৰ্চা লাভ কৰিছে।