শেহতীয়াকৈ বিশ্বজুৰি এক নতুন আশংকা বিয়পি পৰিছে। এই নতুন সংশয়ৰ নাম হৈছে ‘Mpox’। ইতিমধ্যে পূব আফ্ৰিকাৰ বিভিন্ন দেশত এমপক্সৰ প্ৰাদুৰ্ভাৱ বিয়পি পৰিছে। তদুপৰি এমপক্সৰ নতুন ভেৰিয়েণ্ট ‘ক্লেড ১’ এতিয়া আমেৰিকাৰ বিভিন্ন দেশত বিয়পি পৰিছে। দক্ষিণ কেলিফৰ্ণিয়াত ইতিমধ্যে বহু লোক আক্ৰান্ত হৈছে। সূত্ৰই জনোৱা মতে, ইতিমধ্যে বহু দেশত এমপক্সৰ ভয় বিয়পি পৰিছে। মন কৰিবলগীয়া যে যোৱা বছৰ ভাৰতৰ বিভিন্ন প্ৰান্তত এমপক্সত আক্ৰান্ত ৰোগী পোৱা গৈছিল। ভাইৰাছৰ ফলত সৃষ্টি হোৱা এই ভয়ানক ৰোগ কেৰালাত দ্ৰুতগতিত বিয়পি পৰিছিল। সেয়ে এই ৰোগৰ পুনৰ আবিৰ্ভাৱত চিকিৎসক সমাজত উদ্বিগ্নতা বাঢ়িছে।
ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাই সকীয়াই দিছে। সংস্থাটোৱে ইয়াৰ আগতেও এবাৰ ২০২২ চনত সতৰ্কবাণী জাৰি কৰিছিল। এটা সময়ত এই ৰোগ কেৱল মধ্য আফ্ৰিকাৰ দেশসমূহত সীমাবদ্ধ আছিল। এতিয়া ক্ৰমান্বয়ে ই আন দেশতো বিয়পিবলৈ আৰম্ভ কৰিছে।
উল্লেখ্য যে এমপক্স হৈছে পশুৰ দ্বাৰা সংক্ৰমিত ভাইৰাছ। এই ৰোগৰ ভাইৰাছ এবিধ প্ৰাণীৰ শৰীৰৰ পৰা মানুহলৈ সংক্ৰমিত হয়। যদিও এই ৰোগৰ লক্ষণ কিছু পৰিমাণে বসন্তৰ সৈতে মিল আছে, তথাপিও এই ক্ষেত্ৰত কিছু অতিৰিক্ত লক্ষণ দেখা যায়। এমপক্সত আক্ৰান্ত হ’লে শৰীৰত ৰক্ত সঞ্চালনত বাধাৰ সৃষ্টি হয়। সমগ্ৰ শৰীৰৰ পেশীবোৰত তীব্ৰ বিষ হয়। শৰীৰৰ গ্ৰন্থিবোৰো ফুলি উঠে।
এমপক্স অতি সংক্ৰামক। এই ৰোগ সংক্ৰমিত ব্যক্তিৰ শৰীৰৰ তৰল পদাৰ্থ, হাঁচি আৰু কাঁহৰ দ্বাৰা দ্ৰুতগতিত বিয়পে। এই ৰোগৰ ভাইৰাছ ঘাঁৰ মাজেৰে আনকি চকুৰ মাজেৰেও সুস্থ ব্যক্তিৰ শৰীৰত প্ৰৱেশ কৰিব পাৰে। আক্ৰান্ত ব্যক্তিৰ কাপোৰৰ পৰাও এই এমপক্সৰ সংক্ৰমণ হ’ব পাৰে।
এমপক্সৰ কোনো ভেকচিন বা চিকিৎসা এতিয়াও উদ্ভাৱন কৰা হোৱা নাই। সংক্ৰমণ প্ৰতিৰোধৰ বাবে বসন্তৰ চিতা দিলেও ই বিশেষ ফলপ্ৰসূ নহয়।




