৬ এপ্ৰিলত গুৱাহাটীত ৩০ সংখ্যক মিঃ শৰাইঘাট দেহশ্ৰী প্ৰতিযোগিতা

আৰ জি বৰুৱা সোঁৱৰণী ৩০ সংখ্যক মিঃ শৰাইঘাট সৰ্বভাৰতীয় ক্লাছিক দেহশ্ৰী প্ৰতিযোগিতা অহা ৬ এপ্ৰিলত গুৱাহাটীৰ আই টি এ মাছখোৱা প্ৰকল্পত অনুষ্ঠিত হ’ব।

অসম বডী বিল্ডাৰ্চ এণ্ড ফিটনেছ এছ’চিয়েচনৰ তত্বাৱধানত আৰু শৰাইঘাট জিমৰ উদ্যেগত উক্ত প্ৰতিযোগিতী অনুষ্ঠিত কৰি অহা হৈছে।

উল্লেখযোগ্য যে আনবাৰ সমূহৰ দৰে এইবাৰো এটা শাখাত অনুষ্ঠিত হ’বলগীয়া আগশাঢ়িৰ প্ৰতিযোগিতাখনত ৰাষ্ট্ৰীয় আৰু আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাজনো শৰীৰচৰ্চাবিদে অংশগ্ৰহণ কৰিব।

বুধবাৰে এই সন্দৰ্ভত প্ৰতিযোগিতাখনৰ উদ্যোক্তাসকলে এখন সংবাদমেল অনুষ্ঠিত কৰে। প্ৰতিযোগিতাখনৰ চেম্পিয়ন, ৰাণাৰ্ছ আপ আৰু তৃতীয় স্থানপ্ৰাপ্ত সকলক ক্ৰমে ১.৫০ লাখ, ১ লাখ আৰু ৮০ হাজাৰ প্ৰদান কৰা হ’ব বুলি উদ্যোক্তা সমিতিয়ে জানিবলৈ দিয়ে। তদুপৰি প্ৰথম দহ গৰাকী প্ৰতিয়োগিকো আৰ্থিকভাৱে পুৰস্কৃত কৰা হ’ব।

আনহাতে কেৱল অসমৰ শৰীৰচৰ্চাবিদ সকলৰ মাজত অসমীয়া প্ৰতিদিন মিঃ শৰাইঘাট ক্লাছিক ব’ডী বিল্ডিং চেম্পিয়নশ্বিপ অনুষ্ঠিত হ’ব। ইয়াত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত সকলক ক্ৰমে ৩০ হাজাৰ, ২০ হাজাৰ আৰু ১৫ হাজাৰ টকাকৈ প্ৰদান কৰাৰ লগতে চতুৰ্থ স্থানত ১০ হাজাৰ আৰু পঞ্চম স্থানপ্ৰাপ্তক ৫ হাজাৰ টকা প্ৰদান কৰা হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে।

মূল প্ৰতিযোগিতাখনৰ বাবে অসমৰ দলটো ইতিমধ্যে গঠন কৰা হৈছে। অসমৰ দলটোত থকা সদস্যসকল হৈছে  খঞ্জন প্ৰতিম তালুকদাৰ, দিপু দিত্ত, শুভদীপ বৈদ্য, মনজিৎ ৰয়, কোছৰ আলী, অসীম দিহিঙীয়া, শুভিত গগৈ, নয়ন নেওগ আৰু মইনুল ইছলাম।