DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 15, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বঙাইগাঁও জিলাক দুৰ্ঘটনামুক্ত জিলা হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে “প্ৰকল্প মৃত্যুঞ্জয়”ৰ শুভাৰম্ভ

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
January 2, 2022 1:27 pm
161
VIEWS
Share on FacebookShare on Twitter

বঙাইগাঁও জিলাখনক দুৰ্ঘটনামুক্ত জিলা হিচাপে গঢ়ি তুলিবলৈ উপায়ুক্ত ডা:এম এছ লক্ষ্মী প্ৰিয়াৰ চিন্তা-চৰ্চাৰে “প্ৰকল্প মৃত্যুঞ্জয়”ৰ শুভাৰম্ভ কৰা হয়।

জিলা পৰিবহন বিষয়া কাৰ্যালয়ৰ চৌহদত আনুষ্ঠানিকভাৱে এই প্ৰকল্পৰ শুভাৰম্ভ কৰে বঙাইগাঁও বিধান সভা সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰী আৰু উপায়ুক্ত ডা:এম এছ লক্ষ্মী প্ৰিয়াই।

মৃত্যুঞ্জয় প্ৰকল্প শুভাৰম্ভ কৰি বিধায়ক চৌধুৰীয়ে নিজৰ বক্তব্যত দুৰ্ঘটনামুক্ত বঙাইগাঁও গঢ়িবলৈ জিলা প্ৰশাসনক ৰাইজে সহযোগিতা আগবঢ়াব লাগিব বুলি উল্লেখ কৰে।

আনহাতে জিলা উপায়ুক্তগৰাকীয়ে জিলাখনত সকলো গাড়ীচালকে চীট বেল্ট মাৰক, দুচকীয়া বাহনত আৰোহীয়ে হেলমেট পিন্ধি গাড়ী চলাওক, সুৰাপান কৰি গাড়ী চলোৱা পৰিত্যাগ কৰক, গাড়ী চলোৱাৰ সময়ত মোবাইলত কথা পতা অভ্যাস পৰিত্যাগ কৰি জিলাখনক দুৰ্ঘটনামুক্ত জিলা হিচাপে স্বীকৃত কৰিবলৈ সকলোকে সহযোগ কৰিবলৈ আহ্বান জনায়৷

জিলা পৰিবহন বিষয়া দীপজ্যোতি নেওগে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানৰ অংশ হিচাপে অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়া অমিত বৰ্মনৰ পৰিচালনাৰে উক্ত বিভাগ আৰু যান-বাহন আৰক্ষীয়ে দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত লোকক তাৎক্ষণিকভাৱে কষ্ট নোপোৱাকৈ কেনেদৰে প্ৰাথমিক সাহায্য আগবঢ়াব পাৰে তাৰ কিছুমান সহজ কৌশল প্ৰদৰ্শন কৰে।

অনুষ্ঠানত গাড়ী চলোৱা নিয়মসমূহ মানি চলাৰ বাবে শপত বাক্য পাঠ কৰোৱায় উপায়ুক্ত ডা:এম এছ লক্ষ্মী প্ৰিয়াই। উল্লেখ্য যে অনুষ্ঠানত নিয়ম মানি গাড়ী চলোৱা ৯ গৰাকী গাড়ীচালকক বঁটা প্ৰদান কৰা হয়।

“প্ৰকল্প মৃত্যুঞ্জয়” শুভাৰম্ভণি অনুষ্ঠানৰ আন এটা কাৰ্যসূচী আছিল বাইক সমদল।গাড়ী চলোৱাৰ নিয়মসমূহ প্লেকাৰ্ডত প্ৰদৰ্শন কৰি বাইক সমদল উলিওৱা হয় জিলা পৰিবহন বিষয়া কাৰ্যালয়ৰ পৰা আৰু এই বাইক সমদল পতাকা জোকাৰি শুভাৰম্ভ কৰে উপায়ুক্ত ডা:এম এছ লক্ষ্মী প্ৰিয়াই।

অনুষ্ঠানত জিলাৰ অতিৰিক্ত উপায়ুক্ত নৱজ্যোতি ওজা, জিলাখনৰ উপ আৰক্ষী অধীক্ষক মণিকান্ত চমুৱা , চক্ৰ বিষয়া ৰুণাভ ৰামচিয়াৰী, সহকাৰী আয়ুক্ত শিল্পীৰেখা পণ্ডিত, বঙাইগাঁও পৌৰসভাৰ কাৰ্যবাহী বিষয়া, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক,বিদ্যালয়সমূহৰ পৰিদৰ্শক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়া, লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা, দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ জিলা প্ৰকল্প বিষয়া আৰু ক্ষেত্ৰ বিষয়াসকল, মৃত্যুঞ্জয় এম্বুলেন্স আৰু জিলা পৰিবহন বিষয়া কাৰ্যালয়ৰ কৰ্মকৰ্তাসকলৰ লগতে পথ দুৰ্ঘটনাত স্বামী হেৰুওৱা দুগৰাকী মহিলা জয়ন্তী বালা ৰায় আৰু জিনু ৰায় চৌধুৰীও এই “প্ৰকল্প মৃত্যুঞ্জয় ” ৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে ৷

Recent News

স্বাধীনতাৰ পয়সত্তৰ বছৰীয়া চিন্তা; যিদৰে দেখিছো, অনুভৱ কৰিছো…

স্বাধীনতাৰ পয়সত্তৰ বছৰীয়া চিন্তা; যিদৰে দেখিছো, অনুভৱ কৰিছো…

আমাৰ পতাকা আৰু কিছু চিন্তা

আমাৰ পতাকা আৰু কিছু চিন্তা

ৰাষ্ট্ৰপতিৰ সাহসিকতাৰ বঁটাৰ বাবে নিৰ্বাচিত বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চুতীয়া

ৰাষ্ট্ৰপতিৰ সাহসিকতাৰ বঁটাৰ বাবে নিৰ্বাচিত বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চুতীয়া

শিক্ষাৰ্থীৰ মূৰত মাচুলৰ বোজা জাপি দিয়াৰ সিদ্ধান্ত চৰকাৰে প্ৰত্যাহাৰ কৰক: ডি ৱাই এফ আই

শিক্ষাৰ্থীৰ মূৰত মাচুলৰ বোজা জাপি দিয়াৰ সিদ্ধান্ত চৰকাৰে প্ৰত্যাহাৰ কৰক: ডি ৱাই এফ আই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd