‘কেপ্তেইন কুল’ মহেন্দ্ৰ সিং ধোনিৰ এপলক দৰ্শনৰ বাবে অনুৰাগীৰ ভিৰ

ms dhoni

দুৰ্গা পূজাৰ আনন্দ উছাহৰ মাজতে ২১ অক্টোবৰত গুৱাহাটীৰ বৰ্ষাপাৰাত অনুস্থিত হ’বলগীয়া ভাৰত-ৱেষ্ট ইণ্ডিজৰ এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন মেচৰ বাবে বুধবাৰে গুৱাহাটীত উপস্থিত হয় ভাৰতীয় ক্ৰিকেট দলৰ একাংশ খেলুৱৈ আৰু ৱেষ্ট ইণ্ডিজ দলৰ একাংশ।

দুয়োটা দল তাৰকা মহাতাৰকা খেলুৱৈৰে সুসজ্জিত যদিও ইয়াৰ মাজৰ এজন অন্যতম ক্ৰিকেটাৰক লৈহে কালি বিমান বন্দৰত দেখা গ’ল হেতা-ওপৰা। খেলুৱৈগৰাকী ভাৰতীয় অধিনায়ক বিৰাট কোহলি কিম্বা ৱেষ্ট ইণ্ডিজ দলৰ পোলাৰ্ড নহয় এওঁ হৈছে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনি।

কেপ্তেইন কুল হিচাপে পৰিচিত মহেন্দ্ৰ সিং ধোনি বিমান বন্দৰত উপস্থিত হোৱাৰ লগে লগে তেওঁৰ অনুৰাগীসকলে তেওঁক এবাৰ ওচৰৰ পৰা চাবলৈ বিয়াকুল হৈ পৰে। কেৱল এয়াই নহয় খেলুৱৈগৰাকীয়ে বিমান বন্দৰৰ পৰা পোনে পোনে হোটেল ৰেডিছন ব্লুলৈ আহোতেও অসংখ্য অনুৰাগীয়ে প্ৰিয় ক্ৰিকেটাৰগৰাকীৰ এপলক দৰ্শনৰ বাবে পথৰ দুয়োকাষে তথা হোটেলৰ সন্মুখতো ভিৰ কৰে।

উল্লেখ্য যে কালি ভাৰতীয় ক্ৰিকেট দলৰ সকলো খেলুৱৈ অহা নাই যদিও আজি অধিনায়ক কোহলি সহ সকলো ক্ৰিকেটাৰ তথা ষ্টাফ গুৱাহাটীত উপস্থিত হ’ব। আজি উপস্থিত হ’বলগীয়া খেলুৱৈ সকল হ’ল অধিনায়ক বিৰাট কোহলি, আম্বাটি ৰাইডু, ৰবীন্দ্ৰ যাদেজা, মনিশ পাণ্ডে,  য়োজবেন্দ্ৰ সাহাল, ৰোহিত শৰ্মা, শিখৰ ধৱন, ঋষভ পান্ত, উমেশ যাদৱ, কে এল ৰাহুল, কুলদ্বীপ যাদৱ আৰু মহম্মদ ছামিৰ।