ভাৰতীয় ক্ৰিকেট ইতিহাসৰ অন্যতম সফল অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ দৰে খেলুৱৈৰ স্থান অন্য খেলুৱৈয়ে লোৱা ইমান সহজ নহয় বুলি মন্তব্য কৰিছে ভাৰতীয় ক্ৰিকেট দলৰ বেটিং প্ৰশিক্ষক বিক্ৰম ৰাথোড়ে।
ৰাথোড়ে লগতে ধোনি এতিয়াও আছে আৰু তেওঁৰ দৰে খেলুৱৈৰ স্থান দখল কৰা যথেষ্ট কঠিন বুলি মন্তব্য কৰে।
‘যদিহে দলীয় মেনেজমেণ্টে ঋষভ পণ্টক সহযোগ নকৰিলেহেঁতেন তেতিয়া তেওঁ দলত নিগাজিকৈ থকাটো ইমান সহজ নহ’ল হয়৷ ঋষভ পণ্ট এগৰাকী বিশেষ খেলুৱৈ হয় কিন্তু তেওঁ ৰান কৰিব পাৰিব লাগিব’, ৰাথোড়ে কয়৷
ৰাথোড়ে লগতে কয় যে পণ্টে ধোনীৰ স্থান দখল কৰাটো ইমান সহজ নহ’ব। পণ্টৰ ভিতৰত যথেষ্ট প্রতিভা আছে আৰু এই ক্ষেত্রত কোনো সন্দেহ নাই যে তেওঁ এবাৰ ৰান কৰিবলৈ আৰম্ভ কৰিলেই তেওঁ ডাঙৰ মেচ উইনাৰ হ’ব পাৰিব৷
উল্লেখ্য যে বিগত এটা বছৰত ধোনীৰ বিকল্প হিচাপে পণ্টে দলত যথেষ্ট সুযোগ পালে যদিও তেওঁ এই ক্ষেত্রত সম্পূৰ্ণ ব্যর্থ হয়৷ কিন্তু দলীয় মেনেজমেণ্ট এতিয়াও তেওঁক সমর্থন কৰি থকাৰ কথাও উল্লেখ কৰে বেটিং প্রশিক্ষকগৰাকীয়ে৷
দলে এনে পৰিপ্রেক্ষিতত লোকেশ ৰাহুলকো উইকেটকীপিঙৰ সুযোগ দি চাইছে৷ ৰাথোড়ে কয়, ‘পণ্টৰ ওপৰত যথেষ্ট চাপ আছিল, কিন্তু এই চাপে ভৱিষ্যতত তেওঁক এগৰাকী যথেষ্ট শক্তিশালী খেলুৱৈত পৰিগণিত কৰিব৷’