আটাইতকৈ দামী বিশ্বকাপ বিজয়ী ধোনীৰ সেই বেটখন; জানেনে ইয়াৰ মূল্য কিমান?

ms-dhoni-final-m

বিশ্বকাপৰ সেই ঐতিহাসিক খেলৰ মুহূৰ্তত ধোনী। ফাইল ফটো

বিশ্বৰ আটাইতকৈ দামী বেটখন কোন ক্ৰিকেটাৰৰ নামত আছে। ইয়াৰ দাম কিমান হ’ব পাৰে জানেনে?

স্বাভাৱিকতে এই প্ৰশ্ন উত্থাপন হ’লে বিশ্বৰ বহু নামী-দামী ক্ৰিকেট তাৰকাৰ মুখ সন্মুখত ভাহি উঠে।

বজাৰত সাধাৰণ এখন বেটৰ দাম চাৰি হাজাৰৰ পৰা আঠ হাজাৰ টকালৈকে হ’ব পাৰে।

প্ৰসিদ্ধ ব্ৰিটিছ বেট নিৰ্মাণকাৰী সংস্থা গ্ৰে-নিক’লছ লেজেণ্ডৰ দামী বেটখনৰ দাম হৈছে ৯৮হাজাৰ টকা।

কিন্তু বিশ্বৰ আটাইতকৈ দামী বেটখন আছে এগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ নামত। বিশ্বৰ আটাইতকৈ দামী সেই বেটখনৰ দাম হৈছে ৮৩লাখ টকা।

সেই বেটখন হৈছে ২০১১চনত বিশ্বকাপ ফাইনেলত ছয় মাৰি বিশ্বকাপ জিকোৱা ভাৰতীয় অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ বেটখন।

সম্পূৰ্ণ ২৮ বছৰৰ মূৰত ভাৰতক বিজয় আনি দিয়াত সেই বেটখনৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল  আৰু সেয়েহে ইয়াৰ দামো তেনেই অভিলেখ গঢ়া ধৰণৰ।

বিশ্বকাপ জিকোৱা ধোনীৰ সেই বেটখন লণ্ডনৰ সামাজিক সংস্থাৰ এক অনুষ্ঠানত ১,০০,০০০পাউণ্ড অৰ্থাৎ ভাৰতীয় মূল্যত ৮৩লাখ টকাত বিক্ৰী হৈছিল।

ধোনীৰ সেই ঐতিহাসিক বেটখন ক্ৰয় কৰিছিল গ্ল’বেল শ্বেয়াৰ্ছ এণ্ড ছিকিউৰিটিজ লিমিটেড (ইণ্ডিয়া)ই।

সেই বেটখনেৰে ভাৰতক ঐতিহাসিক বিজয় আনি দিয়া ধোনীয়ে ইয়াৰ ৯বছৰ পাছত আন্তৰ্জাতিক কেৰিয়াৰৰ পৰা অৱসৰ গ্ৰহণ কৰে।