গোৱালপাৰাত অসহায় মুগা পালক : প্ৰশিক্ষণতে দায়িত্ব সামৰিছে ৰেচম বিভাগে

Screenshot_2019-06-06-14-46-25-132_com.mxtech.videoplayer.ad

ফটো : নৰ্থইষ্ট নাও

গোৱালপাৰ জিলাত মুগা উৎপাদনৰ প্ৰচুৰ সম্ভাৱনা থকাৰ পাছতো ক্ষুদ্ৰ মুগা পালক সকলে থমকি ৰব লগা পৰিৱেশ সৃষ্টি হৈছে। চৰকাৰ তথা ৰেচম বিভাগৰ অমনোযোগিতা, অদূৰদৰ্শিতাৰ বাবেই আজিও বহু মুগা পালকে হাহাকাৰ কৰিব লগা হৈছে।

জিলাখনৰ কৃষ্ণাইৰ কাষৰীয়া জিৰা গাঁৱৰ অৰ্জুন  ৰাভা আৰু সুলেখা ৰাভাই বিগত কুৰি বছৰে ৰাইজৰ চোম বাগান এখন ভাড়াত লৈ মুগা পালন কৰি আহিছে যদিও শেহতীয়াকৈ এই দুই কৃষকে হতাশাত ভোগা দেখা গৈছে ৷ ৰাজ্যৰ অৰ্থনীতিত প্ৰচুৰ সম্ভাৱনা থকা মুগা পালক সকলৰ প্ৰতি চৰকাৰ তথা বিয়াগোম ৰেচম বিভাগৰ নাই কোনো দায়িত্ব, সহায় সাহায্যৰ ক্ষেত্ৰতো নাই কোনো ব্যৱস্থা।

ফটো : নৰ্থইষ্ট নাও

ৰাজ সাহায্যৰ অবিহনেই অৰ্জুন আৰু সুলেখাই মুগা উৎপাদনৰ কাম কৰি গৈছে। চৰকাৰ তথা ৰেচম বিভাগে কিছুপৰিমাণে সহায় কৰা হ’লে তেওঁলোকে যথেষ্ট পৰিমানৰ মুগা উৎপাদন কৰিবলৈ সক্ষম হ’লহেঁতেন ৷

স্থানীয় যুৱক মাধৱ ৰাভাই আক্ষেপেৰে কয় যে  বিভাগটোৱে এই ক্ষুদ্ৰ মুগা পালক সকলক উৎসাহিত কৰিব পৰাকৈ আজিলৈকে কোনো ব্যৱস্থা নকৰিলে। মাথোঁ প্ৰশিক্ষণ দিয়ে দায়িত্ব সামৰিল। নিজৰ গাঁঠিৰ ধনৰে মুগা পালন আৰম্ভ এই দুই যুৱকক সামান্য সাহায্য প্ৰদান কৰা হ’লে আৰু বহুদূৰ আগুৱাই যাব পাৰিলেহেঁতেন।

ইপিনে, বাগান সমূহৰ আন্তঃগাঁথনিৰ কাৰনেও নাই কোনো ব্যৱস্থা। নেটৰ অভাৱত মুগা পলু সমূহ চৰাই-চিৰিকটিৰ পৰা ৰক্ষা কৰাটো কঠিন হৈ পৰিছে। তদুপৰি, বতাহ বৰষুণৰ বাবে যথেষ্ট ক্ষতিসাধনৰ সন্মুখীন হৈছে কৃষক সকল ৷

চৰকাৰে চোম বাগান সমূহৰ আন্তঃগাঁথনি উন্নত কৰিলে কৃষক সকলে ভৱা ধৰণে মুগা উৎপাদন কৰিবলৈ সক্ষম হ’ব ৷