• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

বংগোপসাগৰৰ অধিকাৰৰ দাবী মহম্মদ ইউনুছৰ! বংগোপসাগৰৰ সম্পদ আহৰণৰ পৰিকল্পনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 9, 2025 7:39 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা অধ্যাপক মহম্মদ ইউনুছে পুনৰ বংগোপসাগৰৰ এটা অংশৰ ওপৰত বাংলাদেশৰ বুলি দাবী উত্থাপন কৰি বিতৰ্কৰ মাজত সোমাই পৰিছে। তেওঁৰ মতে, বংগোপসাগৰৰ এই অংশটোৰ বাণিজ্যিক সম্ভাৱনীয়তাক এতিয়ালৈকে গুৰুত্ব দিয়া হোৱা নাই, যিটো বাংলাদেশৰ ভাঙি যোৱা অৰ্থনীতি জোৰা লগোৱাৰ বাবে অতি প্ৰয়োজনীয়। ২০২৪ বৰ্ষৰ জুলাইৰ গণঅভ্যুত্থানৰ বৰ্ষপূৰ্তিৰ উপলক্ষে তেওঁ এই মন্তব্য প্ৰকাশ কৰে।

ইউনুছে দেশবাসীৰ সন্মুখত কয়, “বংগোপসাগৰৰ এটা অংশ বাংলাদেশৰ, যিটো আমি প্ৰায়ে পাহৰি যাওঁ। এই অংশৰ আকাৰ বাংলাদেশৰ মুঠ মাটিকালিতকৈ বহু বেছি। কিন্তু আমি ব্যৱসায়িক কামত সদায় দেশৰ মাটিৰ ওপৰত নিৰ্ভৰ কৰোঁ, সাগৰৰ এই অংশটোক কেতিয়াও গুৰুত্ব দিয়া হোৱা নাই।” তেওঁৰ এই মন্তব্যই বংগোপসাগৰৰ বাণিজ্যিক সম্ভাৱনাৰ প্ৰতি তেওঁৰ দীৰ্ঘদিনীয়া গুৰুত্বক পুনৰ স্পষ্ট কৰি তুলিছে।

Apply Now

উল্লেখ্য যে মহম্মদ ইউনুছৰ নেতৃত্বত বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰে দেশৰ অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে সাগৰীয় সম্পদৰ ব্যৱহাৰৰ ওপৰত জোৰ দি আহিছে। তেওঁৰ মতে, নদী আৰু সাগৰ বাংলাদেশৰ বাবে বিশাল সম্পদ, যিবোৰৰ সঠিক ব্যৱহাৰে দেশৰ অৰ্থনীতিত আমূল পৰিৱৰ্তন আনিব পাৰে। ইউনুছে চীন ভ্ৰমণৰ সময়ত ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলক “লেণ্ড লক অঞ্চল” বুলি অভিহিত কৰি বংগোপসাগৰৰ “অভিভাৱক” হিচাপে বাংলাদেশৰ ভূমিকাৰ কথা প্ৰকাশ কৰিছিল। এই মন্তব্যই ভাৰতৰ সৈতে কূটনৈতিক বিতৰ্কৰ সৃষ্টি কৰিছিল, যদিও বাংলাদেশৰ পৰা তাৰ প্ৰতি বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ পোৱা নাছিল। কিন্তু তেওঁৰ শেহতীয়া মন্তব্যই পুনৰ এই বিষয়টোক আঞ্চলিক আৰু আন্তৰ্জাতিক চৰ্চাৰ কেন্দ্ৰবিন্দুত পৰিণত কৰিছে।

প্ৰসংগ ক্ৰমে বংগোপসাগৰৰ বাংলাদেশৰ একচেটিয়া অৰ্থনৈতিক অঞ্চল (EEZ) প্ৰায় ১,১৮,৮১৩ বৰ্গ কিলোমিটাৰ, যিটো দেশখনৰ মাটিকালিৰ সমান বা তাতকৈও অধিক। ২০১৪ চনত জাতিসংঘৰ স্থায়ী সালিসী আদালতৰ (PCA) সিদ্ধান্তৰ জৰিয়তে বাংলাদেশে ভাৰতৰ সৈতে সমুদ্ৰীয় সীমাৰ বিতৰ্ক নিষ্পত্তি কৰি এই অঞ্চলৰ ওপৰত অধিকাৰ লাভ কৰিছিল। ইউনুছৰ মন্তব্যই এই অঞ্চলৰ অৰ্থনৈতিক সম্ভাৱনাক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

 তেওঁৰ সাম্প্ৰতিক মন্তব্যই ইঙ্গিত দিয়ে যে, বাংলাদেশে এই সমুদ্ৰীয় সম্পদৰ সুবিধা গ্ৰহণ কৰি বৈদেশিক বিনিয়োগ আকৰ্ষণ কৰিব বিচাৰিছে। সংযুক্ত আৰব এমিৰেতৰ শীৰ্ষ কোম্পানীৰ সৈতে সাম্প্ৰতিক বৈঠকত ইউনুছে বংগোপসাগৰৰ লজিষ্টিক, বন্দৰ, আৰু নৱীকৰণযোগ্য শক্তি খণ্ডত বিনিয়োগৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছিল।

ইফালে ইউনুছৰ মন্তব্যই ভাৰতৰ সৈতে কূটনৈতিক সম্পৰ্কৰ প্ৰেক্ষাপটত সংবেদনশীলতাৰ সৃষ্টি কৰিছে, কিয়নো ভাৰতে ইতিমধ্যে বংগোপসাগৰক বিশ্ব বাণিজ্য আৰু পৰ্যটনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনাৰ কথা ঘোষণা কৰিছে। ভাৰতৰ এই পৰিকল্পনাত BIMSTEC দেশসমূহৰ সৈতে যৌথ বিনিয়োগ আৰু সামুদ্ৰিক নীতিৰ সমন্বয়ৰ কথাও উল্লেখ আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হোটেল বিচাৰি হাহাকাৰ পৰ্যটকৰ, এৰাতিৰ মূল্য ২ লাখতকৈও অধিক: দিল্লীত কিয় বৃদ্ধি পাইছে হোটেলৰ ভাড়া?

হোটেল বিচাৰি হাহাকাৰ পৰ্যটকৰ, এৰাতিৰ মূল্য ২ লাখতকৈও অধিক: দিল্লীত কিয় বৃদ্ধি পাইছে হোটেলৰ ভাড়া?

September 9, 2026 9:32 am
সত্য নিকেতন ভৱন ধ্বংসৰ গোচৰ : ১০ ছেপ্টেম্বৰত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

সত্য নিকেতন ভৱন ধ্বংসৰ গোচৰ : ১০ ছেপ্টেম্বৰত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

September 9, 2026 9:00 am
১৬ বছৰীয়া ছাত্ৰৰ চকুত শিক্ষকৰ প্ৰচণ্ড ঘোচা : বিদ্যালয়ৰ পৰা বাহিৰ কৰি দিয়াৰ ভাবুকি

১৬ বছৰীয়া ছাত্ৰৰ চকুত শিক্ষকৰ প্ৰচণ্ড ঘোচা : বিদ্যালয়ৰ পৰা বাহিৰ কৰি দিয়াৰ ভাবুকি

September 9, 2026 8:00 am
জ্বৰ হ’লে গা ধুব লাগে নে? কি কয় চিকিৎসা বিজ্ঞানে?

জ্বৰ হ’লে গা ধুব লাগে নে? কি কয় চিকিৎসা বিজ্ঞানে?

September 9, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হোটেল বিচাৰি হাহাকাৰ পৰ্যটকৰ, এৰাতিৰ মূল্য ২ লাখতকৈও অধিক: দিল্লীত কিয় বৃদ্ধি পাইছে হোটেলৰ ভাড়া?

হোটেল বিচাৰি হাহাকাৰ পৰ্যটকৰ, এৰাতিৰ মূল্য ২ লাখতকৈও অধিক: দিল্লীত কিয় বৃদ্ধি পাইছে হোটেলৰ ভাড়া?

September 9, 2026 9:32 am
সত্য নিকেতন ভৱন ধ্বংসৰ গোচৰ : ১০ ছেপ্টেম্বৰত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

সত্য নিকেতন ভৱন ধ্বংসৰ গোচৰ : ১০ ছেপ্টেম্বৰত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

September 9, 2026 9:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd