তেজপুৰত পবিত্ৰ মহৰম পালন : শতাধিক লোকৰ শোভাযাত্ৰা

Muharram at Tezpur

আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ মহৰম। সমগ্ৰ বিশ্বৰ লগতে আজি তেজপুৰতো এই উপলক্ষে বিভিন্ন স্থানত তাজিয়া প্ৰদৰ্শন কৰা পৰিলক্ষিত হয়।

তাজিয়া প্ৰদৰ্শনত অংশগ্ৰহণকাৰী সকলে লাঠি, তৰোৱাল, জুই আদিৰ সৈতে খেল প্ৰদৰ্শন কৰি ধৰ্মীয় ৰীতি নীতিৰে উৎসৱটি পালন কৰে। উল্লেখযোগ্য যে ৰমজান মাহৰ পিছতে মহৰমক ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ দিত্বীয় পবিত্ৰ মাহ হিচাপে গণ্য কৰা হয়।

আজি দিনৰ ভাগত তেজপু্ৰৰ ভিতৰ পৰুৱা, গোটলুঙ, পাঁচমাইল আদি বিভিন্ন স্থানৰ পৰা ইছলাম ধৰ্মালম্বী লোকসকল একগোট হৈ পৰুৱা চাৰিআলিৰ পৰা শোভাযাত্ৰা কৰি ওলাই তেজপুৰ চহৰৰ কেইবাটাও স্থানত তাজিয়া প্ৰদৰ্শন কৰে।

এই তাজিয়া প্ৰদৰ্শনত প্ৰায় শতাধিক লোকে অংশগ্ৰহণ কৰা দেখা যায়।