• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কিমান জহিল, কিমান খহিল! বিশ্বৰ শীৰ্ষ ১০ জন ধনী ব্যক্তিৰ তালিকাৰ পৰা বাদ পৰিল আম্বানী, আদানীৰ চমক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 27, 2025 5:24 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

The Hurun Global Rich List 2025 মুক্তি পালে আৰু ইয়াত ডাঙৰ চমক দেখা গৈছে। ভাৰতৰ ধনী ব্যক্তি তথা ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে বিশ্বৰ ১০ জন শীৰ্ষ ধনী লোকৰ তালিকাৰ পৰা বাদ পৰিল। যোৱা বছৰৰ তুলনাত তেওঁৰ সম্পত্তি ১ লাখ কোটি টকা হ্ৰাস পাইছে, যাৰ বাবে তেওঁ এই মৰ্যাদাপূৰ্ণ তালিকাৰ পৰা বাহিৰ হৈছে।

আনহাতে, টেছলাৰ চিইঅ’ ইলন মাস্কে ৪২০ বিলিয়ন ডলাৰৰ সম্পত্তিৰে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে শীৰ্ষস্থান দখল কৰিছে। যোৱা বছৰৰ তুলনাত তেওঁৰ সম্পত্তি ৮২ শতাংশ বা ১৮৯ বিলিয়ন ডলাৰ বৃদ্ধি পাইছে।

Apply Now

ভাৰতত দ্বিতীয় স্থানত আছে গৌতম আদানী, যাৰ ধন-সম্পত্তি বিগত এবছৰত এক লাখ কোটি টকা বৃদ্ধি পাইছে।

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ ব্যৱসায়িক প্ৰত্যাহ্বানসমূহে মুকেশ আম্বানীৰ সম্পদ হ্ৰাসত মুখ্য ভূমিকা গ্ৰহণ কৰিছে। কোম্পানীটোৰ শক্তি আৰু খুচুৰা ব্যৱসায়ত দুৰ্বল প্ৰদৰ্শন, বিক্ৰীৰ বৃদ্ধি লেহেমীয়া আৰু ঋণ বৃদ্ধিৰ বাবে বিনিয়োগকাৰী চিন্তিত হৈ পৰিছে। যোৱা বছৰৰ তুলনাত ঋণ বৃদ্ধিৰ ফলত ৰিলায়েন্স গ্ৰুপৰ বজাৰ মূল্যত প্ৰভাৱ পৰিছে।

অৱশ্যে আম্বানীয়ে এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে নিজৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিছে। তেওঁৰ বৰ্তমানৰ সম্পত্তি ৮.৬ লাখ কোটি টকা, যিটো যোৱা বছৰৰ তুলনাত ১৩ শতাংশ কম।

ৰিলায়েন্স গ্ৰুপে ডিজিটেল প্লেটফৰ্ম, নবীকৰণযোগ্য শক্তি আৰু খুচুৰা বিক্ৰীৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। কিন্তু এই ক্ষেত্ৰসমূহত লেহেম অগ্ৰগতিৰ ফলত তেওঁৰ সম্পত্তিৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিছে। বিশ্লেষকসকলৰ মতে, ভৱিষ্যতে আম্বানীৰ ব্যৱসায়িক কৌশল লাভৱান হ’ব পাৰে, কিন্তু এতিয়াৰ বাবে এই প্ৰত্যাহ্বানসমূহে তেওঁক বিশ্বৰ শীৰ্ষ ১০ জন ধনী লোকৰ মাজৰ পৰা আঁতৰাই ৰাখিছে।

ইপিনে, ভাৰতৰ দ্বিতীয় ধনী ব্যক্তি গৌতম আদানীৰ উত্থানে হুৰুণ তালিকাত যথেষ্ট অগ্ৰগতি দেখুৱাইছে। যোৱা বছৰৰ তুলনাত তেওঁৰ সম্পত্তি ১৩ শতাংশ বৃদ্ধি পাই ৮.৪ লাখ কোটি টকা হৈছে। বন্দৰ, বিদ্যুৎ উৎপাদন, বিমানবন্দৰ, খনন, নবীকৰণযোগ্য শক্তি, সংবাদ মাধ্যম আৰু চিমেণ্ট খণ্ডত আদানী গ্ৰুপৰ ব্যাপক বিনিয়োগে ইয়াৰ এই সফলতা কঢ়িয়াই আনিছে।

পণ্য ব্যৱসায়ী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা আদানী আজি ভাৰতৰ আন্তঃগাঁথনি খণ্ডত এক শক্তিশালী নাম। তেওঁৰ ধন-সম্পত্তিৰ উত্থানে ভাৰতীয় অৰ্থনীতিত তেওঁৰ গ্ৰুপৰ প্ৰভাৱ ক্ৰমাৎ বৃদ্ধি পোৱাৰ প্ৰমাণ।

আনহাতে, এই তালিকাৰ আন এক ডাঙৰ আশ্চৰ্য্য হৈছে এইচ চি এলৰ ৰোশনী নাদাৰ। তেওঁ বিশ্বৰ পঞ্চম ধনী মহিলা হিচাপে স্থান লাভ কৰাৰ লগতে শীৰ্ষ ১০ গৰাকী ধনী মহিলাৰ তালিকাত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে স্থান লাভ কৰিছে।

তেওঁৰ পৰিয়ালৰ সম্পত্তিৰ মূল্য ৩.৫ লাখ কোটি টকা। শেহতীয়াকৈ তেওঁৰ পিতৃ শিৱ নাদাৰে এইচ চি এলৰ ৪৭ শতাংশ শ্বেয়াৰ তেওঁক হস্তান্তৰ কৰি এই উচ্চতালৈ লৈ যায়। ৪৩ বছৰীয়া ৰোশনী ভাৰতৰ প্ৰযুক্তি খণ্ডত উজ্জ্বল নাম হিচাপে আত্মপ্ৰকাশ কৰিছে।

Sun Pharmaceutical Industries ৰ দিলীপ ছাংভি এই তালিকাত চতুৰ্থ স্থানত আছে। তেওঁৰ সম্পত্তি ২১ শতাংশ বৃদ্ধি পাই ২.৫ লাখ কোটি টকা হৈছে। ২.২ লাখ কোটি টকাৰ সম্পত্তিৰে পঞ্চম স্থানত আছে উইপ্ৰ’ৰ প্ৰতিষ্ঠাপক আজিম প্ৰেমজী। আদিত্য বিৰলা গ্ৰুপৰ মুৰব্বী কুমাৰ মংগলম বিৰলাৰ সম্পত্তি ২৮ শতাংশ বৃদ্ধি পাই ২ লাখ কোটি টকা হৈছে।

বিশ্বৰ ভিতৰত হুৰুণৰ তালিকাৰ শীৰ্ষত আছে ইলন মাস্ক। তেওঁৰ সম্পদ বৃদ্ধি টেছলা আৰু স্পেচএক্সৰ সফলতাৰ ফল। ভাৰতৰ ধনী লোকৰ ভিতৰত আম্বানী আৰু আদানী শীৰ্ষত থকাৰ সময়তে বিশ্বৰ শীৰ্ষ ১০ ৰ ভিতৰত নথকাটো ভাৰতীয় ব্যৱসায়ীসকলৰ বাবে এক প্ৰত্যাহ্বান। অৱশ্যে ৰোশনী নাদৰৰ এই সফলতাই ভাৰতীয় মহিলা উদ্যোগীসকলৰ বাবে এক নতুন দিগন্ত মুকলি কৰিছে।

ভাৰতৰ শীৰ্ষ ১০ টা ধনী পৰিয়াল

Hurun Global Rich List 2025 অনুসৰি ভাৰতৰ আটাইতকৈ ধনী পৰিয়ালৰ তালিকা তলত দিয়া ধৰণৰ:

১.মুকেশ আম্বানি আৰু পৰিয়াল – ৮.৬ লাখ কোটি টকা (-১৩%) – ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ – মুম্বাই

২. গৌতম আদানী আৰু পৰিয়াল – ৮.৪ লাখ কোটি টকা (+১৩%) – আদানী গ্ৰুপ-আহমেদাবাদ

৩. ৰোশনী নাদাৰ আৰু পৰিয়াল – ৩.৫ লাখ কোটি টকা – (প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত) – HCL – নতুন দিল্লী

৪. দিলীপ ছাংভি আৰু পৰিয়াল – ২.৫ লাখ কোটি টকা (+২১%) – ছান ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰীজ – মুম্বাই

৫. আজিম প্ৰেমজী আৰু পৰিয়াল – ২.২ লাখ কোটি টকা –উইপ্ৰো – বাংগালুৰু

৬. কুমাৰ মংগলম বিৰলা আৰু পৰিয়াল – ২ লাখ কোটি টকা (+২৮%)- আদিত্য বিৰলা – মুম্বাই

৭. চাইৰাছ এছ পুনাৱালা আৰু পৰিয়াল – ২ লাখ কোটি টকা (-৮%) – ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া – পুনে

৮. নীৰজ বাজাজ আৰু পৰিয়াল – ১.৬ লাখ কোটি টকা (+১২%) – বাজাজ অটো- মুম্বাই

৯. ৰবি জয়পুৰীয়া আৰু পৰিয়াল – ১.৪ লাখ কোটি টকা (+৭%) – আৰ জে কৰ্প- নতুন দিল্লী

১০. ৰাধাকিষণ দামানি আৰু পৰিয়াল– ১.৪ লাখ কোটি টকা (-১১%), এভিনিউ ছুপাৰমাৰ্টছ – মুম্বাই

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

September 23, 2026 11:52 am
কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

September 23, 2026 10:36 am
উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

September 23, 2026 8:40 am
আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

September 23, 2026 7:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

September 23, 2026 11:52 am
কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

September 23, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd