NORTHEAST NOW (Assamese)

অমিত শ্বাহক ‘ভাৰতৰ প্ৰকৃত লৌহ পুৰুষ’,‘প্ৰকৃত কৰ্মযোগী’ প্ৰশংসাৰে উপচাই পেলালে আম্বানিয়ে

August 30, 2019 11:38 am · এন ই নাও নিউজ
ফটো : দেশ গুজৰাটৰ সৌজন্যত

ৰিলাইয়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক প্ৰশংসাৰে উপচাই পেলাইছে।

বৃহস্পতিবাৰে আম্বানিয়ে শ্বাহক এগৰাকী ‘প্ৰকৃত কৰ্মযোগী’ আৰু ‘ভাৰতৰ লৌহ পুৰুষ’ বুলি অভিহিত কৰে।

সাধাৰণতে ‘ভাৰতৰ লৌহ পুৰুষ’ বুলি ক’লে চৰ্দাৰ বল্লভ ভাই পেটেলকে বুজোৱা হয়।

গুজৰাটৰ গান্ধীনগৰত পণ্ডিত দীনদয়াল পেট্ৰ’লিয়াম য়ুনিভাৰ্ছিটিৰ সমাৱৰ্তন উৎসৱত উপস্থিত দৰ্শকক সম্বোধি আম্বানিয়ে কয়,’’অমিত ভাই, আপুনি প্ৰকৃততে এগৰাকী কৰ্মযোগী, আপুনি প্ৰকৃততে আমাৰ দেশৰ লৌহ পুৰুষ। গুজৰাট, আৰু বৰ্তমান ভাৰতবৰ্ষই আপোনাৰ দৰে এগৰাকী নেতাক পাই গৌৰৱান্বিত।‘’

উল্লেখযোগ্য যে অনুষ্ঠানত অমিত শ্বাহো উপস্থিত আছিল।

ভাৰত এতিয়া সুৰক্ষিত হাতত থকা বুলি দাবী কৰি আম্বানিয়ে কয়,’’আপোনাৰ আকাংক্ষা কেতিয়াও সীমাৰ মাজত আবদ্ধ কৰি নাৰাখিব। বিশাল সপোন দেখিবলৈ কেতিয়াও সংকোচ নকৰিব। আশা ৰাখক যে কাইলৈৰ ভাৰতে আপোনাৰ আকাংক্ষা আৰু স্বপ্ন পৰিপূৰ্ণ কৰিবলৈ বিপুল সুযোগৰ সৃষ্টি কৰিব।‘’

গান্ধীনগৰৰ পৰা লোকসভালৈ নিৰ্বাচিত বৰ্তমান কেন্দ্ৰী গৃহ মন্ত্ৰী অমিত শ্বাহে তেওঁৰ ভাষণত কয়,’’২০১৪ চনলৈকে ভাৰতৰ অৰ্থনীতি ৰক্ষা কৰিবলৈ কোনোৱে চেষ্টা কৰা নাছিল। বিগত পাঁচ বছৰত আমি ইয়াক বিশ্বৰ দ্ৰুত বিকশিত অৰ্থনীতি গঢ়ি তুলিবলৈ সক্ষম হৈছো।‘’

মুকেশ আম্বানিয়ে তেওঁৰ ভাষণত লগতে নৰেন্দ্ৰ মোদী চৰকাৰৰ ভাৰতক ৫ ট্ৰিলিয়ন অৰ্থনীতি কৰাৰ অভিলাষী লক্ষ্যকো সমৰ্থন কৰে।

Related News