বিশ্বৰ শীৰ্ষ ১০ ধন কুবেৰৰ তালিকাৰ পৰা বাদ পৰিল মুকেশ আম্বানি, কিয় সম্পত্তি কমিল আম্বানীৰ?

Mukesh-Ambani-Picture

মুকেশ আম্বানি।

বিশ্বৰ শীৰ্ষ ১০ ধন কুবেৰৰ তালিকাৰ পৰা এইবাৰ বাদ পৰিল ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ স্বত্বাধিকাৰ মুকেশ আম্বানিৰ নাম। শেহতীয়াকৈ প্ৰকাশিত ব্লুমবাৰ্গ বিলিয়নাৰ ইনডেক্সত মুকেশ আম্বানি চাৰি নম্বৰত আছিল যদিও এইবাৰ সেই স্থানৰ পৰা হঠাতে আঁতৰিবলগীয়া হ’ল আম্বানি।

চলিত বৰ্ষৰ ভিতৰতে মুকেশ আম্বানিৰ সম্পত্তিৰ পৰিমাণ লক্ষ্যণীয় হাৰত হ্ৰাস পাইছে।চলিত বৰ্ষৰ প্ৰথম ভাগত আম্বানিৰ সম্পত্তিৰ পৰিমাণ আছিল ভাৰতীয় মুদ্ৰাৰ হিচাবত ৬.৬২ লাখ কোটি টকা।

কিন্তু চলিব বৰ্ষৰ শেষৰ পিনে আম্বানিৰ সম্পত্তিৰ পৰিমাণ হ্ৰাস পাইছে প্ৰায় ১ লাখ কোটি টকা। অৰ্থাৎ চলিত বৰ্ষৰ শেষৰ পিনে আম্বানিৰ সম্পত্তিৰ পৰিমাণ হৈছে ৫.৬৩ লাখ কোটি টকা।

এনেদৰে এটা বছৰৰ ভিতৰতে আম্বানীৰ সম্পত্তিৰ পৰিমাণ হ্ৰাস পোৱাৰ কাৰণ কি বাৰু? দৰাচলতে চলিত বৰ্ষত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ শ্বেয়াৰৰ মূল্য কমি গৈছে ১৬ শতাংশ। ফলত আম্বানিৰ আয়ো কমি গৈছে।

উল্লেখ্য ভাৰতীয় উদ্যোগপতি মুকেশ আম্বানি বিশ্বৰ চতুৰ্থগৰাকী ধনাঢ্য ব্যক্তিৰ স্থানত উপৱিষ্ট হৈছিল।

দ্য ব্লুমবাৰ্গ বিলিয়নাৰ ইনডেক্স-এ ঘোষণা কৰা তালিকাত মুকেশ আম্বানীক বিশ্বৰ চতুৰ্থ গৰাকী ধনাঢ্য ব্যক্তি বুলি কোৱা হৈছিল।

ভাৰতীয় উদ্যোগপতি ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজৰ চেয়াৰমনে মুকেশ আম্বানিয়ে জেফ্ বেজ’ছ, বিল গেটছ আৰু মাৰ্ক জুকাৰবাৰ্গৰ পিছতে চতুৰ্থ স্থান লাভ কৰিছিল।

উল্লেখ্য যে, ফেইচবুকৰ কো-ফাউণ্ডাৰ তথা ৱিকিপিডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গে বিশ্বৰ তৃতীয়গৰাকী ধনাঢ্য ব্যক্তি হিচাপে পৰিগণিত হৈছিল।

দ্য ব্লুমবাৰ্গ বিলিয়নাৰ ইনডেক্সৰ মতে মুকেশ আম্বানিয়ে যোৱা জানুৱাৰী মাহৰ পিছত একেকোবে দহটা স্থান আগুৱাই আহি বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাৰ চতুৰ্থ স্থানত উপৱিষ্ট হৈছিল।

এই তালিকাত আম্বানিয়ে বাৰ্ণাৰ্ড আৰ্ণল্ড, ৱাৰেন্ট বুফেট, ষ্টীভ বালমাৰ, লাৰী পেউজ, চাৰ্গে ব্ৰীন, এলম মুস্ক আদি বিশ্বৰ বহু ধনাঢ্য ব্যক্তিক চেৰ পেলাই থৈ আহিছিল।