কেন্দ্ৰৰ প্ৰস্তাৱ অস্বীকাৰ: এটৰ্নী জেনেৰেল হিচাপে পুনৰ দায়িত্ব নলয় মুকুল ৰোহতগীয়ে

Mukul Rohatgi

জ্যেষ্ঠ অধিবক্তা মুকুল ৰোহতগীয়ে কেন্দ্ৰীয় চৰকাৰৰ শীৰ্ষ অধিবক্তা ভাৰতৰ এটৰ্নী জেনেৰেল হিচাপে পুনৰ দায়িত্ব গ্ৰহণৰ বাবে কেন্দ্ৰই আগবঢ়োৱা প্ৰস্তাৱ অস্বীকাৰ কৰিছে।

ইয়াৰ পূৰ্বৰ কাৰ্যকালত ৰোহতগীয়ে ২০১৭ চনৰ জুন মাহত এটৰ্নী জেনেৰেলৰ পদ ত্যাগ কৰিছিল। ৰোহতগীৰ পাছতে কে কে বেণুগোপাল এই পদত অধিষ্ঠিত হৈছিল।

বৰ্তমানেও কাৰ্যনিৰ্বাহ কৰি থকা কে কে বেণুগোপালে অহা ৩০ ছেপ্টেম্বৰত পদত্যাগ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে। বেণুগোপালৰ স্থানত ৰোহতগী পুনৰ এই পদত অধিষ্ঠিত হ’ব বুলি শেহতীয়াকৈ চৰ্চা চলিছিল।

প্ৰবীণ অধিবক্তাগৰাকীক ভাৰতৰ এটৰ্নী জেনেৰেল হিচাপে পুনৰ নিযুক্তি দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰস্তাৱ আগবঢ়াইছিল।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে আগবঢ়োৱা প্ৰস্তাৱৰ সঁহাৰি জনাই ৰোহতগীয়েও যোৱা সপ্তাহত ভাৰতৰ এটৰ্নী জেনেৰেলৰ কাৰ্যভাৰ গ্ৰহণ কৰিবলৈ সন্মত হৈছে বুলি বাতৰি প্ৰকাশ পাইছিল।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ৰোহতগীয়ে ২০১৪ চনৰ পৰা ২০১৭ চনলৈ ভাৰতৰ এটৰ্নী জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

মুকুল ৰোহতগীক ১৯৯৩ চনত জ্যেষ্ঠ পৰামৰ্শদাতা হিচাপে মনোনীত কৰা হৈছিল আৰু পিছত ১৯৯৯ চনত অতিৰিক্ত ছলিচিটৰ জেনেৰেল হিচাপে নিযুক্ত কৰা হৈছিল।

তেওঁ ২০০২ চনৰ গুজৰাটৰ গোধৰা কাণ্ডৰ গোচৰত উচ্চতম ন্যায়ালয়ত চৰকাৰক প্ৰতিনিধিত্ব কৰিছিল।