NORTHEAST NOW (Assamese)

ভূত বাংলালৈ পৰিণত কেইবা কোটি টকীয়া বনাই পানী যোগান আঁচনি

February 1, 2020 5:28 pm · নিৰ্মলেন্দু পাঠক

যোৰহাট জিলাৰ টীয়ক সমষ্টিৰ অন্তৰ্গত বনাই ঘাটত কেইবা কোটি টকা খৰচ কৰি পানী যোগান আঁচনি নিৰ্মাণ কৰাৰ পিছতো বছৰ বছৰ ধৰি অঞ্চলবাসী বিশুদ্ধ খোৱা পানী লাভ কৰাৰ বঞ্চিত হৈ আছে।

২০১২ চনতে জনস্বাস্থ্য কাৰিকৰী বিভাগে নিৰ্মাণ কৰা এই আঁচনিৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হয় যদিও বিগত ৮ বছৰে এই আঁচনিৰ পৰা অঞ্চলটোৰ ৰাইজে এটুপি বিশুদ্ধ পানী লাভ নকৰিলে।

বৰ্তমানৰ বিজেপি চৰকাৰৰ শাসনকালত ৰাইজে পানী যোগান আঁচনিখনৰ সুফল পাব বুলি আশা কৰিছিল যদিও সেয়া হৈ নুঠিল। কি কাৰণত আঁচনিখন সম্পূৰ্ণ হৈ উঠাৰ পাছতো ৰাইজ বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে সি বৰ্তমান সাঁথৰ হৈ পৰিছে।

ভূত বাংলালৈ পৰ্যবসিত বনাই পানী যোগান আঁচনিৰ অবিহনে অঞ্চলটোৰ ৰাইজে এতিয়া অনিচ্ছা সত্ত্বেও খাব লগা হৈছে জাঁজী নদীৰ অপৰিস্কাৰ পানী।

দীৰ্ঘদিন ধৰি পানী যোগান আঁচনিখন বন্ধ হৈ থকাৰ বাবে ইয়াৰ চৌহদ হাবি-জংঘলৰে ভৰি পৰাৰ লগতে মূল্যবান যন্ত্ৰপাতিবোৰ জহি-খহি যোৱাৰ উপক্ৰম ঘটিছে । স্থানীয় ৰাইজে আঁচনিখন অতি সোনকালে কাৰ্যক্ষম কৰি তোলাৰ দাবী জনাইছে।

Related News