• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিয়াগোম কেলেংকাৰী! চোফা,পেণ্ডেল,চকীৰ নামতেই হিমন্তৰ ঘনিষ্ঠই সৰকালে ৰাজকোষৰ ১২.৬৮ কোটি টকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 1, 2025 11:50 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিহুৰ বিশ্ব অভিলেখৰ নামত অসমত সংঘটিত হৈছিল বিয়াগোম কেলেংকাৰী। গীনিজ বুক অব্ বৰ্ল্ড ৰেকৰ্ডত বিহুক সন্নিৱিষ্ট কৰিবলৈ অনুষ্ঠিত কৰা বিশাল আয়োজনৰ নামত মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠই উলিয়াই নিছিল ৰাজকোষৰ ১২.৬৮ কোটি টকা। স্বয়ং মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধীনত থকা লোকনির্মাণ বিভাগে সকলো নীতি-নিয়ম ধূলিস্যাত কৰি বহিৰাগত ব্যৱসায়ী চক্ৰক মুকলি কৰি দিছিল বৃহৎ পৰিমাণৰ ধনৰাশি। গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত বিহুৰ বিশ্ব অভিলেখত ব্যৱহৃত  পেণ্ডেল, মঞ্চ নির্মাণ, চোফা-চকী, কার্পেট ভাড়াৰ নামত ‘ ভূপিন্দৰ পাল সিং, তেওঁৰ দুই সহযোগী ক্রমে কমলজিৎ সিং আৰু গুৰজাছ সিঙে ৰাজকোষৰ পৰা উলিয়াই নিলে এইবৃহৎ পৰিমাণৰ ধনৰাশি। অনুষ্ঠান সম্পন্ন হৈ যোৱাৰ ৫ মাহ ১৭ দিনৰ পাচত ‘ৱৰ্ক অৰ্ডাৰ’ প্ৰদান কৰি লোকনির্মাণ বিভাগে অতি দৃষ্টিকটুভাৱে ৰাজকোষৰ ধন অবৈধভাবে উলিয়াই নিয়া দালাল বাহিনীক বৈধতা প্রদানৰ বাবে উঠি-পৰি লাগিল। যিয়ে সমস্ত কেলেংকাৰীক জলজল-পটপটকে লোকচক্ষুৰ সন্মুখত উন্মোচিত কৰিলে।

তথ্য জনাৰ অধিকাৰ আইনৰ দ্বাৰা লাভ কৰা তথ্যৰ ভিত্তিত কালি এই বিয়াগোম কেলেংকাৰী উন্মোচন কৰে ৰাইজৰ দলে। দলটোৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনে গুৱাহাটীৰ মুখ্য কার্যালয়ত এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীৰ অধীনৰ লোকনিৰ্মাণ বিভাগত ‘কিকি’ বাহিনী হিচাপে খ্যাত চক্ৰটোৱে চলাই অহা ছিণ্ডিকেটৰ বিস্ফোৰক তথ্য ৰাজহুৱা কৰে। ৰাইজৰ দলৰ সাধাৰণ সম্পাদক চিন্ময় বড়া আৰু কামৰূপ মহানগৰ জিলা সমিতিৰ সভাপতি শংকৰ লস্কৰ উপস্থিত থকা সংবাদমেলত ৰাছেল হুছেইনে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অধীনৰ লোকনির্মাণ বিভাগত অনিয়মেই নিয়ম আৰু ‘কিকি’ বাহিনীৰ ইচ্ছাই সর্বশেষ সিদ্ধান্ত বুলি অভিযোগ উত্থাপন কৰে।

Apply Now

ৰাছেল হুছেইনে কয় যে গীনিজ ৰেকৰ্ডৰ নামত ২০২৩ চনৰ এপ্ৰিলত সৰুসজাইৰ ইন্দিৰা গান্ধী ক্রীড়া প্রকল্পত যি অস্থায়ী পেণ্ডেল, মঞ্চ আদি নিৰ্মাণ কৰা হৈছিল, তাৰ বাবদ ‘বেকডেট’ৰ নিবিদাৰ জৰিয়তে ‘কিকি’ অর্থাৎ ভূপিন্দৰ পাল সিং বাহিনীয়ে ৰাজকোষৰ পৰা মুঠ ১২.৬৮ কোটি টকা উলিয়াই নিয়াৰ নাভূত-নাশ্রুত ঘটনাও ঘটিছে।

উল্লেখযোগ্য যে ২০২৩ চনৰ ১৪ এপ্রিলত সৰুসজাইত অনুষ্ঠিত হৈছিল মেগা বিহু অনুষ্ঠান। গীনিজ বুক অৱ্ ৰেকৰ্ডত অন্তর্ভুক্তিৰ বাবে অনুষ্ঠিত এই বিশাল অনুষ্ঠানত ভাগ লৈছিল প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। কিন্তু আচৰিত হ’বলগীয়া কথাটো হ’ল, ২০২৩ চনৰ ১৪ এপ্ৰিলত অনুষ্ঠিত বিহু অনুষ্ঠানৰ পেণ্ডেল মঞ্চৰ লগতে ৰং দিয়া, ভি ভি আই পি ৰুম আদি নিৰ্মাণৰ বাবে ‘ৱৰ্ক অৰ্ডাৰ’ দিয়া হৈছে ২০২৩ চনৰ ৩০ ছেপ্টেম্বৰত। অর্থাৎ অনুষ্ঠান সম্পন্ন হৈ যোৱাৰ ৫ মাহ ১৭ দিন পাছতহে সেই কামৰ বাবে ‘ৱৰ্ক অৰ্ডাৰ’ ইছ্যু কৰা হৈছে। মন কৰিবলগীয়া কথাটো হ’ল- এই আটাইবোৰ কামৰ ‘ৱৰ্ক অৰ্ডাৰ’ লাভ কৰিছে ‘কিকি’ হিচাপে খ্যাত ভূপিন্দৰ পাল সিং আৰু তেওঁৰ সহযোগীসকলে। তথ্য অনুসৰি এই ভূপিন্দৰ পাল সিঙে নিজৰ আৰু ঘনিষ্ঠ আত্মীয়ৰ নামত চলাই আছে কেইবাখনো ফার্ম। তাৰ ভিতৰত অন্যতম হ’ল ভূপিন্দৰ পাল সিঙৰ এ চি এম ই ইভেন্টছ এণ্ড এক্সপ’, কমলজিৎ সিঙৰ কেপিটেল অভাৰলেইজ আৰু গুৰজাছ সিঙৰ হোৱাইট ড’ৰ ইভেন্ট। এই তিনিটা প্রতিষ্ঠানেই বিহু অনুষ্ঠিত হৈ যোৱাৰ ৫ মাহ পাছত একক নিবিদাকাৰী হিচাপে নিবিদাত অংশ লৈ মুঠ ১২.৬৮ কোটি টকা হস্তগত কৰিছে। ইয়াৰ ভিতৰত কমলজিৎ সিঙৰ কেপিটেল অভাৰলেইজে সর্বাধিক ৮ খন ৱর্ক অৰ্ডাৰ লাভ কৰিছে ২০২৩ চনৰ ৩০ ছেপ্টেম্বৰত। য’ত ১৪ এপ্রিলতেই অনুষ্ঠিত হৈ যোৱা মেগা বিহুৰ অস্থায়ী পেণ্ডেল, কাঠৰ প্লেটফৰ্ম, গ্রাছ কার্পেটিং, ভিউ কাটলাৰ আদিৰ বাবে কেপিটেল অভাৰলেইজক ৯০,৫০,৬১৮ টকাৰ ঠিকা প্ৰদান কৰা হৈছে। সেই একেটা দিনতেই সৰুসজাইত নিৰ্মাণ কৰা ভি ভি আই পি ৰুমৰ ফার্নিচাৰ আৰু প্লাষ্টিকৰ চকী যোগানৰ বাবে কমলজিৎ সিঙক প্রদান কৰা হৈছে আন ২৪,৪৩,৯৭৪ টকাৰ ঠিকা। চকু কপালত উঠিবলগীয়া কথাটো হ’ল ৬ যোৰ ছোফা যোগানৰ বাবদ কমলজিৎ সিঙক প্রদান কৰা হৈছে ১৭,৯০,৬৯২ টকা। এই হিচাপত প্রতিযোৰ ছোফাৰ ভাড়া ২,৯৮,৪৪৮ টকা।

একেদৰে ৫০০ খন প্লাষ্টিকৰ চকীৰ নামত দিয়া হৈছে ৯,৭৩,৭৯০ টকা। একেটা প্রতিষ্ঠানক একেটা দিনত ৫০০ খন প্লাষ্টিকৰ চকীৰ নামত দিয়া হৈছে ৯,৭৩,৭৯০ টকা। একেটা প্রতিষ্ঠানক একেটা দিনত প্লাষ্টিকৰ চকীৰ ৰং কৰিবলৈ প্ৰদান কৰা হ’ল ৩৮,৭৪,৩০৯ টকাৰ ৱৰ্ক অৰ্ডাৰ। কমলজিৎ সিঙৰ কেপিটেল অভাৰলেইজেই ৪ ৰ পৰা ১১, ১১ ৰ পৰা ১৬ আৰু ১৬ ৰ পৰা ২৩ নং গেলাৰীত ৰং দিয়াৰ বাবে লাভ কৰিছে ৭০,২৩,৩৬৭ টকা, গেলাৰী ২৩ ৰ পৰা ৪ লৈ ৰং দিয়াৰ নামত ৭৪,৪৫,১০০ টকা, ফ্ল’ৰ পেইন্টিঙৰ নামত ৮৩,১৯,২২৩ টকা, দক্ষিণৰ পৰা পশ্চিমলৈ গেলাৰীৰ বাহিৰত ৰং দিয়াৰ নামত ৭৫,৭৯,১৭৪ টকা আৰু উত্তৰৰ পৰা পূবলৈ গেলাৰীৰ বাহিৰত ৰং দিয়াৰ নামত আন ৭৫,৭৯,১৭৪ টকাৰ ঠিকা লাভ কৰিছে। ইয়াৰ পাছতেই ‘কিকি’ বাহিনীৰ ছীফ ভূপিন্দৰ সিং পালৰ এ চি এম ই ইভেন্টছ এণ্ড এক্সপ’ৰে ৬ টা ৱৰ্ক অৰ্ডাৰ লাভ কৰিছে। ২০২৩ চনৰ ৩০ ছেপ্টেম্বৰৰ দিনটোতেই ভূপিন্দৰ পাল সিঙৰ নিজৰ নামত থকা প্রতিষ্ঠানটোৱে অস্থায়ী মঞ্চ, অস্থায়ী টয়লেট আৰু অতিথি বহাৰ ব্যৱস্থা কৰাৰ নামত ৯৬,৯৯,০৮৩ টকাৰ, কাঠৰ ফ্ল’ৰিং, বেড কার্পেট পৰাৰ নামত ৯৮,৪৭,১০৮ টকাৰ, দুটা ডাইনিং হল, দুটা পাকঘৰ নিৰ্মাণৰ নামত ৭৪,৮৭,৪৯৪ টকাৰ, তিনিটা সুকীয়া ডাইনিং হলৰ নামত ৮৭,৬৭,৪০৬ টকাৰ আৰু সৰুসজাই স্টেডিয়ামৰ মেৰামতিৰ নামত ৭২,৯৮,৯২১ টকাৰ ৱৰ্ক অৰ্ডাৰ লাভ কৰিছে। এই সকলো বুৰ্ক অৰ্ডাৰৰ উপৰি ষ্টেডিয়াম শক্তিশালীকৰণ আৰু মেৰামতিৰ নামত ২,৩৪,৪১,৮২৫ টকাৰ আন এক ৱৰ্ক অর্ডাৰো ভূপিন্দৰ পাল সিঙে লাভ কৰিছে।

২০২৩ ৰ ১৪ এপ্রিলত অনুষ্ঠিত হৈ যোৱা বিহুৰ অনুষ্ঠানত কাঠৰ ফ্ল’ৰিঙৰ বাবে ৯৬,৬১,৯৯৫ টকাৰ আৰু বেড কার্পেটৰ নামত ২০,৪৫,৮৬২ টকাৰ নিবিদা দাখিল কৰিছিল ভূপিন্দৰ পাল সিঙে। এই ‘কিকি’ অর্থাৎ ভূপিন্দৰ পাল সিঙৰ আন এগৰাকী সহযোগী গুৰজাছ সিঙৰ হোৱাইট ড’ৰ ইভেন্টছে সৰুসজাই ষ্টেডিয়ামৰ শক্তিশালীকৰণ আৰু মেৰামতিৰ বাবদ ৭০,২০,৬৮০ টকাৰ ৱৰ্ক অৰ্ডাৰ লাভ কৰিছে। এক কথাত ক’লৈ গ’লে ২০২৩ চনৰ ১৪ এপ্ৰিলত অনুষ্ঠিত হৈ যোৱা মেগা বিহু অনুষ্ঠানৰ পেণ্ডেল, মঞ্চ, মেৰামতি, পেইন্টিং আদিৰ ঠিকা ‘কিকি’ বাহিনীক প্ৰদান কৰা হৈছে ২০২৩ চনৰ ৩০ ছেপ্টেম্বৰত। ৱৰ্ক অৰ্ডাৰৰ প্ৰতিলিপি অনুসৰি অনৈতিকভাবে অনুষ্ঠান সম্পন্ন হৈ যোৱাৰ ৫ মাহ ১৭ দিন পাছত ভূপিন্দৰ পাল সিঙে ৪,৩১,০০,০১২ টকাৰ, তেওঁৰ আত্মীয় কমলজিৎ সিঙে ৭,৬৭,৫৬,৭৬৪ টকাৰ আৰু তেওঁৰেই সহযোগী গুৰজাছ সিঙে ৭০,২০,৮৬০ টকাৰ ৱৰ্ক অৰ্ডাৰ লাভ কৰিছে। ‘কিকি’ৰ নামত বা বেনামত থকা এই আটাইকেইটা প্ৰতিষ্ঠানৰ ঠিকনা এটাই- হাউছ নং-১১৯, গোপীনাথ নগৰ, পল্টনবজাৰ, গুৱাহাটী-৭৮১০১৬। অর্থাৎ, গোপীনাথ নগৰৰ এই হাউছ নং-১১৯ ৰ পৰাই যে অসমৰ টেন্ট হাউছৰ সমগ্র ঠিকা নিয়ন্ত্রণ হৈ আছে, সেয়া স্পষ্ট হৈ পৰিছে।

সংবাদমেলৰ শেষত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠৰূপে পৰিচিত ভূপিন্দৰ পাল সিং বাহিনীৰ এই দৌৰাত্ম্যৰ তদন্ত কৰিব পাৰিবনে বুলি প্রশ্ন উত্থাপন কৰে ৰাইজৰ দলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হালেণ্ডৰ আধিপত্য, নেইমাৰৰ স্বপ্নভংগ! বিশ্বকাপৰ পৰা বিদায় ব্ৰাজিলৰ; ইতিহাস ৰচি কোৱাৰ্টাৰ ফাইনেলত নৰৱে

হালেণ্ডৰ আধিপত্য, নেইমাৰৰ স্বপ্নভংগ! বিশ্বকাপৰ পৰা বিদায় ব্ৰাজিলৰ; ইতিহাস ৰচি কোৱাৰ্টাৰ ফাইনেলত নৰৱে

July 6, 2026 7:48 am
গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

July 5, 2026 6:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হালেণ্ডৰ আধিপত্য, নেইমাৰৰ স্বপ্নভংগ! বিশ্বকাপৰ পৰা বিদায় ব্ৰাজিলৰ; ইতিহাস ৰচি কোৱাৰ্টাৰ ফাইনেলত নৰৱে

হালেণ্ডৰ আধিপত্য, নেইমাৰৰ স্বপ্নভংগ! বিশ্বকাপৰ পৰা বিদায় ব্ৰাজিলৰ; ইতিহাস ৰচি কোৱাৰ্টাৰ ফাইনেলত নৰৱে

July 6, 2026 7:48 am
গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd