ভাৰতৰ খাদ্যৰসিক সকলৰ মাজত বহুল জনপ্ৰিয় এবিধ লঘূ খাদ্য হৈছে চিংৰা। এই চিংৰা নাবালকৰ পৰা বুঢ়া-মেথালৈকে সকলোৰে পচন্দৰ। এই চিংৰাৰ সোৱাদ লোৱাৰ মানসেৰেই অনলাইনত চিংৰা অৰ্ডাৰ দি মূৰে কপালে হাত দিবলগীয়া হৈছে এগৰাকী চিকিৎসকে।
অনলাইনত ২৫ প্লেট চিংৰা অৰ্ডাৰ দি চিকিৎসকগৰাকীয়ে বেংক একাউন্টৰ পৰা হেৰুৱাইছে ১.৪০ লাখ টকা। এই ঘটনা সংঘটিত হৈছে মুম্বাইত। মায়ানগৰী মুম্বাইৰ কে ই এম হাস্পতালৰ এগৰাকী ২৭ বৰ্ষীয় চিকিৎসক সন্মুখীন হৈছে এই অভাৱনীয় লুণ্ঠনৰ।
প্ৰকাশিত খবৰ অনুসৰি, শনিবাৰে চিকিৎসকগৰাকীয়ে তেওঁৰ কিছু সতীৰ্থৰ সৈতে কাৰ্জাত অঞ্চলত পিকনিকৰ পৰিকল্পনা কৰিছিল আৰু এই যাত্ৰাত চিংৰাৰ স্বাদ লোৱাৰ মানসেৰে পুৱা ৮.৩০ বজাত ছিয়ন চহৰৰ এখন জনপ্ৰিয় হোটেলৰ পৰা অৰ্ডাৰ দিছিল ২৫ প্লেট চিংৰা।
অনলাইনত জনপ্ৰিয় হোটেলখনৰ মোবাইল নম্বৰ সংগ্ৰহ কৰি তেওঁ চিংৰাৰ অৰ্ডাৰ দিছিল। আনহাতে এই ফোনকল গ্ৰহণ কৰাগৰাকীয়ে ফোনতে চিকিৎসকগৰাকীক চিংৰাৰ বিনিময়ত আগতীয়াকৈ ১৫০০ টকা পৰিশোধ কৰিবলৈ কয়।
ইয়াৰ পিছতে চিকিৎসকগৰাকীয়ে হোৱাটছএপত এটা মেছেজ লাভ কৰে। মেছেজটোত তেওঁক অৰ্ডাৰ চিশ্চিতকৰণৰ লগতে অনলাইনত টকা পৰিশোধৰ বাবে বেংক একাউণ্ট নম্বৰো দিয়া হয় আৰু চিকিৎসকগৰাকীয়েও লগে লগে সেই একাউণ্টত ১৫০০ টকা পৰিশোধ কৰে।
ইফালে এই টকা পৰিশোধৰ সময়তে পুনৰ আন এক ফোনকল যোগে হোটেলৰ পৰিচয়েৰে এগৰাকী ব্যক্তিয়ে টকা পৰিশোধৰ বাবে চিকিৎসকগৰাকীক এটা ট্ৰেন্সজেকচন আইডি তৈয়াৰ কৰিব লাগিব বুলি জনায়।
ব্যক্তিগৰাকীৰ নিৰ্দেশনা অনুসৰি ট্ৰেন্সজেকচন আইডি তৈয়াৰ সময়তে তেওঁ প্ৰথমে ২৮,৮০৭ টকা আৰু পৰৱৰ্তী সময়ত সৰ্বমুঠ ১.৪০ লাখ টকা একাউণ্টৰ পৰা হৰলুকি হোৱা বুলি জানিব পাৰে।
এই প্ৰতাৰণাৰ পিছতে তেওঁ লগে লগে স্থানীয় আৰক্ষীৰ কাষ চাপি অভিযোগ দাখিল কৰে। এই অভিযোগ অনুসৰি ভাৰতীয় দণ্ডবিধি আৰু তথ্য প্ৰযুক্তি আইনৰ নিৰ্দিষ্ট ধাৰাৰ অধীনত এক গোচৰ ৰুজু কৰা হৈছে বুলি স্থানীয় এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।