মুম্বাইৰ চিকিৎসালয়ত ম’বাইল টৰ্চৰ পোহৰত প্ৰসূতিয়ে কৰিলে প্ৰসৱ! মাতৃ আৰু শিশুৰ মৃত্যু

মুম্বাইৰ এখন চিকিৎসালয়ত চিকিৎসকে চেলফোনৰ টৰ্চ ব্যৱহাৰ কৰি চিজাৰিয়ান প্ৰসৱ কৰাৰ পাছতে এগৰাকী প্ৰসূতি আৰু তেওঁৰ কেঁচুৱাটোৰ মৃত্যু হয়।এনডিটিভিৰ প্রতিবেদনৰ মতে, এই ঘটনা সংঘটিত হৈছে ভাৰতৰ আটাইতকৈ ধনী নাগৰিক সংস্থা– বৃহনমুম্বাই পৌৰ নিগম (বিএমচি)ৰ দ্বাৰা পৰিচালিত এখন চিকিৎসালয়ত৷

উল্লেখযোগ্য যে বিএমচি দেশৰ অন্যতম বৃহৎ পৌৰসভা সংস্থা আৰু ইয়াৰ বাজেট ৫২ হাজাৰ কোটিতকৈও অধিক। ইয়াত স্বাস্থ্যৰ বাবে আবণ্টিত ধনৰাশি ১২ শতাংশ বা ৬,২৫০ কোটি টকা।

খবৰ অনুসৰি খুছৰুদ্দিন আনছাৰী নামৰ এজন বিশেষভাৱে সক্ষম লোকে নিজৰ ২৬ বছৰীয়া পত্নী সাহিদুনক প্ৰসৱৰ বাবে সুষমা স্বৰাজ প্ৰসূতি গৃহত ভৰ্তি কৰিছিল। পৰিয়ালটোৰ অভিযোগ যে সোমবাৰে প্ৰসূতিগৃহত বিদ্যুৎ বন্ধ হৈ যোৱাৰ লগতে তিনি ঘণ্টা ধৰি জেনেৰেটৰ ষ্টাৰ্ট নকৰাৰ অভিযোগ উত্থাপন হৈছে।লগতে তেওঁ দাবী কৰে যে মাতৃ আৰু সন্তান হেৰুৱাৰ পিছতো আন্ধাৰতে আন এটা প্ৰসৱ কৰা হৈছিল।

কেইবাদিনো ধৰি চিকিৎসালয়ৰ বাহিৰত পৰিয়ালৰ লোকে প্ৰতিবাদ সাব্যস্ত কৰি অৱশেষত তদন্তৰ নিৰ্দেশ দিছে বৃহনমুম্বাই পৌৰ নিগমে৷ইফালে অমৰ উজালাৰ প্ৰতিবেদন অনুসৰি ৰাষ্ট্ৰীয় মহিলা আয়োগে তদন্তৰ দাবী জনাইছে।

নেশ্যনেল কমিছন ফৰ উইমেনে কয়, ‘এন চি ডব্লিউ এই কাণ্ডত স্তম্ভিত হৈ পৰিছে য’ত চিকিৎসালয়ত এগৰাকী মাতৃ আৰু সন্তানে প্ৰাণ হেৰুৱাইছে। বিদ্যুতসেৱা বিকল হোৱাৰ বাবে ফোনৰ লাইটেৰে ডেলিভাৰী দিয়াটো চিন্তাৰ বিষয়। দেশৰ বিত্তীয় ৰাজধানীত এই ঘটনা সংঘটিত হোৱাটোৱে ৰাজ্যৰ স্বাস্থ্য সুবিধাসমূহৰ গুৰুতৰ সমস্যা পৰিস্ফুট কৰি তুলিছে। এই বিষয়ে তৎকালীনভাৱে মনোযোগ দিয়াৰ প্ৰয়োজন।’ আয়োগে এই বিষয়টোৰ ওপৰত পুংখানুপুংখ তদন্তৰ আহ্বান জনাইছে।